বিস্ফোৰণত কঁপি উঠিল যোৰহাট চহৰ । কোনোৱে ধৰিবই পৰা নাছিল এই বিস্ফোৰণ উৎস। সকলোৰে মাজত লাগিল হুৱাদুৱা । যোৰহাটবাসী আতংকিত হৈ পৰে । এনে এক পৰিস্থিতিৰ মাজতেই চহৰৰ মাজমজিয়াস্থিত ৰজামৈদাম নিউ কল’নীত বিচাৰি পালে ঘটনাৰ উৎস।

শনিবাৰে যোৰহাটত প্ৰচণ্ড শব্দৰে হোৱা বিস্ফোৰণত দুজনৰ মৃত্যু হয় । এই ঘটনাত গুৰুতৰভাৱে আহত হৈছে দুটি শিশু । যোৰহাটৰ মাজমজিয়াস্থিত ৰজামৈদাম নিউ কল’নীৰ জনৈক আনছাৰী মালিকাধীন এটা ভাৰাঘৰত দিনৰ প্ৰায় ৩.৩০ বজাত শুনিবলৈ পোৱা গ’ল প্ৰচণ্ড বিস্ফোৰণৰ শব্দ।

এই বিস্ফোৰণত ভাৰাতীয়া হিচাপে থকা নগাঁৱৰ নুৰ মহম্মদ নামৰ এজন লোকে ঘটনাস্থলীতে মৃত্যুক আকোৱালি লয় । আনহাতে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয় ইকবাল আহমেদ নামৰ এটি আঠ বছৰীয়া শিশুৰ। লগতে দুটি কণমানি গুৰুতৰভাৱে আহত হয় । আহত দুই শিশু বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে । দুয়োটি শিশুৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।আনহাতে ডেম্পৰ বাবে অনা সন্দেহজনক ৰাসায়নিক দ্ৰব্য় সংমিশ্ৰিত হৈ থকা সামগ্ৰী সৰু সৰুকৈ কাটি থকা সময়তে প্ৰচণ্ড জোৰেৰে এই বিস্ফোৰণটো ঘটে বুলি মন্তব্য় কৰিছে স্থানীয় ৰাইজে । উক্ত বিস্ফোৰণৰ ফলত নুৰ মহম্মদ বহু দুৰলৈকে ছিটিকি পৰে আৰু ক্ষন্তেক সময়ৰ ভিতৰতে তেওঁ মৃত্যুক আকোৱালি লয় ।

এই সন্দৰ্ভত এজন স্থানীয় ব্য়ক্তিয়ে কয়, “ঘটনাটো কেনেকৈ সংঘটিত হৈছে নাজানো । ঘৰত বহি থকা সময়তেই প্ৰায় ৩.৩০ বজাত প্ৰচণ্ড শব্দ শুনিবলৈ পালো । আমি ইয়ালৈ আহি প্ৰথমতে চিলিণ্ডাৰ বিস্ফোৰণ হোৱা বুলি ভাবিছিলো ।”

ইতিমধ্যে ঘটনাস্থলীত যোৰহাট জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ লগতে শীৰ্ষ পৰ্যায়ৰ আৰক্ষীৰ লোক উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । আনহাতে ঘটনাস্থলীত উপস্থিত হৈছে ফৰেনচিক দল । ঘটনাৰ উৎস বিচাৰি দলটোৱে ইতিমধ্যে অনুসন্ধান আৰম্ভ কৰিছে । নিৰ্বাচনৰ প্ৰাকক্ষণত যোৰহাটত সংঘটিত এই বিস্ফোৰণে আৰক্ষী প্ৰশাসনত তীব্ৰ খলকনি সৃষ্টি কৰিছে। বিস্ফোৰণ সংঘটিত হোৱা অঞ্চলটো অতিকৈ ঘন জনবসতিপূৰ্ণ ।

Leave a Reply

Your email address will not be published. Required fields are marked *