বিজেপিৰ পাল্লাত পৰি অগপ , UPPL অৱস্থা নিঃশেষ

অসমৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দলে মিত্রতাৰ দিশে অগ্ৰসৰ হৈছে । আসন বুজাবুজি প্ৰায় হৈছে যদিও কিছু বুজাবুজি বাকী আছে । ফেব্ৰুৱাৰী মাহৰ শেষৰফালে নিৰ্বাচনকেন্দ্ৰিক ছবিখন স্পষ্ট হ’ব । ইয়াৰ বিপৰীতে বিৰোধীক ডিঙিৰ শিৰ ফুলাই সমালোচনা কৰা অসম গণ পৰিষদৰ অৱস্থা শোচনীয়। শাসকীয় দল বিজেপিয়ে নিৰ্বাচনৰ বাবে পূৰ্ণোদ্যমে সাজু হৈছে যদিও মিত্রদলৰে আসন বুজাবুজি সন্দৰ্ভত এতিয়াও সিদ্ধান্ত চূড়ান্ত হোৱা নাই । বিশেষকৈ আসন বুজাবুজি ঠিক নোহোৱাৰ ফলত মিত্রদল অগপৰ নেতৃত্ব যথেষ্ট অস্বস্তিত আছে । কাৰণ টিকট প্ৰত্যাশী আৰু তৃণমূলৰ নেতা-কৰ্মীৰ আশা-আকাংক্ষাৰ বিপৰীতে আসন লাভ নকৰিলে অগপৰ নেতৃত্বই যথেষ্ট কঠিন পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব । ইতিমধ্যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মায়ো স্পষ্ট কৰি দিছে যে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰে অগপই যিমান ইচ্ছা সিমান সমষ্টিতে প্ৰাৰ্থী দিব পাৰিব । কিন্তু মুখ্যমন্ত্রীৰ বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ পক্ষত নাই অগপৰ সভাপতি অতুল বৰা । এইবাৰৰ নিৰ্বাচনত অগপই ভবা ধৰণে আসন লাভ নকৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে । ইতিমধ্যে মুখ্যমন্ত্রীয়ে বহুকেইটা সমষ্টিত বিজেপিৰ নিজা প্ৰাৰ্থী দিয়াৰ কথা স্পষ্ট কৰি দিছে । বিজেপিৰ এনে আগ্রাসী মনোভাৱত শংকিত হৈ পৰিছে অগপৰ নেতৃত্ব । বৰ্তমান পৰিস্থিতিত অগপই পূৰ্বতকৈ অধিক সমষ্টি লাভ কৰাটো দূৰৈৰ কথা, বৰ্তমান দলটোৰ দখলত থকা সমষ্টিও বিজেপিয়ে নিজৰ অধীনলৈ অনাৰ বাবে উঠি-পৰি লাগিছে ।লক্ষণীয় বিষয় যে ২০২১ ৰ নিৰ্বাচনত বিজেপিয়ে অগপক ২৯ খন আসন এৰি দিছিল আৰু ছয়খন আসনত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হৈছিল । তাৰ বিপৰীতে অগপই ৯ খন আসনত জয়ী হৈছিল ।বিধায়ক থকা অগপৰ সমষ্টিত চকু বিজেপিৰ।এইবাৰৰ নিৰ্বাচনত মিত্রতাত থাকি অৱতীৰ্ণ হ’লেও বিজেপিয়ে অকলে সংখ্যাগৰিষ্ঠতা লাভ লক্ষ্যৰে সমীকৰণ কৰিছে । যাৰ বাবে মিত্রদলৰ দখলত থকা সমষ্টিটো চকু দিছে গেৰুৱা দলটোৱে । এইবাৰ উজনিত নিজৰ আধিপত্য বিস্তাৰৰ বাবে ৰণকৌশল প্রস্তুত কৰা বিজেপিয়ে । বিধানসভা নিৰ্বাচনত অগপক উজনিত মাত্র দুইৰ পৰা চাৰিটা সমষ্টি দি বাকী সমষ্টিসমূহ সংখ্যালঘু এলেকাত দিয়াৰ বাবে বিজেপিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে ।অগপৰ কোন কোন সমষ্টিক লক্ষ্য কৰি লৈছে বিজেপিয়ে ?সমষ্টি পুনৰ গঠনৰ পাছত পশ্চিম গুৱাহাটী সমষ্টিটোৰ নাম সলনি কৰি চেণ্ট্ৰেল গুৱাহাটী কৰাৰ লগতে কামৰূপ মহানগৰ জিলাত ডিমৰীয়া নামৰ এটা নতুন সমষ্টি গঠন হৈছিল । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত হোৱা চেণ্ট্ৰেল গুৱাহাটী সমষ্টি তথা পূৰ্বৰ পশ্চিম গুৱাহাটী সমষ্টিটো অগপৰ দখলত আছে, যদিও বিজেপিয়ে উক্ত সমষ্টিটোৰ পৰিৱৰ্তে ডিমৰীয়া সমষ্টিটোহে অগপক এৰি দিয়াৰ সম্ভাৱনা আছে । ডিমৰীয়া সমষ্টিটো অনুসূচীত জাতিৰ বাবে সংৰক্ষিত । ইয়াৰ ফলত পশ্চিম গুৱাহাটী সমষ্টিৰ অগপৰ বৰ্তমানৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰাৰ আশংকাই দেখা দিছে ।ইফালে দেৰগাঁও সমষ্টিৰ অগপৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীৰো ৰাজনৈতিক জীৱনলৈ সংকট নামি আহিছে । সমষ্টিটোত এইবাৰ বিজেপিয়ে প্রার্থী থিয় কৰাব বুলি খোদ মুখ্যমন্ত্ৰীয়েই ইংগিত দিছে । সেইদৰে তেজপুৰ সমষ্টিটোৰ অগপৰ বিধায়ক পৃথ্বীৰাজ ৰাভায়ো এইবাৰ সমষ্টি হেৰুওৱাৰ সম্ভাৱনা আছে । বিজেপিয়ে উক্ত সমষ্টিটো দখলৰ বাবে পূর্ণ প্রস্তুতি চলাইছে । এই কথা জানিব পাৰি কিছুদিনৰ পৰা পৃথ্বীৰাজ ৰাভাই আৰ এছ এছৰ সমৰ্থনত কথা ক’বলৈ আৰম্ভ কৰিছে যদিও সমষ্টিটোক লৈ বিজেপি আঁকোৰগোজ হৈ আছে । অৱশ্যে এই সমষ্টিটো নিজৰ হাতলৈ নি বিজেপিয়ে উত্তৰপাৰৰ বৰছলা সমষ্টিটো অগপক এৰি দিব পাৰে ।আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত বিলুপ্ত হৈছে অগপৰ দখলত থকা আমগুৰি সমষ্টিটো । ইয়াৰ ফলত কেইবাবাৰো আমগুৰি সমষ্টিক প্ৰতিনিধিত্ব কৰা অগপৰ বিধায়ক প্ৰদীপ হাজৰিকা এইবাৰ সমষ্টিবিহীন হৈ পৰিছে । ক’বলৈ গ’লে প্ৰদীপ হাজৰিকাৰ ৰাজনৈতিক জীৱনৰ প্ৰতিও অন্ধকাৰ নামি আহিছে । ইফালে প্রয়াত অগপৰ নেতা ললিত ৰাজখোৱাৰ পত্নী ৰেণুপমা ৰাজখোৱাই প্ৰতিনিধিত্ব কৰি থকা টীয়ক সমষ্টিও নিজৰ হাতলৈ অনাৰ বাবে বিজেপিয়ে ৰণনীতি প্ৰস্তুত কৰিছে । অগপ নেত্রী ৰেণুপমা ৰাজখোৱাৰ অসুস্থতাৰ সুযোগ লৈ বিজেপিয়ে এইবাৰ টীয়কত নিজা প্ৰাৰ্থী থিয় কৰোৱাৰ পূৰ্ণ প্ৰস্তুতি চলাইছে ।সেইদৰে সমষ্টি পুনৰ নিৰ্ধাৰণত লাহোৱাল সমষ্টিটো বিলুপ্ত কৰি চাবুৱাৰ সৈতে সংলগ্ন কৰি সমষ্টিটোৰ নতুন নাম দিয়া হৈছে চাবুৱা-লাহোৱাল । উক্ত সমষ্টিটোক লৈ অনিশ্চিয়তা অব্যাহত আছে যদিও শেষ সময়ত সমষ্টিটো বিজেপিয়ে অগপক এৰি দিয়াৰ সম্ভাৱনা আছে ।লক্ষণীয় বিষয় যে অগপৰ দুৰ্গ হিচাপে পৰিচিত বঙাইগাঁও সমষ্টিটোত এইবাৰ চকু দিছে বিজেপিয়ে । অগপৰ সাংসদ ফণীভূষণ চৌধুৰীৰ পত্নী দীপ্তিময়ী চৌধুৰীয়ে প্ৰতিনিধিত্ব কৰি থকাৰ পাছতো বিজেপিয়ে বঙাইগাঁও সমষ্টিটো নিজৰ দখললৈ আনি ইয়াৰ পৰিৱৰ্তে অভয়াপুৰী সমষ্টিটো অগপক এৰি দিব খুজিছে । কিন্তু সাংসদ ফণীভূষণ চৌধুৰীয়ে নিজৰ প্ৰসিদ্ধি থকা বঙাইগাঁও সমষ্টিটো এৰি দিয়াৰ সম্ভাৱনা নাই । এইখিনিতে চৰ্চালৈ অহা এটা বিষয় হৈছে যে সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপিয়ে হয়টো বহু আগৰে পৰাই ৰণকৌশল প্ৰস্তুত কৰিছিল । যাৰ বাবেই হয়টো বঙাইগাঁও সমষ্টিত একপ্ৰকাৰ খোপনি পোতা অগপৰ ফণীভূষণ চৌধুৰীক লোকসভা নিৰ্বাচনৰ সময়ত সাংসদ হিচাপে সমষ্টিটোৰ পৰা আঁতৰ কৰোৱা হৈছিল । অন্যথা এই বিধানসভা নিৰ্বাচনত তেওঁক আঁতৰ কৰাটো বিজেপিৰ বাবে অসম্ভৱ হ’লহেতেন । যাৰ বাবে হয়টো আগতীয়াকৈ ৰাস্তা মুকলি কৰি ৰাখিছিল ।বৰ্তমান অগপৰ বিধায়কৰ সংখ্যা হৈছে মাত্র ৯ গৰাকী । কিন্তু বিজেপিৰ এনে আগ্রাসী ৰাজনৈতিক মনোভাবে এতিয়া দলটোৰ মাজত জোকাৰণিৰ সৃষ্টি কৰিছে । মিত্ৰতাৰ নামত কিমান আসন পাব, তাক লৈ এতিয়া অগপত ব্যাপক চৰ্চা চলিছে । এটা সময় আছিল যেতিয়া অগপ বিজেপিৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ আছিল । কিন্তু লাহে লাহে বিজেপিৰ শক্তি বৃদ্ধি পোৱাত অগপক একপ্ৰকাৰ গুৰুত্বহীন হৈ পৰিল । এতিয়া আনকি বিজেপিয়ে অগপক বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰাৰো অফাৰ দিছে । বিজেপিৰ এনে আগ্ৰাসী মানসিকতাক লৈ ক্ষোভিত হৈ পৰিছে অগপৰ তৃণমূলৰ নেতা-কর্মীসকল । সকলো চকুৰ সন্মুখত নিঃশেষ হোৱা দেখিও কিয় মাত মাতিব নোৱাৰে প্ৰমোদ বড়ো , অতুল বৰা আৰু কেশৱ মহন্ত পৰৱৰ্তী প্ৰতিবেদনত স্পষ্টতাৰে প্ৰকাশ পাব তথ্য ।

.

Leave a Reply

Your email address will not be published. Required fields are marked *