অসমৰ একমাত্ৰ ৰামচৰ ক্ষেত্ৰ (Ramsar Site) আৰু গুৱাহাটীৰ কলিজা স্বৰূপ দীপৰ বিল আজি এক গভীৰ সংকটৰ মুখত। যিখন বিলক লৈ আমি গৌৰৱ কৰোঁ, সেই বিলখন আজি চৰকাৰী অৱহেলা আৰু তথাকথিত উন্নয়নৰ যুঁজত ধীৰে ধীৰে মৃত্যুৰ দিশে অগ্ৰসৰ হৈছে।

১. বৰাগাঁৱৰ জাবৰৰ পাহাৰ:

চৰকাৰৰ ঐতিহাসিক ভুল​বিগত প্ৰায় দুই দশক ধৰি গুৱাহাটী পৌৰনিগমে বিলৰ একেবাৰে কাষৰ বৰাগাঁৱত সমগ্ৰ চহৰৰ জাবৰ পেলাই আহিছে। যদিও শেহতীয়াকৈ ইয়াক বন্ধ কৰা হৈছে, কিন্তু সেই জাবৰৰ পাহাৰৰ পৰা নিগৰি অহা বিষাক্ত কেমিকেল আজিও বিলৰ পানীত মিহলি হৈ আছে।

চৰকাৰী বিফলতা: ৰাষ্ট্ৰীয় হৰিৎ ন্যায়াধিকৰণৰ (NGT) বাৰম্বাৰ চাবুক খোৱাৰ পিছতো চৰকাৰে কোনো বৈজ্ঞানিক পেলনীয়া ব্যৱস্থাপনা গঢ়ি তুলিব নোৱাৰিলে।

২. ৰেলপথৰ সম্প্ৰসাৰণ:

বন্যপ্ৰাণীৰ বাবে মৃত্যুফান্দ​উত্তৰ-পূব সীমান্ত ৰেলৱেই দীপৰ বিলৰ মাজেৰে ৰেলপথটো দুটা কৰাৰ যি পৰিকল্পনা কৰিছে, সেয়া বিলখনৰ জৈৱ-বৈচিত্ৰ্যৰ বাবে চৰম ভাবুকি।​

চৰকাৰৰ ত্ৰুটি: বিশেষজ্ঞসকলে ৰেলপথটো বিলৰ দক্ষিণ দিশেৰে নিয়াৰ (Realignment) পৰামৰ্শ দিছিল, যাতে হাতীৰ কৰিডৰ সুৰক্ষিত থাকে। কিন্তু চৰকাৰে ইয়াক গুৰুত্ব নিদি একেটা পথতে কাম চলাই নিবলৈ অনুমতি দিয়াটো এক ডাঙৰ ৰাজনৈতিক আৰু প্ৰশাসনিক বিফলতা হিচাপে বিবেচিত হৈছে।

৩. পানী নহয়, নলাৰ আৱৰ্জনাৰ ভঁৰাল:

​গুৱাহাটীৰ প্ৰায় সকলোবোৰ নলাৰ দূষিত পানী পোনপটীয়াকৈ দীপৰ বিললৈ এৰি দিয়া হয়। স্মাৰ্ট চিটিৰ কথা কোৱা চৰকাৰখনে আজিও এই পানী শোধন কৰাৰ বাবে কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰিলে। ইয়াৰ ফলত বিলৰ মাছ আৰু জলচৰ প্ৰাণীসমূহ ধ্বংস হৈ পৰিছে।

​৪. ইকো-চেন্সিয়েটিভ জ’ন নে ভূমি দখলৰ সুযোগ?​শেহতীয়াকৈ চৰকাৰে দীপৰ বিলৰ চাৰিওকাষে যি ‘ইকো-চেন্সিয়েটিভ জ’ন’ ঘোষণা কৰিছে, তাক লৈ ৰাইজৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে। অভিযোগ উঠিছে যে ডাঙৰ নিৰ্মাণ কাৰ্য আৰু উদ্যোগৰ বাবে বিশেষ কিছুমান ঠাই চৰকাৰে এই জ’নৰ পৰা বাদ দিছে।

​”উন্নয়ন আমাক লাগে, কিন্তু সেয়া প্ৰকৃতিৰ মৃত্যুৰ বিনিময়ত নেকি? দীপৰ বিল ধ্বংস হ’লে গুৱাহাটী মহানগৰী কৃত্রিম বানৰ পৰা ৰক্ষা পৰিবনে? চৰকাৰে কেৱল নিৰ্মাণ কাৰ্যতে গুৰুত্ব দিব নে বিলখন পুনৰ জীৱন্ত কৰি তুলিবলৈ সদিচ্ছা দেখুৱাব?”

Leave a Reply

Your email address will not be published. Required fields are marked *