ৰাজ্যত এতিয়া বিধানসভা নিৰ্বাচনৰ ব্যস্ত পৰিৱেশ। নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ৰাজনৈতিক পৰিৱেশ গৰম হৈ পৰিছে । সকলো ৰাজনৈতিক দলেই এতিয়া সমাগত বিধানসভা নিৰ্বাচনকলৈ ব্যস্ত।

শাসক-বিৰোধী উভয়ে নিজৰ নিজৰ এজেণ্ডা লৈ নিৰ্বাচনী ৰণত অৱতীৰ্ণ হৈছে; কিন্তু নির্বাচন চমু চাপি আহিলেও শাসক আৰু বিৰোধী উভয় মিত্ৰজোঁটতে আসন বিতৰণক লৈ জটিলতা এতিয়াও অব্যাহত আছে । বৰং নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এই জটিলতা অধিক তীব্ৰতৰ হৈ পৰিছে।

বিৰোধী যিদৰে ঐক্যবদ্ধ হ’ব পৰা নাই সেইদৰে শাসক পক্ষৰ মাজতো আসন বুজাবুজিকলৈ থকা জটিলতা দূৰ হোৱা নাই । বিশেষকৈ বিজেপি আৰু অগপৰ মাজত আসন বুজাবুজি এতিয়াও নিমিলা অংক হৈ আছে।

লক্ষ্য়ণীয় বিষয় যে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই দাবী কৰি আহিছে যে তেওঁলোকৰ মাজত কোনো সমস্যা নাই আৰু আধাঘণ্টা আলোচনাত বহিলেই সকলো সমাধান হৈ যাব; কিন্তু তেনে দাবীৰ বিপৰীতে আসন বুজাবুজিৰ বিষয়টো জটিল হৈ থকাৰ পৰিপ্ৰেক্ষিতত দুয়োটা দলৰ নেতৃবৃন্দৰ মাজত এতিয়ালৈকে আনুষ্ঠানিক আলোচনাই হোৱা নাই বুলি চৰ্চিত হৈছে । অৱশ্যে এই কথা অগপৰ সভাপতি অতুল বৰায়ো স্বীকাৰ কৰিছে।আসন বুজাবুজি সন্দৰ্ভত এদিন পূৰ্বে অগপ সভাপতি অতুল বৰাই সংবাদ মাধ্যমৰ আগত কয়, “আমাৰ ছাৰ্ভে চলি আছে আৰু ছাৰ্ভে বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ওলায় । জিকাৰ সম্ভাৱনা থকা সমষ্টিবোৰৰ কথা আমি ভাবিম । বিজেপিৰে আমাৰ অনানুষ্ঠানিক আলোচনা হৈছে যদিও আনুষ্ঠানিক আলোচনা হোৱা নাই । যাৰ বাবে আমি কেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিম সেই কথা এতিয়াও খাটাংকৈ ক’ব পৰ‍া নাই।

“কেইখন আসনত নিৰ্বাচন খেলিব অগপই:

উল্লেখ্য যে নিৰ্বাচনলৈ আৰু বেছি দিন নাই; কিন্তু তেনেস্থলটো অগপৰ সভাপতিগৰাকীয়ে কেইখন আসনত নিৰ্বাচন খেলিব সেই কথা এতিয়াও ক’ব পৰ‍া নাই । সভাপতিগৰাকীয়ে পূৰ্বৰ নিৰ্বাচনৰ হিচাপহে দিছে । অতুল বৰাই কয় যে অগপই ২০১৬ চনত ৩১ খন আৰু ২০২১ চনত ২৯ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল । সেইফালৰ পৰা চাবলৈ গ’লে এইবাৰ আসনৰ সংখ্যা দুই-তিনিখন কমিবহে পাৰে । ইফালে, অগপৰ ভিতৰ চ’ৰাত এইবাৰ ৪০ খন আসনৰ দাবী উত্থাপন হৈছে । আনহাতে নিৰ্বাচন আহিলে মিত্রদলৰ মাজত আঁকোৰগোজা স্থিতি থকাটো স্বাভাৱিক বুলি ভাৱে অতুল বৰাই । আলোচনাৰ মাজেৰে সকলো সমাধান হ’ব বুলি তেওঁ আশাবাদী যদিও নিৰ্বাচনলৈ কিন্তু বেছি দিন নাই ।অগপৰ সভাপতিৰ এনে মন্তব্যৰ বিপৰীতে বিজেপিৰ সভাপতি দিলীপ শ‍ইকীয়াই সদৰী কৰা অনুসৰি ইতিমধ্যে তেওঁ অগপৰ সৈতে দুবাৰ আলোচনাত বহিছে । ইয়াৰ বিপৰীতে আঞ্চলিক দলটোৰ সভাপতি অতুল বৰাই কয়, “আমাৰ লগত বিজেপিৰ এতিয়ালৈকে আনুষ্ঠানিক কোনো আলোচনা হোৱা নাই।

“বিজেপিৰ ৮০টা সমষ্টিৰ প্ৰাৰ্থী চূড়ান্ত:

মুখ্যমন্ত্ৰীইয়াৰ মাজতে মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ সদৰী কৰে যে বিজেপিৰ ৮০টা সমষ্টিৰ প্ৰাৰ্থী চূড়ান্ত হৈ আছে । আনহাতে বৃহস্পতিবাৰে নিশা কেবিনেটৰ পাছত দিয়া সংবাদমেলত মিত্রতাৰ প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্য়মন্ত্রী শৰ্মাই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, “মিত্রতাৰ ক্ষেত্রত ৰাভা যৌথ মঞ্চৰ লগত আমাৰ হৈ গৈছে । বি পি এফৰ লগত আমাৰ হৈ য‍াব । আমি ভাবো অগপৰ লগত ৯-১০ মাৰ্চৰ ভিতৰত কৰি দিম । প্ৰায় আমাৰ হৈ গৈছে । ৯-১০ মাৰ্চৰ ভিতৰত ঘোষণা কৰিব পাৰিম আৰু আমাৰ প্ৰাৰ্থীৰ নামো ওলাই যাব । ৰাজ্যসভাৰ নিৰ্বাচনটোৰ বাবে আমি অলপ লাহেকৈ গৈ আছো।

“ইউ পি পি এল কংগ্ৰেছৰ লগত নাযায় :

মুখ্যমন্ত্ৰী”ইউ পি পি এলৰ লগত দুটা-তিনিটা কথাত সহমত অনাৰ বাবে প্ৰায় চূড়ান্ত হৈছে । কিবা কাৰণত এলাইন্স নহ’ব পাৰে; কিন্তু সহমত হ’ব পাৰে । গতিকে তাতো এটা প্ৰক্ৰিয়া চলি আছে। অহা দুই-তিনি দিনত সকলো স্পষ্ট হৈ যাব; কিন্তু এটা কথা স্পষ্ট যে ইউ পি পি এল কংগ্ৰেছৰ লগত নাযায়। “এইদৰে কয় মুখ্য়মন্ত্ৰীয়ে।

পূৰ্বতকৈ অধিক সমষ্টি দাবী অগপৰ:

মুখ্যমন্ত্ৰী আৰু অগপৰ সভাপতিৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতিৰ পৰা এটা কথা স্পষ্ট যে দুয়োটা মিত্রদলৰ মাজত আসন বুজাবুজি চূড়ান্ত হোৱা নাই আৰু আসনকলৈ কিছু জটিলতা আছে। যাৰ বাবে বিষয়টো যথেষ্ট পলম হৈ আছে । ইফালে, অগপ নেতৃত্বৰ এনে স্থিতিৰ বিপৰীতে অগপৰ অধিকাংশ জিলা সমিতিয়ে বিজেপিয়ে এৰি দিবলগীয়া সমষ্টিৰ সংখ্যাক লৈ শীৰ্ষ নেতৃত্বক চাপ দিছে । যাৰ বাবে এইবাৰ অগপই পূৰ্বতকৈ অধিক সমষ্টি বিজেপিৰ পৰা দাবী কৰিছে।

অগপই বান্ধি দিছে চৰ্ত:

অগপৰ সভাপতি অতুল বৰাই ইতিমধ্যে সদৰী কৰিছে যে অগপৰ শিপা থকা সমষ্টিবোৰ বিচাৰি উলিয়াই তেনে সমষ্টিত যোৱা দিনবোৰত সাংগঠনিক কাম কৰি থকা হৈছে । নিৰ্বাচন সমাগত যদিও অগপ শিপাৰ সন্ধানতে আছে । ইফালে , অগপৰ তৃণমূলৰ নেতা-কৰ্মীসকলে বিজেপিৰ ওচৰত আন এক দাবীও উত্থাপন কৰিছে । সেই অনুসৰি অগপৰ বিধায়ক নথকা জিলাত কমেও এটা সমষ্টি বিজেপিয়ে এৰি দিব লাগে । তদুপৰি এন ডি এৰ জয়ৰ এশ শতাংশ সম্ভাৱনা থকা এটাকৈ সমষ্টিও অগপই বিচাৰিছে । বিধানসভাত দলৰ সদস্য বৃদ্ধি কৰাটো অগপই বিচাৰিছে। অগপৰ এনেবোৰ চৰ্তৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ বাবে সমষ্টিৰ বুজাবুজি কৰাটো এই সময়তো সহজ হৈ থকা নাই।

ইফালে, বিজেপিৰো তৃণমূলৰ নেতা-কৰ্মীসকলে এইবাৰ অগপৰ বহু সমষ্টিত নিজা প্ৰাৰ্থী দিয়াৰ বাবে নেতৃত্বৰ প্ৰতি অনুৰোধ কৰিছে । যাৰ ফলত সমষ্টিৰ ভাগবটোৱাৰা কৰাটো এতিয়ালৈকে সম্ভৱ হৈ উঠা নাই । লক্ষণীয় বিষয় যে অগপৰ নেতৃত্বৰ বৰ্তমানৰ স্থিতিৰ বিপৰীতে অগপৰ কেইবাজনো জ্যেষ্ঠ নেতাই নিজকে নির্দিষ্ট সমষ্টিত ইতিমধ্যে প্রার্থীৰূপে প্ৰক্ষেপ কৰিছে । জয়নাথ শর্মা, ডাঃ কমলাকান্ত কলিতা আদিয়ে নিজকে প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰাত শীর্ষ নেতৃত্ব অস্বস্তিত পৰিছে।

বিটিচিত নিমিলা অংক :

আনহাতে শাসক পক্ষৰ বাবে বিটিচিৰ হিচাপ-নিকাচ বৰ্তমানলৈ নিমিলা অংকই হৈ আছে । ইতিমধ্যে বিপিএফৰ লগত মিত্রতা নিশ্চিত বুলি ঘোষণা কৰা হৈছে । ইয়াৰ বিপৰীতে ইউ পি পি এলৰ লগত কি হ’ব সেয়া অদ্যপি স্পষ্ট হোৱা নাই। ইউ পি পি এলৰ লগত বিজেপিৰ মিত্ৰতাৰ বান্ধোন এতিয়াও এক ডাঙৰ প্ৰশ্ন হৈ ৰৈছে । বিটিচিৰ পৰিষদীয় নির্বাচনত বিজেপিয়ে প্ৰৱঞ্চনা কৰা বুলি বিশ্বাস কৰে ইউ পি পি এলৰ তৃণমূলৰ কৰ্মীৰ লগতে বহু নেতাই । সেই কাৰণে বিধানসভা নিৰ্বাচনত ইউ পি পি এলে এককভাৱে প্রতিদ্বন্দ্বিতা কৰাটো দলীয় কৰ্মীয়ে বিচাৰিছে । যাৰ বাবে ইউ পি পি এলৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে মিত্রত‍াৰ বিপৰীতে সহমতৰ কথা কৈছে।

বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰস্তুত:

মিত্রদলৰ লগত আসন বুজাবুজি চূড়ান্ত হোৱা নাই যদিও বিজেপিয়ে ইতিমধ্যে নিজৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিছে আৰু মুখ্যমন্ত্রীয়ে শীঘ্ৰে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ কথাও সদৰী কৰিছে। বাজপেয়ী ভৱনত চলা চৰ্চা অনুসৰি যিবোৰ সমষ্টিত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি সকলোৱে জানে সেইবোৰৰ প্রার্থী তালিকাত স্বাভাৱিকতে কোনো জটিলতা নাই । সেই তালিকাই ঘোষণাৰ সম্ভাৱনা আছে আৰু ইয়াকে লৈ শেহতীয়া কেইবাখনো নির্বাচনী বৈঠকত দলীয় নেতৃত্বই আলোচনা কৰিছে । ইফালে, প্ৰাৰ্থী তালিকা ঘোষণা নকৰিলেই বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে নিজৰ নিজৰ সমষ্টিত পূৰ্ণোদ্যমে প্ৰচাৰ অভিযান চলাই আছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *