মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰম্ভ হোৱা জন আশীৰ্বাদ যাত্ৰা দেওবাৰে নিশা নগাঁৱত উপস্থিত হয় । নগাঁৱৰ বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাক লগত লৈ মুখ্যমন্ত্ৰীয়ে নিশা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে । এই জন আশীৰ্বাদ যাত্ৰাই ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰিবলৈ সক্ষম হয় ।নগাঁৱত বুল্ড’জাৰৰ সহায়ত পুষ্পবৃষ্টিৰে আদৰণি জনোৱা হয় জন আশীৰ্বাদ যাত্ৰাক ।

হাজাৰ হাজাৰ অনুৰাগী আৰু সমৰ্থকৰ আদৰণি তথা পুষ্পবৃষ্টিৰ মাজেৰে মুখ্যমন্ত্ৰীয়ে জিলাখনৰ বেবেজীয়া একশৰণ ভাগৱতী সমাজৰ পালনাম থানত দেওবাৰে সন্ধিয়া ৮ বজাত উপস্থিত হয় । ধৰ্মীয় অনুষ্ঠানটিত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে একশৰণ ভাগৱতী সমাজ, অসমৰ নৱনিৰ্মিত কেন্দ্ৰীয় প্ৰশাসনিক ভৱনটো মুকলি কৰে । আছুতীয়া পুঁজিৰে এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ সম্পূৰ্ণ কৰা এই ভৱনটোৰ ২০২৪ চনৰ ২৫ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীয়ে নিজেই আধাৰশিলা স্থাপন কৰিছিল । ভৱনটো মুকলি কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই একশৰণ ভাগৱতী সমাজৰ ভকত-বৈষ্ণৱসকলৰ সৈতে আলোচনাত মিলিত হৈ নামঘৰত সেৱা জনাই চমু বক্তব্য প্ৰদান কৰে । এই অনুষ্ঠানত মুখ্যমন্ত্ৰীক সংগ দিয়ে ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশীকান্ত দাস আৰু নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ।

তাৰ পাছতেই নিশা ৯ মান বজাত মুখ্যমন্ত্ৰীৰ নেতৃত্বত উলিওৱা জন আশীৰ্বাদ যাত্ৰা উপস্থিত হয় নগাঁও চহৰত । নিশা নগাঁও চহৰত সহস্ৰাধিক অনুৰাগীয়ে পুষ্পবৃষ্টিৰে আদৰণি জনায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক । পথৰ দুয়োকাষে ৰৈ থকা জনতাৰ আদৰণি গ্ৰহণ কৰি নিশা প্ৰায় ১২ মান বজাত উপস্থিত হয় বঢ়মপুৰ বিধামসভা সমষ্টিৰ পুৰণিগুদামত । নিশা ১২ বজাত বিশাল জনসভা সম্বোধন কৰি আগন্তুক ২০২৬ চনত পুনৰ চৰকাৰ গঠনৰ বাবে ৰাইজৰ আশীৰ্বাদ বিচাৰে মুখ্যমন্ত্ৰীয়ে।

বঢ়মপুৰত নিশা প্ৰায় ১ বজাত সংবাদ মাধ্যমৰ সন্মুখত জন আশীৰ্বাদ যাত্ৰা সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, “পোন্ধৰ দিন অবিৰতভাৱে জন আশীৰ্বাদ যাত্রা কৰিম । আজিৰ দিনটোৰ যাত্ৰা বঢ়মপুৰত সামৰণি পৰিছে । ৰাইজক দেখাৰ লগে লগে ভাগৰ নাইকিয়া হৈ যায় । চাকৰি পোৱা ল’ৰা ওলাই আহি মাতিছে । ১৬ তাৰিখলৈকে এই যাত্ৰা সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰিছোঁ ।

“অখিল গগৈসহ বিৰোধী ঐক্য সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, “বিৰোধীৰ কেৱল কাজিয়া হে শুনিছোঁ, আপুনি ক’ৰপৰা শুনিছে মই নাজানোঁ । মই মোৰ ভাল কামখিনি দেখুৱাম, বিৰোধীৰ সৈতে যুঁজ বাগৰ কৰি লাভ নাই ।” অৱশ্যে মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ কংগ্ৰেছ বা বিৰোধীয়ে কেনেদৰে দিয়ে সেয়াহে লক্ষণীয় হ’ব ।

Leave a Reply

Your email address will not be published. Required fields are marked *