কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে এই ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । ভোটাৰসকলে ভোটদানৰ বাবে শাৰী পাতি থকাৰ সময়ত নিৰাপত্তা বাহিনীয়ে ৰাজপথত টহল দি আছে । প্ৰায় ৩ কোটি জনসংখ্যাৰ হিমালয়ান ৰাষ্ট্ৰখনৰ ভোটকেন্দ্ৰসমূহত চোকা পহৰাৰ ব্যৱস্থা কৰা হৈছে। বৃহস্পতিবাৰৰ পিছত ভোট গণনা আৰম্ভ হ’ব আৰু সপ্তাহটোৰ শেষৰ ফালে ভোট গণনাৰ ফলাফল ওলাব বুলি আশা কৰা হৈছে।

নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কৰ্তৃপক্ষই ৰাজপথত যান-বাহন চলাচল নিষিদ্ধ কৰাৰ লগতে ৰাজনৈতিক সমাবেশ আৰু ৰাজহুৱা সমাবেশতো নিষেধাজ্ঞা আৰোপ কৰিছে । আনহাতে, নিৰ্বাচনৰ দিনটোত সকলো ধৰণৰ প্ৰচাৰ নিষিদ্ধ কৰা হৈছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, প্ৰায় ১ কোটি ৯০ লাখ লোকে এইবাৰ ভোটদানৰ বাবে যোগ্যতা অৰ্জন কৰিছে।

ভোটাৰসকলে সংসদৰ নিম্ন সদন হাউছ অব ৰিপ্ৰেজেণ্টেটিভছলৈ পোনপটীয়াকৈ ১৬৫ গৰাকী সদস্য নিৰ্বাচন কৰিব । ২৭৫ জনীয়া সংসদৰ বাকী ১১০ খন আসন আনুপাতিক প্ৰতিনিধিত্ব ব্যৱস্থাৰ জৰিয়তে আবণ্টন কৰা হ’ব । ইয়াৰ অধীনত ৰাজনৈতিক দলসমূহে ভোটৰ অংশৰ ওপৰত ভিত্তি কৰি সাংসদসকলক মনোনীত কৰে । উল্লেখ্য যে ব্যাপক দুৰ্নীতি আৰু অধিক চৰকাৰী জবাবদিহিতাৰ দাবীক লৈ সৃষ্টি হোৱা ভোটাৰৰ হতাশাৰে পূৰ্ণ এই নিৰ্বাচনক বহুলভাৱে ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হিচাপে গণ্য কৰা হৈছে ।২০২২ চনত প্ৰতিষ্ঠা হোৱা নেচনেল ইণ্ডিপেণ্ডেণ্ট পাৰ্টীয়ে পূৰ্বৰ প্ৰধান দুটা দল নেপালী কংগ্ৰেছ আৰু কমিউনিষ্ট পাৰ্টী অব নেপাল (ইউনিফাইড মাৰ্ক্সবাদ–লেনিনবাদ)ৰ বাবে এক প্ৰবল প্ৰত্যাহ্বানৰ সৃষ্টি কৰা আগশাৰীৰ দল হিচাপে গণ্য কৰা হৈছে।

নতুন দলটোৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হৈছে এগৰাকী ৰেপাৰৰ পৰা ৰাজনীতিবিদ হোৱা বলেন্দ্ৰ শ্বাহ । তেওঁ ২০২২ চনৰ কাঠমাণ্ডু মেয়ৰৰ দৌৰত জয়ী হৈছিল আৰু ২০২৫ চনত প্ৰাক্তন প্ৰধানমন্ত্ৰী খদগা প্ৰসাদ অলীক উৎখাত কৰা বিদ্ৰোহত প্ৰধান ব্যক্তি হিচাপে আত্মপ্ৰকাশ কৰিছিল ।

৩৫ বছৰীয়া শ্বাহে পৰম্পৰাগত ৰাজনৈতিক দলৰ প্ৰতি জনতাৰ ক্ষোভৰ যি জোৱাৰ তাৰ সুবিধা গ্ৰহণ কৰিছে । তেওঁ প্ৰচাৰৰ সময়ত দৰিদ্ৰ নেপালীসকলৰ স্বাস্থ্য আৰু শিক্ষাক মূল কেন্দ্ৰবিন্দু হিচাপে আলোকপাত কৰে । দুৰ্নীতি আৰু দুৰ্বল শাসনৰ বিৰুদ্ধে যুৱক-যুৱতীৰ নেতৃত্বত চলা প্ৰতিবাদৰ সূচনা হৈছিল চৰকাৰৰ বিৰুদ্ধে গণবিদ্ৰোহৰ ৰূপ ধাৰণ কৰাৰ পূৰ্বে ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাৰ ফলত । প্ৰতিবাদকাৰীয়ে চৰকাৰী অট্টালিকাত আক্ৰমণ কৰাৰ লগতে আৰক্ষীয়ে গুলীচালনা কৰাত কেইবাজনো লোক নিহত হোৱাৰ লগতে শতাধিক লোক আহত হয় ।আনহাতে, কংগ্ৰেছ আৰু কমিউনিষ্টে তেওঁলোকৰ প্ৰতি আনুগত্যশীল ভোটাৰৰ ভিত্তি বজাই ৰখাৰ বিপৰীতে শ্বাহৰ দলটোৱে প্ৰচাৰৰ সময়ত অধিক লোকক আকৰ্ষণ কৰিছে আৰু বিকল্প বিচৰা কনিষ্ঠ ভোটাৰৰ মাজত দলটোৰ ক্ৰমবৰ্ধমান আবেদনক অধিক গতি প্ৰদান কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *