দল বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ অভিযোগত এ আই ইউ ডি এফৰ সোণাই সমষ্টিৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাক দলৰ পৰা ৬ বছৰৰ বাবে নিলম্বন কৰা হয় । ইফালে দলে নিলম্বন কৰা বিধায়কগৰাকীয়ে ইতিমধ্যে দলো ত্যাগ কৰিছে । এই সন্দৰ্ভত বৃহস্পতিবাৰে বিধায়ক কৰিমউদ্দিন বৰভূঞাই সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । তেওঁ কয়, “এখোজ আগুৱাই যোৱাৰ স্বাৰ্থত মই আগবাঢ়িছোঁ । মই পদত্যাগ কৰিছোঁ বুলি ক’লে ভুল কৰা হ’ব, সংখ্যালঘু ৰাইজৰ স্বাৰ্থত মই অগপক বাচি লৈছোঁ। মই টিকটৰ আশাত অগপত যোগ দিব বিচৰা । পদত্যাগ কৰা বাবে মোক দলে নিলম্বন কৰিছে ।”

পদত্যাগ কৰিও দলটোৰ প্ৰশংসাত পঞ্চমুখ কৰিমউদ্দিন বৰভূঞা । তেওঁ কয়, “দলৰ লগত মোৰ কোনো বাদবিবাদ নাই । বদৰুদ্দিন আজমল এগৰাকী দক্ষ নেতা । প্ৰতিগৰাকী বিধায়ক ভাল । কিন্তু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মই এখোজ আগুৱাই আহিছোঁ । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত অসমৰ সংখ্যালঘুৰ বাবে থকা ২২ খন আসনৰ যোগেদি কংগ্ৰেছ, এ আই ইউ ডি এফ কৰি মুছলমানৰ কোনো উদ্দেশ্য পূৰণ নহ’ব । গতিকে সংখ্যাগুৰু হিন্দু মানুহখিনি যাৰ লগত থাকিব তাৰ লগত খোজ মিলাই মুছলমানৰ সমস্যাসমূহ সমাধানৰ বাবে আগবাঢ়িব লাগিব । সেইটো স্পষ্ট কথা । সংখ্যালঘুৰ স্বাৰ্থত মই এখোজ আগবাঢ়িছোঁ।

তেওঁ লগতে কয়, “এন ডি এত থাকিলে সমস্যাখিনি উত্থাপন কৰিব পৰা যাব । ২২ টা সমষ্টিত খোৱা-কামোৰা কৰি থাকি লাভ নাই । অগপই মুছলমান সম্প্ৰদায়ৰ সমষ্টিৰ পৰা ৪ খন আসন পাব । মই অগপত যোগদান কৰিম । শীঘ্ৰেই কৰিম । সোণাইৰ বহুতে কৰিব । মই সমাজৰ স্বাৰ্থত অগপত যোগদান কৰিম । ২২ খন আসন লৈ একো কৰিব নোৱাৰে । সেয়ে মই এন ডি এলৈ যাম । এন ডি এৰ বাবে অগপ বাচি লৈছোঁ । সংখ্যালঘু মুছলমান মানুহ ক্ষমতাৰ পৰা দূৰত থাকিব নালাগে, ওচৰত থাকিব লাগে ।”তেওঁ কয়, “অগপত থাকি আমি যুঁজিম । মুখ্যমন্ত্রীৰ লগত পলিটিকেল বাৰ্গেনিং কৰিম । আমি আমাৰ সমস্যা লৈ কথা পাতিব লাগিব ।

মই সীমাৰ বাহিৰত নাথাকোঁ, সীমাৰ ভিতৰত থাকি কথা কম । টিকটৰ কথা পাছত যদিও অগপই টিকট দিম বুলি নিশ্চয়তা দিছে । কিন্তু টিকটৰ আশাত মই অগপলৈ অহা নাই । মুছলমান চৰকাৰৰ লগত থাকিব লাগিব আৰু নিজৰ দাবীখিনি আদায় কৰিব লাগিব । সমস্যা মুছলমানৰ আৰু সেইবাবে এখোজ আগুৱাব লাগিব । বাহিৰৰ পৰা কৈ লাভ নাই । উচ্ছেদৰ ক্ষেত্রত য’ত অবৈধভাৱে হ’ব তাত প্ৰতিবাদ কৰিম । য’ত বৈধভাৱে হ’ব তাত সমৰ্থন কৰিম । বাংলাদেশী কোনোবা থাকিলে উঠাবলৈ সমৰ্থন দিম । অগপত যোগদানৰ দিন ঠিক হোৱা নাই । অতুল বৰাক এখন পত্র দিম।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “প্ৰমোদ বড়োক মই সমৰ্থন কৰি স্বাক্ষৰ কৰিছোঁ । মোৰ লগতে এ আই ইউ ডি এফৰ নিলম্বিত দুজন বিধায়ক নিজামউদ্দিন চৌধুৰী আৰু জাকিৰ হুছেইন লস্কৰে প্ৰমোদ বড়োৰ প্ৰতি সমৰ্থন জনাই স্বাক্ষৰ কৰিছে । মোৰ লগত তেওঁলোক দুজনেও অগপত যোগদান কৰিব ।

Leave a Reply

Your email address will not be published. Required fields are marked *