মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী তথা এন চি পিৰ নেতা অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাত মৃত্যু । নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ তেওঁ উৰা মৰা বিমানখন বুধবাৰে পুৱা অৱতৰণৰ পূৰ্বে দুৰ্ঘটনাগ্ৰস্ত হয় । ইয়াৰ পিছতে জুই লাগে বিমানখনত । তথ্য লাভ কৰি অগ্নিনিৰ্বাপক বাহিনী আৰু এম্বুলেন্স ক্ষীপ্ৰতাৰে সেই স্থানত উপস্থিত হয় । জানিব পৰা মতে বিমানখনত অজিত পাৱাৰ আৰু তেওঁৰ নিৰাপত্তাৰক্ষী আছিল । আজি বাৰামতীত অজিত পাৱাৰে এক সভাত ভাষণ দিয়াৰ কথা আছিল । তেওঁ তালৈ গৈ আছিল । অৱতৰণৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা । তাৰবাবেই তেওঁৰ মৃত্যু হয়। নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ তেওঁ উৰা মৰা বিমানখন বুধবাৰে পুৱা অৱতৰণৰ পূৰ্বে দুৰ্ঘটনাগ্ৰস্ত হয় । ইয়াৰ পিছতে জুই লাগে বিমানখনত । তথ্য লাভ কৰি অগ্নিনিৰ্বাপক বাহিনী আৰু এম্বুলেন্স ক্ষীপ্ৰতাৰে সেই স্থানত উপস্থিত হয়।জানিব পৰা মতে বিমানখনত অজিত পাৱাৰ আৰু তেওঁৰ নিৰাপত্তাৰক্ষী আছিল । আজি বাৰামতীত অজিত পাৱাৰে এক সভাত ভাষণ দিয়াৰ কথা আছিল । তেওঁ তালৈ গৈ আছিল । অৱতৰণৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা ।ডি জি চি এৰ এগৰাকী বিষয়াই জনোৱা মতে, ভি এছ আৰ এভিয়েশন পৰিচালিত ভি টি-এছ এছ কে লিয়াৰজেট ৪৫ বিমানত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীগৰাকী আছিল । বিমানখনত ক্ৰুকে ধৰি পাঁচজন লোক আছিল । দুৰ্ঘটনাত আটাইকেইজনৰ মৃত্যু হয়। বিমানখনত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ, আন ২ জন জোৱান (১ জন পিএছঅ’ আৰু ১ জন এটেণ্ডেণ্ট) আৰু ২ জন ক্ৰু (পিআইচি+এফঅ’) সদস্য আছিল । প্ৰাৰম্ভিক তথ্য অনুসৰি দুৰ্ঘটনাটোত কোনো লোক জীৱিত অৱস্থাত নাই ঘটনাস্থলীৰ ভিডিঅ’ত দেখা গৈছে পুৱা প্ৰায় ৯:১৫ বজাত দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনৰ জ্বলি থকা ধ্বংসাৱশেষ । খবৰ পোৱাৰ লগে লগে উদ্ধাৰকাৰী দল মোতায়েন কৰা হয় আৰু স্থানীয় লোকেও সহায়ৰ বাবে তৎপৰ হৈ পৰে । কিন্তু জ্বলি থকা বিমানখনৰ কাষ চপাটো বৰ বিপদসংকূল আছিল । পূৰ্ব নিৰ্ধাৰিত সময়সূচী অনুসৰি অজিত পাৱাৰে অহা মাহত অনুষ্ঠিত হ’বলগীয়া জিলা পৰিষদ আৰু পঞ্চায়ত সমিতিৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ চলোৱাৰ কথা আছিল । বুধবাৰে তেওঁ চাৰিখন ৰাজহুৱা সভা অনুষ্ঠিত কৰাৰ কথা আছিল ।বিমান দুৰ্ঘটনাত উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুৰ খবৰ পাই সমগ্ৰ মহাৰাষ্ট্ৰ ৰাজ্য শোকত ভাগি পৰিছে । মহাৰাষ্ট্ৰৰ অন্যতম প্ৰভাৱশালী ৰাজনীতিবিদ বুলি গণ্য কৰা এন চি পিৰ মুৰব্বী অজিত পাৱাৰে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটত নিজৰ স্থিতি সুদৃঢ় কৰাই নহয় ২০২৪ চনৰ বিধানসভা নিৰ্বাচনৰ পিছত ষষ্ঠবাৰৰ বাবে উপ-মুখ্যমন্ত্ৰী হৈ মহাৰাষ্ট্ৰৰ ৰাজনীতিত নিজৰ স্থিতি সুদৃঢ় কৰি তুলিছিল ।অজিত পাৱাৰ শৰদ পাৱাৰৰ জ্যেষ্ঠ ভাতৃ অনন্তৰাও পাৱাৰৰ পুত্ৰ । অজিত পাৱাৰৰ ১৮ বছৰ বয়সত পিতৃৰ মৃত্যু হয় । ১৯৮২ চনত শৰদ পাৱাৰৰ পদাংক অনুসৰণ কৰি তেওঁ এখন চেনি সমবায় সমিতিৰ ব’ৰ্ডলৈ নিৰ্বাচিত হয় । ১৯৯১ চনত পুনে জিলা সমবায় বেংকৰ অধ্যক্ষ নিৰ্বাচিত হৈ ১৬ বছৰ এই পদত অধিষ্ঠিত হৈ থাকে ।অজিত পাৱাৰৰ প্ৰথম নিৰ্বাচনী সফলতা আছিল ১৯৯১ চনত, যেতিয়া তেওঁ বাৰামতীৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল । কিন্তু শৰদ পাৱাৰ নৰসিংহ ৰাও চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰী হৈ সংসদত প্ৰৱেশৰ প্ৰয়োজন হোৱাত তেওঁ আসনখন খালী কৰে । সেই বছৰতে বাৰামতীৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱা অজিতে তেতিয়াৰ পৰাই আসনখনক প্ৰতিনিধিত্ব কৰি আহিছিল ।
