দীৰ্ঘদিন ধৰি ভূগৰ্ভস্থৰ পানী কমি অহা, অতিৰিক্ত উত্তোলন, ভূমিৰ অৱক্ষয়, বনাঞ্চল ধ্বংস আৰু প্ৰদূষণ- এই সকলোবোৰ বিশ্বজনীন উষ্ণতা বৃদ্ধিৰ ফলত আৰু অধিক ভয়াৱহ হৈ পৰিছে । ইয়াৰ লগে লগে ৰাষ্ট্ৰসংঘৰ এক নতুন প্ৰতিবেদনে বিশ্বজুৰি জল সংকট যুগৰ আৰম্ভণি ঘোষণা কৰিছে । এই প্ৰতিবেদনত বিশ্বৰ নেতাসকলক “এক নতুন বাস্তৱতাৰ বাবে সৎ, বিজ্ঞানভিত্তিক অভিযোজন”ৰ সুবিধা প্ৰদান কৰিবলৈ আহ্বান জনোৱা হৈছে ।

“Global Water Bankruptcy: Living Beyond Our Hydrological Means in the Post-Crisis Era” শীৰ্ষক প্ৰতিবেদনখনত যুক্তি আগবঢ়োৱা হৈছে যে ‘পানীৰ অভাৱ’ বা ‘জল সংকট’ৰ দৰে চিনাকি শব্দই এতিয়া বহু অঞ্চলৰ বাস্তৱতাক সঠিকভাৱে ব্যক্ত কৰিব নোৱাৰে । ইয়াৰ বিপৰীতে আমি এনে এক সংকট-পৰৱৰ্তী অৱস্থাত প্ৰৱেশ কৰিছোঁ, য’ত প্ৰাকৃতিক জল সম্পদৰ অপ্ৰত্যাৱৰ্তনীয় ক্ষতি হৈছে আৰু ঐতিহাসিক জল বৈজ্ঞানিক আধাৰ ভিত্তিক স্তৰলৈ উভতি যোৱাটো অসম্ভৱ ।

ৰাষ্ট্ৰসংঘৰ বিশ্ববিদ্যালয়ৰ জল, পৰিৱেশ আৰু স্বাস্থ্য প্ৰতিষ্ঠানৰ (UNU-INWEH) যাক ‘পানীৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ থিংক টেংক’ বুলি কোৱা হয়, সঞ্চালক তথা এই প্ৰতিবেদনৰ মুখ্য লেখক কাৱেহ মাদানীয়ে কয়, “এই প্ৰতিবেদনে এক অস্বস্তিকৰ সত্য ব্যক্ত কৰিছে: বহু অঞ্চলে নিজৰ জল সম্পদৰ সামৰ্থ্যতকৈ অধিক নিৰ্ভৰশীল আৰু বহু গুৰুত্বপূৰ্ণ জল ব্যৱস্থা ইতিমধ্ইযে দেউলীয়া হৈ পৰিছে ।” ৰাষ্ট্ৰসংঘৰ এই নতুন প্ৰতিবেদন অনুসৰি, বৰ্তমান ৭৫% মানৱ জাতিয়ে পানীৰ অসুৰক্ষিত বা গভীৰভাৱে পানীৰ অসুৰক্ষিত দেশত বাস কৰে ।আৰ্থিক দিশলৈ চাবলৈ গ’লে প্ৰতিবেদনখনে সকীয়াই দিছে যে বহু সমাজে নিজৰ জলবিজ্ঞানৰ সামৰ্থ্যৰ বহু বাহিৰত জীৱন কটাবলগীয়া হৈছে । তেওঁলোকে কেৱল নদী, মাটি আৰু বৰফৰ পৰা লাভ কৰা বাৰ্ষিক নবীকৰণযোগ্য পানীৰ অতিমাত্ৰা ব্যয় কৰাই নহয়, জলধাৰা, হিমবাহ আৰু জলাশয়ত জমা হোৱা দীৰ্ঘম্যাদী জল ভাণ্ডাৰকো কমাই আনিছে । এই অস্থিৰ ঘাটিৰ ফলত পৰিৱেশগত দেউলীয়া হোৱাৰ বৰ্ধিত প্ৰক্ৰিয়া আৰম্ভ হৈছে: জলধাৰা সংকুচিত হোৱা, বদ্বীপ আৰু উপকূলীয় চহৰসমূহ তললৈ নামি অহা, হ্ৰদ আৰু জলাশয়সমূহ নোহোৱা হৈ যোৱা আৰু জৈৱ-বৈচিত্ৰ্য অপ্ৰত্যাৱৰ্তনীয়ভাৱে হেৰুৱাই পেলাইছে। বিশ্বজনীন তথ্যৰ পৰিসংখ্যা আৰু শেহতীয়া বিজ্ঞানৰ ওপৰত ভিত্তি কৰা এই প্ৰতিবেদনখনে এনে এক গ্ৰহৰ স্পষ্ট পাৰিসাংখ্যিক ছবি দাঙি ধৰিছে যিয়ে নিজৰ জলবিজ্ঞানৰ ক্ষমতাৰ বাহিৰত জীৱন নিৰ্বাহ কৰি আছে— যিটো এন এক বাস্তৱতা যি মুখ্যতঃ মানৱীয় কাৰ্যকলাপৰ ফলত সৃষ্টি হৈছে ।মধ্যপ্ৰাচ্য, আফ্ৰিকা আৰু এছিয়াৰ কিছু অংশকে ধৰি বহু অঞ্চলত পানীৰ অভাৱ এক ভয়াৱহ আৰু ক্ৰমবৰ্মান সংকট । এই বিষয়টো সামাজিক অশান্তিৰ এক মুখ্য কাৰণ হিচাপে পায়ে এই বিষয়টো প্ৰকাশ কৰা নহয় । উদাহৰণস্বৰূপে, ইৰাণৰ তেহৰাণ আৰু অন্যান্য ডাঙৰ চহৰসমূহৰ তীব্ৰ জল সংকট আছিল শেহতীয়া নাগৰিক প্ৰতিবাদৰ এক উল্লেখযোগ্য, কিন্তু প্ৰায়ে অৱজ্ঞা কৰা কাৰক । যিয়ে এই বিষয়টো স্পষ্ট কৰিছে যে সম্পদৰ অভাৱে কেনেকৈ প্ৰত্যক্ষভাৱে ৰাজনৈতিক অস্থিৰতাক ইন্ধন যোগায় । ইৰাণৰ জল সংকট হৈছে বছৰ বছৰ ধৰি চলি অহা এই ৰাষ্ট্ৰ নীতিৰ পৰিণাম, যিয়ে ভূগৰ্ভস্থ পানীৰ মজুত শেষ কৰি পেলাইছিল আৰু পৰিৱেশ বিশেষজ্ঞৰ সতৰ্কবাণীক আওকাণ কৰিছিল ।

আন্তঃৰাষ্ট্ৰীয় নিষেধাজ্ঞা, দীৰ্ঘদিনীয়া খৰাং পৰিস্থিতি আৰু পানীৰ ওপৰত নিৰ্ভৰ কৰি কৰা কৃষিৰ বাবে উৎসাহিত কৰাৰ ফলত এই অপব্যৱস্থাপনাই ইৰাণৰ জল ব্যৱস্থাক চূড়ান্ত পৰ্যায়লৈ ঠেলি দিছে । ইয়াৰ মানৱীয় লোকচান ভয়াৱহ হৈছে । ছিন্নভিন্ন আন্তঃগাঁথনি, অদক্ষ জলসিঞ্চন আৰু জলস্তৰ ক্ষয়িষ্ণুতাই কৃষকসকলক শস্যৰ বাবে পানীৰ অভাৱত পেলাইছে আৰু চহৰসমূহে পানীৰ বাবে হাহাকাৰ কিছে । তীব্ৰ বায়ু আৰু জল প্ৰদূষণৰ ফলত প্ৰতিবছৰে শিশুকে ধৰি লাখ লাখ লোকৰ অকাল মৃত্যু হয় । ভাৰতো বিশ্বৰ অন্যতম ভয়াৱহ জল সংকটত ভুগি থকা দেশসমূহৰ ভিতৰত অন্যতম । ভাৰতে এক গুৰুতৰ আৰু ক্ৰমবৰ্ধমান সংকটৰ সন্মুখীন হৈছে আৰু দিল্লী হৈছে বিশ্বৰ আটাইতকৈ জল সংকটত ভুগি থকা চহৰসমূহৰ ভিতৰত অন্যতমদেশখনত বিশ্বৰ জনসংখ্যাৰ প্ৰায় ১৮% লোকে বাস কৰে আছে যদিও ইয়াৰ নবীকৰণযোগ্য বিশুদ্ধ জল সম্পদৰ মাত্ৰ ৪%হে আছে । যাৰ ফলত এক বৃহৎ গাঁথনিগত ঘাটিৰ সৃষ্টি হৈছে । ভৱিষ্যদ্বাণীসমূহে ইংগিত দিয়ে যে ২০৩০ চনৰ ভিতৰত ভাৰতত পানীৰ চাহিদাই উপলব্ধ যোগান অতিক্ৰম কৰিব । এক কঠোৰ সতৰ্কবাণীত নিটি আয়োগে অনুমান কৰিছে যে সেই তাৰিখলৈকে ৪০% জনসংখ্যাৰ বিশুদ্ধ খোৱাপানীৰ সুবিধাৰ অভাৱ হ’ব পাৰে, যিয়ে সংকটৰ জৰুৰী অৱস্থাক প্ৰকাশ কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *