মঙলবাৰে জুবিন ক্ষেত্ৰৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয় শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগতে চৰকাৰীভাৱে স্বীকৃত জুবিনক্ষেত্ৰ নিৰ্মাণ সমিতিৰ বিষয়ববীয়া সকলে ।এই পৰিদৰ্শনকালত সমিতিৰ প্ৰায়সংখ্যক সদস্য উপস্থিত থাকি নিৰ্মাণৰ বিভিন্ন দিশ পৰ্যবেক্ষণ কৰে । উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া, ভাস্কৰ্য শিল্পী বীৰেণ সিংহ, শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ , বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী আৰু আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত।কেৱল সমিতিয়েই নহয়, নিৰ্মাণকাৰ্যৰ কাৰিকৰী দিশসমূহ চাবলৈ লোক নিৰ্মাণ বিভাগৰ উচ্চপদস্থ অভিযন্তা আৰু বিষয়াসকলো এই পৰিদৰ্শন কালত উপস্থিত থাকে । গৰিমা শইকীয়া গাৰ্গ আৰু সমিতিয়ে বিভাগীয় বিষয়াসকলৰ সৈতে নিৰ্মাণৰ নক্সা আৰু কামৰ গুণগত মানৰ ওপৰত বিস্তৃত আলোচনা কৰে ।

এই সন্দৰ্ভত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে কয়, “আৰম্ভণিৰে পৰা ৰাইজৰ যিখিনি মৰম আছিল সেইখিনি আমি স্বীকাৰ কৰিবই লাগিব । সেইখিনি অৱহেলা কৰিলে সেয়া পাপ হ’ব । কায়িকভাৱে নোহোৱা হোৱাৰ পিছতো সেয়া কাৰো মনত নাই । জুবিন আমাৰ মাজত সদায় আছে । সেইখিনি মৰম-আশীৰ্বাদে আমাক উপচাই ৰাখিছে । সেয়া অৱহেলিত হ’বলৈ নিদিও বাবে মই আহি টিৰ্পাল দাঙিবলগীয়া হৈছে । বৰষুণত তিতি অক্ষয় বন্তি নুমাই গৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *