কলিয়াবৰৰ শিলঘাটৰ এই কলটো লাভজনকভাৱে পৰিচালনা হোৱাৰ ক্ষেত্ৰত চৰকাৰ, কৰ্তৃপক্ষ কোনোৱেই নল’লে ব্যৱস্থা। দুটা ইউনিট থকা কলটো দ্বিতীয় ইউনিটটো অত্যাধুনিক মেচিনেৰে উন্নীতকৰণ হৈছিল যদিও সেই ইউনিটৰ উৎপাদনৰ কাম দীৰ্ঘদিন ধৰি বন্ধ হৈ আছিল।পুৰণি ইউনিটৰ উৎপাদন চলি আছিল যদিও ২০২৬বৰ্ষৰ জানুৱাৰীৰ শেষৰভাগত কল কৰ্তৃপক্ষই এই ইউনিটটোৰ উৎপাদনো কেচাঁ সামগ্ৰীৰ অভাৱত অনিৰ্দিষ্টকালৰ বাবে বন্ধ কৰাৰ কথা ঘোষণা কৰে। ফলত সহস্ৰাধিক কৰ্মচাৰী থকা মৰাপাট কলটো যে পুনৰ চলিব তাক লৈ গভীৰ ৰহস্যৰ সৃষ্টি হৈছে।কলটোৰ কাৰ্যক্ষম কৰি ৰখাৰ বাবে কলিয়াবৰ সমষ্টিক প্ৰতিনিধিত্ব কৰা জনপ্ৰতিনিধি সকলেও কোনো পদক্ষেপ বা দাবী উত্থাপন কৰা পৰিলক্ষিত হোৱা নাই। অথচ এই কলটোৰ অন্তৰ্গত কলিয়াবৰৰ জনপ্ৰতিনিধি বৰ্তমান অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ এগৰাকী মন্ত্ৰী।পূৰ্বতে এই সমষ্টিৰ পৰাই লোকসভাত প্ৰতিনিধিত্ব কৰা গৌৰৱ গগৈৰ দৰে সাংসদো মৌন হৈ ৰৈছে কলটোৰ প্ৰসংগত। এসময়ত এই সমষ্টিৰ পৰাই প্ৰতিনিধিত্ব কৰি মুখ্যমন্ত্ৰী হোৱা অগপৰ নেতা প্ৰফুল্ল কুমাৰ মহন্তেও ক্ষমতাত থকা সময়ত কলটোৰ ভৱিষ্যতক লৈ কোনো চিন্তা-চৰ্চা নকৰিলে।তাৰ বিপৰীতে এচাম ৰাজনৈতিক নেতাৰ ঘনিষ্ঠ কলটোৰ বৰ্ড অৱ মেম্বাৰৰ সদস্য হৈ মৰাপাট কলটোৰ মৃত্যুমুখলৈ কেনেদৰে ঠেলি দিব পাৰি তাৰে কমিছনৰ অংকত ব্যস্ত হৈ পৰিছিল। সেই পৰিণামেই এতিয়া ভুগিছে শিলঘাটৰ ঐতিহ্যপূৰ্ণ এই মৰাপাট কলটোৱে।আহোম ৰাজত্ব কালত এই কলিয়াবৰ আছিল ৰাজনৈতিক আৰু শাসনৰ দিশত অন্যতম গুৰুত্বপূৰ্ণ অঞ্চল। আহোম ৰজাই গুৱাহাটীকে ধৰি নামনি-মধ্য অসমৰ বিভিন্ন ঠাইৰ শাসন পৰিচালনা, যুদ্ধ পৰিচালনাৰ বাবে এই কলিয়াবৰকে এক কেন্দ্ৰৰূপে গঢ়ি তুলিছিল।ৰাজ্যৰ ৰাজনীতিতো বহুকেইজন ক্ষমতাশালী নেতাৰ ৰাজনৈতিক বিচৰণভূমি আছিল কলিয়াবৰ। তাৰ পাছতো সেই অঞ্চলত থকা একমাত্ৰ মৰাপাট কলটো উত্তৰণৰ ক্ষেত্ৰত উদাসীন ভূমিকা গ্ৰহণ কৰা দেখা গ’ল। নামত এজন পৰিচালন সঞ্চালক থাকিলেও বৰ্ড অৱ মেনেজমেন্টৰ ৩ বিশেষ সদস্যই এই মৰাপাট কলটো পৰিচালনা কৰাত সক্ৰিয় ভূমিকা পালন কৰিছিল।উল্লেখ্য যে, ১৯৮৫-৮৬ বৰ্ষত এই কলটোৱে ৪০.৫৩ লাখ টকা লোকচানৰ সন্মুখীন হৈছিল। ১৯৮৬-৮৭ বৰ্ষত সেই লোকচানৰ পৰিমান আছিল ২.২৫ লাখ টকা। অৱশ্যে ১৯৮৭-৮৯ চনত কলটোৱে লাভ কৰিছিল ৬.৫২ লাখ টকা।গভীৰ আৰ্থিক অনাটনৰ মাজত চলি থকা এই কলটোৱে কিন্তু ১৯৯১চনৰ পৰা লাভৰ মুখ দেখিছিল। ১৯৯১-৯২ বৰ্ষত ০.৪২ লাখ টকা ৯২-৯৩ বৰ্ষত ১.৩৬ লাখ টকা, ৯৩-৯৪ বৰ্ষত ৭.১১ লাখ টকা, ৯৪-৯৫ বৰ্ষত ৯.২৯ লাখ টকা লাভ কৰিবলৈ সক্ষম হৈছিল।১৯৯৬-৯৭ বৰ্ষতো এই মৰাপাট কলটোৱে লাভৰ মুখ দেখিছিল। সেই বৰ্ষত মৰাপাট কলটোৱে লাভ কৰিছিল ২০.৪৫ লাখ টকা।কলটোত থকা অধিকাংশ মেচিনেই ৫০ বছৰৰো অধিক পূৰণি হোৱাৰ বাবে উৎপাদন হ্ৰাস পাইছিল কলটোত।উল্লেখযোগ্য যে, এই মৰাপাট কলটো বন্ধ হোৱাৰ আগলৈকে গড়ে ১৯ টনকৈ মৰাপাটৰ সামগ্ৰী উৎপাদন হৈছিল। মুলতঃ এই কলটোত বি টি উইল, জুট বেগ, চুটলী, হেচিয়ান ক্লথ, চুপাৰী পেকিং, এটি উইল ক্লথ আদি প্ৰস্তুত কৰা হৈছিল।
