কেন্দ্ৰীয় লোকসেৱা আয়োগে বৃহৎ নিয়ম সলনি কৰি নতুন নিয়ম ৰূপায়ণ কৰিছে য’ত স্পষ্ট হৈ পৰিছে যে ইতিমধ্যে আই এ এছ আৰু আই এফ এছৰ দৰে শীৰ্ষ অসামৰিক সেৱাত নিযুক্তি পোৱা প্ৰাৰ্থীয়ে অসামৰিক সেৱা পৰীক্ষা (চি এছ ই)ত পুনৰ হাজিৰ হ’ব নোৱাৰে ৷বুধবাৰে আয়োগে এক অধিসূচনাযোগে স্পষ্ট কৰি দিয়ে যে ইতিমধ্যে আই এ এছ বা আই এফ এছ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা প্ৰাৰ্থীসকলক পৰীক্ষাত পুনৰ হাজিৰ হ’বলৈ দিয়া নহ’ব ৷পৰীক্ষাৰ বাবে আৱেদন কৰাৰ ক্ষেত্ৰত থকা বাধাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আয়োগে কয় যে পূৰ্বৰ পৰীক্ষাৰ ফলাফলৰ ভিত্তিত ভাৰতীয় প্ৰশাসনিক সেৱা (আই এ এছ) বা ভাৰতীয় বিদেশ সেৱা (আই এ এছ)ত নিযুক্তি পোৱা আৰু সেই সেৱাৰ সদস্য হৈ থকা প্ৰাৰ্থীয়ে অসামৰিক সেৱা পৰীক্ষা-২০২৬ত অৱতীৰ্ণ হোৱাৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰিব ৷আয়োগে কয়, “যদি এনে প্ৰাৰ্থীয়ে অসামৰিক সেৱা (প্ৰিলিমছ) পৰীক্ষা-২০২৬ শেষ হোৱাৰ পিছত আই এ এছ বা আই এফ এছত নিযুক্তি দিয়া হয় আৰু সেই সেৱাৰ সদস্য হৈ থাকে, তেন্তে তেওঁ অসামৰিক সেৱা (প্ৰিলিমছ) পৰীক্ষা-২০২৬ত যোগ্যতা অৰ্জন কৰাৰ পিছতো অসামৰিক সেৱা (প্ৰিলিমছ) পৰীক্ষা-২০২৬ত উপস্থিত থাকিবলৈ যোগ্য নহ’ব ৷”আয়োগে এই কথাও স্পষ্ট কৰি দিয়ে যে এনে পৰীক্ষাৰ্থীয়ে প্ৰিলিমছ পৰীক্ষাত যোগ্যতা অৰ্জন কৰিলেও প্ৰিলিমছৰ পিছত কিন্তু মেইনছছৰ পূৰ্বে আই এ এছ বা আই এফ এছত নিযুক্তি পালে মেইনছ পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিব ৷ অধিসূচনাত লগতে উল্লেখ কৰা হৈছে, “যদি কোনো প্ৰাৰ্থীয়ে অসামৰিক সেৱা (মূল) পৰীক্ষা-২০২৬ আৰম্ভ হোৱাৰ পিছত কিন্তু ফলাফল আয়োগে ঘোষণা কৰাৰ আগতেই আই এ এছ বা আই এফ এছত নিযুক্তি দিয়া হয় আৰু সেই সেৱাৰ সদস্য হৈ থাকে, তেন্তে সেই প্ৰাৰ্থীক চি এছ ই-২০২৬ৰ ফলাফলৰ ভিত্তিত কোনো সেৱা/পদত নিযুক্তিৰ বাবে বিবেচনা কৰা নহ’ব ৷ভাৰতীয় আৰক্ষী সেৱা (আই পি এছ)ৰ বাবে নিয়মত উল্লেখ আছে যে যিসকল পৰীক্ষাৰ্থীয়ে ইতিমধ্যে পূৰ্বৰ পৰীক্ষাৰ জৰিয়তে আই পি এছত নিৰ্বাচিত বা নিযুক্তি লাভ কৰিছে, তেওঁলোকে চি এছ ই ২০২৬ৰ ফলাফলৰ ভিত্তিত পুনৰ আই পি এছত নিৰ্বাচিত বা আবণ্টন লাভৰ যোগ্য নহ’ব ৷ অধিসূচনাখনত কোৱা হৈছে, “যিসকল প্ৰাৰ্থীয়ে পূৰ্বৰ পৰীক্ষাৰ ফলাফলৰ ভিত্তিত আই পি এছত নিৰ্বাচিত বা নিযুক্তি লাভ কৰিছে, তেওঁলোক চি এছ ই-২০২৬ৰ ফলাফলৰ ভিত্তিত ভাৰতীয় আৰক্ষী সেৱাত নিৰ্বাচিত বা আবণ্টন দিয়াৰ যোগ্য নহ’ব ৷” অৱশ্যে চি এছ ই-২০২৬ৰ জৰিয়তে আই পি এছ বা কেন্দ্ৰীয় সেৱা গ্ৰুপ ‘এ’ পদৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীক কিছু শিথিলতা প্ৰদান কৰিছে ইউ পি এছ চিয়ে ৷ এনে পৰীক্ষাৰ্থীক ২০২৭ চনৰ অসামৰিক সেৱা পৰীক্ষাত উপস্থিত থাকিবলৈ দিয়া হ’ব, যদিহে তেওঁলোকে যোগ্যতাৰ মাপকাঠী পূৰণ কৰে আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই তেওঁলোকক প্ৰশিক্ষণত অংশগ্ৰহণৰ পৰা ৰেহাই প্ৰদান কৰে ৷অধিসূচনাত লগতে কোৱা হৈছে, “চি এছ ই-২০২৬ৰ ফলাফলৰ ভিত্তিত ভাৰতীয় আৰক্ষী সেৱা বা কেন্দ্ৰীয় সেৱা গোট ‘এ’লৈ নিৰ্বাচিত হোৱা প্ৰাৰ্থীসকলে কিছুমান চৰ্ত সাপেক্ষে, যদিহে তেওঁলোক যোগ্য হয়, তেন্তে তৎক্ষণাত পিছৰ চি এছ ই-২০২৭ত উপস্থিত হোৱাৰ বিকল্প থাকিব । এনে প্ৰাৰ্থীয়ে সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা চি এছ ই-২০২৬ৰ ভিত্তিত তেওঁক আবণ্টিত সেৱাৰ বাবে প্ৰশিক্ষণৰ পৰা ৰেহাই লাভ কৰিলে চি এছ ই-২০২৭ৰ বাবে হাজিৰ হোৱাৰ যোগ্য হ’ব । আয়োগে আৰু কয়, “চি এছ ই-২০২৭ত উপস্থিত থকাৰ বাবে তেওঁক এবাৰহে প্ৰশিক্ষণত অংশগ্ৰহণৰ পৰা ৰেহাই দিয়া হ’ব ৷

Leave a Reply

Your email address will not be published. Required fields are marked *