জলবায়ুৰ পৰিবৰ্তনৰ লগতে চৌদিশে এতিয়া ধূলিময় তথা শুকান পৰিৱেশে বিৰাজ কৰিছে । বিশেষকৈ গুৱাহাটী মহানগৰীৰ চৌদিশে চলি থকা নিৰ্মাণ কাৰ্যৰ বাবে একপ্ৰকাৰ ধূলিময় পৰিৱেশৰ বাবে বিভিন্ন শ্বাস-প্ৰশ্বাসজনিত ৰোগে গা কৰি উঠিছে । এতিয়া যেন সকলোৱে অপেক্ষা কৰিছে এজাক বৰষুণৰ বাবে ।এই ধূলিময় পৰিৱেশে আমাৰ স্বাস্থ্যৰ ওপৰতো বিশেষভাৱে প্ৰভাৱ পেলাইছে । এই সন্দৰ্ভত জ্যেষ্ঠ চিকিৎসক ডাঃ জয়ন্ত প্ৰসাদ শৰ্মাই কয়, “গুৱাহাটী মহানগৰীত বহুত দিনৰ পৰা বৰষুণ নাই, যাৰ ফলত চৌদিশে এক শুকান পৰিৱেশে বিৰাজ কৰিছে । ধূলিয়ে আমাৰ ছাল-চুলিকে ধৰি শৰীৰত বিভিন্ন ধৰণে ক্ষতি কৰে ।কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে ?যিসকল ৰোগীৰ এজমাৰ সমস্যা আছে তেওঁলোকৰ এই সময়চোৱাত বিশেষভাৱে সাৱধানতা অৱলম্বন কৰিব লাগে ।শুকান বতৰৰ বাবে এই সময়চোৱাত ছালখন শুষ্ক হৈ থাকে । সেয়ে ছালখনৰ যত্ন লোৱাটো খুবেই প্ৰয়োজন । ছালখন সদায় মইশ্চৰাইজাৰ কৰি ৰাখিব লাগে ।বিশেষ কোনো কাম নাথাকিলে ঘৰৰ পৰা বাহিৰলৈ যাব নালাগে ।বয়োজ্যেষ্ঠ বা যিসকল লোকৰ হাওঁফাওঁৰ সমস্যা আছে তেওঁলোকে বাহিৰলৈ ওলাই গ’লে মাস্ক পৰিধান কৰিহে যাব লাগে। বাহিৰৰ পৰা অহাৰ পাছত হাত-ভৰি ভালদৰে ধুৱ লাগে ।বতৰ শাক পাচলি, ফল-মূল আদি খাব লাগে ।প্ৰচুৰ পৰিমাণে পানী খাব লাগে ।

Leave a Reply

Your email address will not be published. Required fields are marked *