আজিৰ দিনটো অসমৰ বিকাশৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি এক সংবাদমেলত যিবোৰ ঘোষণা কৰিলে, সেয়া কেৱল প্ৰতিশ্ৰুতি নহয়, এখন ‘নতুন আৰু শক্তিশালী অসম’ৰ মানচিত্ৰ। যোগাযোগৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় নিৰাপত্তালৈকে— চৰকাৰে গ্ৰহণ কৰিছে কেবাটাও যুগান্তকাৰী পদক্ষেপ।
১. ১২ ঘণ্টাৰ যাত্ৰা এতিয়া ৫ ঘণ্টাত! (গুৱাহাটী-শিলচৰ হাই-স্পীড কৰিডৰ)বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ দূৰত্ব এতিয়া নামতহে থাকিব। ২২,৮৬৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব গুৱাহাটী-শ্বিলং-শিলচৰ হাই-স্পীড কৰিডৰ।
বিশেষত্ব: বৰ্তমানৰ ১২-১৩ ঘণ্টাৰ যাত্ৰা হ্ৰাস পাই হ’ব মাত্ৰ ৪.৫ পৰা ৫ ঘণ্টা।আৰম্ভণি: মাৰ্চ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিবলৈ অসমলৈ আহিব।
২. চিকেন নেকত ‘অদৃশ্য’ সুৰক্ষা কৱচৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত শিলিগুৰিৰ ২১-২২ কিলোমিটাৰৰ ‘চিকেন নেক’ (Chicken’s Neck) অঞ্চলত নিৰ্মাণ হ’ব ভূগৰ্ভস্থ ৰেল আৰু পথ (Underground Tunnel)।
মুখ্যমন্ত্ৰীয়ে কয়, “শত্ৰুৱে আমাক ভয় দেখুৱাব নোৱাৰে। এই টানেলে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক মূল ভূখণ্ডৰ সৈতে সদায় সুৰক্ষিতভাৱে সংযুক্ত কৰি ৰাখিব।”
৩. ব্ৰহ্মপুত্ৰৰ তলেৰে চলিব ৰেল! (গহপুৰ-নুমলীগড় টানেল) অসমত হ’ব এছিয়াৰ অন্যতম বৃহৎ আশ্চৰ্য! ব্ৰহ্মপুত্ৰৰ বুকুৰ তলেৰে নিৰ্মাণ হ’ব ৩৪ কিলোমিটাৰৰ যমজ টানেল। ১৮,৬৬২ কোটি টকাৰ এই প্ৰকল্পই গহপুৰ আৰু নুমলীগড়ক পোনপোটীয়াকৈ সংযোগ কৰিব। এই টানেলেৰে ৰেল আৰু গাড়ী একেলগে চলাচল কৰিব পাৰিব।
৪. গুৱাহাটীৰ যান-জঁটৰ দিন শেষ: ৰিং ৰোডৰ বাবে ১২,০০০ কোটিমহানগৰবাসীৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান! গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ বাবে চৰকাৰে ১২,৭২৯ কোটি টকাৰ অনুমোদন জনাইছে। ইয়াৰ ভিতৰত থাকিব কুৰুৱা আৰু নাৰেংগীৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত আন এখন নতুন দলং। এতিয়াৰে পৰা মহানগৰীৰ মাজেৰে গধুৰ যান-বাহন পাৰ হ’ব নালাগে।
৫. মা কামাখ্যা ধামৰ নৱৰূপআইনী জটৰ অন্ত পৰিল। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে মা কামাখ্যা কৰিডৰৰ কাম অতি শীঘ্ৰেই আৰম্ভ হ’ব। আই আই টি (IIT) গুৱাহাটীৰ সমীক্ষাত প্ৰমাণ হৈছে যে এই নিৰ্মাণকাৰ্যই নীলাচল পাহাৰৰ পানীৰ উৎস বা পৰিৱেশৰ কোনো ক্ষতি নকৰে।
এই মেগা প্ৰকল্পসমূহ সম্পূৰ্ণ হ’লে অসম কেৱল ভাৰতৰে নহয়, সমগ্ৰ দক্ষিণ-পূব এছিয়াৰ যোগাযোগৰ প্ৰাণকেন্দ্ৰ হৈ পৰিব। ২০২৬ চনটো অসমৰ আন্তঃগাঁথনিৰ বাবে এক টাৰ্ণিং পইণ্ট বুলি নিঃসন্দেহে ক’ব পাৰি।
