গৌৰৱ গগৈৰ মতে গৰু বেপাৰী ঋষিৰাজ হাজাৰিকাক বিজেপিৰ টিকট কিয় ?

মুখ্যমন্ত্রীৰ এই মন্তব্যৰ পাছতে অগপৰ ভিতৰচ’ৰাত তুমুল জোকাৰণিৰ সৃষ্টি হৈছে । কিয়নো নিৰ্বাচন খেলাৰ লক্ষ্যৰে দীর্ঘদিন ধৰি সমষ্টিটোত কাম কৰি আছে অগপৰ কেন্দ্রীয় বিত্ত সম্পাদক জয়ন্ত খাউণ্ডে । তেওঁ বিগত সময়ত নিৰ্বাচনী অভিজ্ঞতাৰে পুষ্ট হৈ আছে । সমষ্টিটোৰ চুকে-কোণে সোমাই ৰাইজৰ হকে কাম কৰি জনপ্ৰিয়তা অৰ্জন কৰিছে জয়ন্ত খাউণ্ডে । দলীয় কৰ্মীসকলেও জয়ন্ত খাউণ্ডক লৈ সমষ্টিটোত নিৰ্বাচন খেলাৰ লক্ষ্যৰে কাম কৰি আছে।

কিন্তু হঠাৎ সকলো ওলট-পালট হৈ পৰিল । মুখ্যমন্ত্রীয়ে সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী দিয়া হ’ব বুলি ঘোষণা কৰাৰ লগে লগে অগপৰ ভিতৰচ’ৰাত তীব্ৰ অসন্তুষ্টি আৰম্ভ হৈছে । অৱশ্যে মুখ্যমন্ত্রীয়ে ‘অতুল বৰাই বহুত কিবা কিবি ক’লে বেলেগ কথা’ বুলি ক্ষীণ আশা এটাও অগপৰ বাবে এৰি থৈ যায় । পিছে সেই ক্ষীণ আশাক লৈ সন্তুষ্ট নহয় অগপৰ কৰ্মীসকল । তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সমষ্টিটো অগপক লাগিবই বুলি দাবী কৰিছে।

অগপৰ ৰঙানদী সমষ্টি সমিতিয়ে লখিমপুৰত এখন সংবাদমেল সম্বোধন কৰি তেওঁলোকৰ দাবী উত্থাপন কৰে । সংবাদমেলত সমিতিৰ সভাপতি ধনেশ্বৰ হাজৰিকাই কয়, “কালি মুখ্যমন্ত্রীয়ে ৰঙানদী সমষ্টিত আহি সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী দিয়া হ’ব বুলি ঘোষণা কৰাৰ লগতে বিগত লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীজন সমষ্টিটোত লীডত আছিল বুলি কৈছে । পিছে দুৰ্ভাগ্যজনক যে বিগত নিৰ্বাচনত দুয়োটা দলে সমিল-মিলেৰে নিৰ্বাচন খেলি মিত্ৰজোঁটৰ প্ৰাৰ্থীজনক জিকাই পঠোৱা হৈছিল । কিন্তু তেওঁলোকে কেৱল বিজেপিৰ ভোটেৰে প্ৰাৰ্থীজন লীডত আছিল বুলি উল্লেখ কৰিছে । এই কথাত আমি দুখ পাইছোঁ । সমষ্টিটোত অগপৰ বিত্ত সম্পাদক জয়ন্ত খাউণ্ডৰ নেতৃত্বত প্ৰাথমিক পৰ্যায়ৰ পৰা সকলো কাম-কাজ কৰি আগুৱাই নি সমাপ্ত কৰা হৈছে । সেয়ে অগপৰ প্ৰাৰ্থীক সমষ্টিটোত মিত্রজোঁটে টিকট দিব লাগে।”

ৰঙানদী সমষ্টি সমিতিখনৰ পৰ্যবেক্ষক ধনমণি দত্তই কয়, “অগপৰ কেন্দ্রীয় বিত্ত সম্পাদক জয়ন্ত খাউণ্ডৰ নেতৃত্বত সমষ্টিটোত দলীয় কাম-কাজ আগুৱাই নিয়া হৈছে । তৃণমূল পৰ্যায়ৰ পৰা শক্তিশালী কৰা হৈছে । বিগত নিৰ্বাচনত মিত্রজোঁটৰ প্ৰাৰ্থীজনে ৬,৮০০ ভোটত লীড লৈছিল । বিজেপিৰ উপৰিও অগপৰ প্ৰতিজন কাৰ্যকৰ্তাই প্ৰাৰ্থীজন বিজয় হোৱাত একেলগে কাম কৰিছিল । জয়ন্ত খাউণ্ডেও শক্তিশালীভাৱে প্ৰাৰ্থীজনৰ হৈ কাম কৰিছিল । পিছে মুখ্যমন্ত্রীয়ে অকল বিজেপিয়ে লীড লোৱা বুলি উল্লেখ কৰি এইবাৰ বিধানসভাৰ নিৰ্বাচনত সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী দিয়াৰ কথা কয় । আমি দাবী জনাইছোঁ । জয়ন্ত খাউণ্ডক প্ৰাৰ্থিত্ব দিয়ক । আমি সকলো মিলি তেওঁক জিকাই পঠাম।”

তেওঁ লগতে কয়, “দলৰ সভাপতি অতুল বৰাৰ ওপৰত আমাৰ বিশ্বাস আছে । শীর্ষ মহলত আলোচনা কৰি ৰঙানদী সমষ্টিত জয়ন্ত খাউণ্ডক টিকট দিব । ভোটাৰ ৰাইজেও সমষ্টিটোত আঞ্চলিক দলৰ বিধায়ক হোৱাতো কামনা কৰিছে।”

সমষ্টিটোত অগপৰ শিপা আছে বুলি উল্লেখ কৰি জয়ন্ত খাউণ্ডে কৰি অহা জনহিতৈষী কাম কাজৰো বৰ্ণনা কৰে। যদি সমষ্টিটোত অগপৰ প্ৰাৰ্থীক টিকট নিদিয়ে তেন্তে দলীয় কৰ্মীসকলৰ লগত আলোচনা কৰি সিদ্ধান্ত লোৱা হ’ব বুলিও অগপই স্থিতি স্পষ্ট কৰে । সমষ্টিটোৰ অগপ নেতাসকলৰ এই ধৰণৰ মন্তব্যই সমষ্টিটোত বিজেপিয়ে প্ৰাৰ্থী দিলে অগপই বিকল্প চিন্তা কৰাৰ ইংগিত প্ৰকাশ কৰে । যদি বিজেপিয়ে কোনো কাৰণত সমষ্টিটো অগপক এৰি নিদিয়ে তেন্তে অগপইও প্ৰাৰ্থী দিব পাৰে ! যদি বিজেপিৰ হেঁচাত অগপৰ নেতৃত্বই প্ৰাৰ্থী দিয়াত অসমৰ্থ হয় তেন্তে পৰৱৰ্তী ছবিখন বেলেগ হ’ব । সেই সম্ভাৱনা ইতিমধ্যে প্ৰকাশ পাইছে । মুঠতে লখিমপুৰৰ ৰঙানদীয়ে এতিয়া বিজেপি অগপৰ সম্পৰ্কত আউল লগোৱাৰ সম্ভাৱনা প্ৰকট হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *