১১৩ নম্বৰ হাফলং বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্বৰ দৌৰত আছে একাধিক প্ৰাৰ্থিত্ব প্ৰত্যাশী । ইয়াৰেই ইংগিত দিছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই । বৰ্তমানৰ বিধায়িকা তথা মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ উপৰি এই দৌৰত আছে একাধিক নতুন মুখ । অৱশ্য়ে এই সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী যিয়েই নহওক কিয় দলটোৰ বিজয় নিশ্চিত বুলি দাবী কৰিছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে । সোমবাৰে ডিমা হাছাও জিলা দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণৰ পিচতেই সাংবাদিকে এই সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত দেৱলাল গাৰ্লোচাই কয়, “হাফলং বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থিত্বৰ বাবে একাধিক প্ৰাৰ্থীয়ে আবেদন কৰিছে । ইয়াৰ মাজত আছে বৰ্তমান বিধায়ক তথা ৰাজ্যৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ মোহিত হোজাই, ডিমা হাছাও জিলা বিজেপিৰ সভাপতি ধৃতি থাওচেন, প্ৰবিতা জহৰি আৰু ৰূপালী লাংথাচা ।” অৱশ্য়ে এই সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থিত্ব কোনে লাভ কৰিব এতিয়াও কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই বুলি মন্তব্য় কৰি তেওঁ কয় যে এইক্ষেত্ৰত দলৰ সিদ্ধান্তই হ’ব চূড়ান্ত ।দেৱলাল গাৰ্লোচাই কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয়, “কংগ্ৰেছ উন্নয়নৰ শত্ৰু । কংগ্ৰেছ ডিমা হাছাও জিলাত যি কাম কৰিছে জনগণে সেয়া কেতিয়াও পাহৰিব নোৱাৰে । কংগ্ৰেছৰ দিনত ডিমা হাছাও জিলাৰ পৰা চূণ,পাথৰ বিক্ৰী কৰি দিয়া হৈছিল । নিপকোক ২১ হাজাৰ বিঘা ভূমি গতাই দিয়া হৈছিল বিনা চুক্তিত; কিন্তু নিপকোই এই ভূমিৰ বাহিৰেও ২৯ হাজাৰ বিঘা ভূমি ব্যৱহাৰ কৰিছিল । এই ভূমিৰ কেৱল খাজনা দি আছিল । কয়লাৰ ছিণ্ডিকেট চলিছিল কংগ্ৰেছৰ দিনত । কংগ্ৰেছ নেতা গোবিন্দ চন্দ্ৰ লাংথাচাৰ দিনত ৰাইজিং প্লেনটেচনৰ নামত ৩ হাজাৰ বিঘা ভূমি আৰু লাইলিং চাহ বাগিচাৰ বাবে ১৫ হাজাৰ বিঘা ভূমি আবন্টন দিছিল আৰু আমি এই ভূমি পুনৰুদ্ধাৰ কৰিছো ।”
