ৰাজ্যসভাৰ সদস্য হিচাপে মাজত মাত্ৰ কেইটামান মাহ হিচাপে কাৰ্যনিৰ্বাহ কৰিব অজিত কুমাৰ ভূঞাই । কাৰ্যকাল শেষৰ পূৰ্বে অসমৰ ইতিহাসকলৈ নিজৰ দায়বদ্ধতাৰ পৰিচয়ৰে জাতিপ্ৰেম সদনত দাঙি ধৰে । ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক অলিখিত ইতিহাস । ৰাষ্ট্ৰৰ দৃষ্টিৰ পৰা নিলগত থকা এই ইতিহাসৰ ওপৰত আলোকপাত কৰি সাংসদ অজিত ভূঞাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে ।অসমীয়াতে দিয়া ভাষণত অজিত ভূঞাই ১৯৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমৰ স্বাধীনতা সংগ্ৰামীয়ে গ্ৰহণ কৰা এক দুঃসাহসিক অভিযানৰ কথা সংসদত উত্থাপন কৰে । লগতে কয় যে দেশত এই ঐতিহাসিক ঘটনাটো প্ৰচাৰ নোহোৱাটো অতি দুৰ্ভাগ্যজনক কথা ।সাংসদ অজিত ভূঞাই কয়, “১৯৪২ চনৰ স্বাধীনতা সংগ্ৰামৰ চূড়ান্ত স্তৰ হ’ল ‘ভাৰত ত্যাগ’ আন্দোলন । সমগ্ৰ ভাৰতবৰ্ষজুৰি স্বাধীনতা আন্দোলনৰ নেতাসকলক কাৰাৰুদ্ধ কৰাৰ পিছত এই স্বাধীনতা আন্দোলন তাৎক্ষণিকভাৱে ৰূপান্তৰিত হ’ল ব্যাপক গণ সংগ্ৰামলৈ, য’ত প্ৰায় প্ৰতিজন ভাৰতীয়ই অংশগ্ৰহণ কৰিছিল । এই গণ সংগ্ৰামৰ দাবী আছিল যাতে ব্ৰিটিছ সাম্ৰাজ্যবাদীহঁতে ভাৰত ত্যাগ কৰে আৰু একেসময়তে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ফেঁচিবাদৰ বিৰোধিতা কৰিও যুদ্ধত সেনাবাহিনীৰ সহযোগিতাৰ বিৰোধ কৰে । ভাৰতৰ বিভিন্ন ঠাইৰ দৰে অসমৰ আন্দোলনকাৰীসকলেও বিভিন্ন ঠাইত দলং আৰু চৰকাৰী কাৰ্যালয় আদিত অগ্নিসংযোগ কৰা, সেনাবাহিনীলৈ ৰচদপাতি বন্ধ কৰি দিয়া আদি কাম কৰিছিল ।ইয়াৰ পৰিণামস্বৰূপে সাধাৰণ মানুহৰ ওপৰত সেনাবাহিনীৰ লগতে পুলিচৰ অমানুষিক অত্যাচাৰ দিনে দিনে বাঢ়ি গৈ আছিল । সাধাৰণ মানুহৰ ওপৰত সেনাবাহিনীৰ এনে জনবিৰোধী নিৰ্মম অত্যাচাৰৰ বিৰোধিতা কৰিবলৈ কংগ্ৰেছৰ স্বাধীনতাকাংক্ষী অগ্ৰণী ভলণ্টিয়াৰসকলে সেনা কঢ়িওৱা ৰে’ল বগৰোৱাৰ সিদ্ধান্ত পৰ্যন্ত লৈছিল । এই সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ সেইসময়ৰ নগাঁৱৰ কংগ্ৰেছী নেতা আৰু কৰ্মীসকলে গুৱাহাটীৰ ওচৰৰ কোনোবাখিনিত কামটো কৰাটো অৱশেষত খাটাং কৰিলে ।”ৰে’ল বগৰোৱা পৰিকল্পনা সন্দৰ্ভত তেওঁ কয়, “ইয়াৰ বাবে চূড়ান্তভাৱে নিৰ্বাচন কৰিলে গুৱাহাটীৰ পূবপিনে থকা পাণবাৰী আৰু পানীখাইতি ৰে’ল ষ্টেচনৰ মাজৰ নলঘূলি নামৰ ঠাইডোখৰ ! এই অভিযানত আগভাগ লৈছিল স্বাধীনতা যুঁজাৰু মৃত্যুবাহিনীৰ অগ্ৰণী নেতা মহদানন্দ দেৱগোস্বামী আৰু তেখেতৰ দহজন সহযোগী যোদ্ধাই । এইসকল নগাঁৱৰ বিভিন্ন ঠাইৰ আছিল আৰু মহদানন্দ দেৱগোস্বামী নিজেই আছিল মায়ঙৰ বাসিন্দা ।”তেওঁ লগতে কয়, “মৃত্ বাহিনীৰ এইসকল যোদ্ধাই ১৯৪২ চনৰ ২৪ নৱেম্বৰ তাৰিখে সন্ধিয়া ৭ বজাৰ পৰা ৮ বজাৰ ভিতৰত বৰ্তমানৰ নাগালেণ্ডৰ, তাহানিৰ অসমৰ ডিমাপুৰলৈ এখন বিশেষ ৰে’লযোগে প্ৰায় ৭০০ৰ পৰা ১০০০ জন ব্ৰিটিছ-আমেৰিকান সেনা কঢ়িয়াই নিয়া ৰে’লৰ চিৰি লাইনচ্যুত কৰি গোটেই ৰে’লখনকেই ডিগাৰু নৈৰ এটা ঘূলিত বগৰাই চালক-পৰিচালকৰ লগতে আটাইবোৰ সেনাকেই নিহত কৰিছিল । ই আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক ব্যতিক্ৰমী ঘটনা । সম্ভৱতঃ অসমতেই এই ঘটনা সংঘটিত হৈছিল, অথচ যিটো ঘটনা আজিলৈকে ভাৰতৰ কোনো বুৰঞ্জীত লিপিবদ্ধ নহ’ল আৰু অন্ধকাৰতেই থাকি গ’ল ! উল্লেখ্য যে ৰে’লখনৰ ইঞ্জিনটো আজিও নলঘূলিৰ ৰে’ল আলি আৰু দ পিতনিৰ তলত পোত গৈ আছে বুলি স্থানীয় ৰাইজে দাবী কৰে ।”কিন্তু এই ঘটনাৰ কথা স্বাধীনতা আন্দোলনৰ কোনো ইতিহাসত লিপিবদ্ধ নাই বুলি খেদ প্ৰকাশ কৰি সাংসদ অজিত ভূঞাই কয়, “স্বাধীনতাৰ এই বিৰল ঘটনা ভাৰতৰ কোনো বুৰঞ্জীত উল্লেখ নাথাকিলেও জ্ঞানপীঠ বঁটা বিজয়ী আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই লিখি উলিওৱা ‘মৃত্যুঞ্জয়’ নামৰ উপন্যাসখনত ৮৩ বছৰ আগেয়ে সংঘটিত হোৱা এই সংগ্ৰামী ঘটনাৰ বিস্তৃত উল্লেখ আছে । মন কৰিবলগীয়া যে এই উপন্যাসখনে ১৯৭৯ চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল ।”তেওঁ লগতে কয়, “লক্ষণীয় কথা যে দেশে স্বাধীনতাৰ ৭৫ সংখ্যক উৎসৱ উদ্ যাপন কৰাৰ সময়ত এই নিৰস্ত্ৰ স্বাধীনতা সংগ্ৰামীয়ে স্বাধীনতা যুদ্ধৰ অংশ হিচাপে ৰে’ল বগৰাই একেসময়তে প্ৰায় হাজাৰজন সৈনিক নিহত কৰা এই ঘটনাক ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ আৰু অসমৰ ৰাজ্য চৰকাৰে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাটোৱে আমাৰ পূৰ্বজৰ মহান স্বাধীনতা যুদ্ধৰ লগতে স্বাধীনতা সংগ্ৰামীসকলক যেন গুৰুত্বহীন কৰি পেলাইছে !
