ভাৰতীয় নিৰ্বাচন আয়োগে আজি অসমৰ ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিছে। এই নতুন তালিকাত ৰাজ্যখনৰ ভোটাৰৰ তথ্য অধিক শুদ্ধ আৰু নিকা কৰাৰ প্ৰয়াস স্পষ্ট হৈ পৰিছে।
ভোটাৰৰ সংখ্যা হ্ৰাস: কিয় এই শুদ্ধিকৰণ?
সাধাৰণতে প্ৰতি বছৰে ভোটাৰৰ সংখ্যা বৃদ্ধি পায় যদিও, এইবাৰ অসমৰ চূড়ান্ত তালিকাত পূৰ্বৰ তুলনাত প্ৰায় ২.৪৩ লাখ (০.৯৭%) ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। বৰ্তমান ৰাজ্যখনত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২.৪৯ কোটি।
নিৰ্বাচন আয়োগৰ সূত্ৰ অনুসৰি, এই হ্ৰাসৰ মূল কাৰণসমূহ হ’ল:
মৃত ভোটাৰ: যিসকল ব্যক্তিৰ মৃত্যুৰ পিছতো নাম তালিকাত আছিল, সেইবোৰ আঁতৰোৱা হৈছে।
স্থানান্তৰিত ভোটাৰ: স্থায়ীভাৱে নিজৰ সমষ্টি এৰি যোৱা লোকসকলৰ নাম কৰ্তন কৰা হৈছে।
দ্বৈত ভোটাৰ: আধুনিক ছফ্টৱেৰৰ জৰিয়তে একেজন ব্যক্তিৰ নাম একাধিক ঠাইত থকাটো ধৰা পেলাই তালিকাখন নিকা কৰা হৈছে।
লিংগ সমতাত ঐতিহাসিক সফলতা
২০২৬ চনৰ এই তালিকাৰ আটাইতকৈ উল্লেখনীয় দিশটো হ’ল পুৰুষ আৰু মহিলা ভোটাৰৰ সমান অংশগ্ৰহণ। অসমৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে লিংগ অনুপাত প্ৰায় ১:১ হৈছে।বৰ্তমান মুঠ ভোটাৰৰ ৪৯.৯% শতাংশই হ’ল মহিলা। এই পৰিৱৰ্তনে আগন্তুক নিৰ্বাচনত ৰাজনৈতিক দলসমূহৰ ৰণনীতিৰ আমূল পৰিৱৰ্তন ঘটাব বুলি ধাৰণা কৰা হৈছে, কাৰণ ‘মহিলা ভোট বেংক’ এতিয়া নিৰ্ণায়ক শক্তি হৈ পৰিব।
তালিকাত নাম নাই নেকি? কি কৰিব?
চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পিছতো যদি কোনো যোগ্য নাগৰিকৰ নাম বাদ পৰিছে, তেওঁলোকে সংশোধনীৰ সুযোগ পাব:
১/ সংশ্লিষ্ট জিলা দণ্ডাধীশ (DM) বা পঞ্জীয়ন বিষয়াৰ ওচৰত আপীল কৰিব পাৰিব।
২/ এই আবেদন আজিৰ পৰা ১৫ দিনৰ ভিতৰত দাখিল কৰিব লাগিব।
