লোকসভাৰ অধ্যক্ষক তেওঁৰ পদৰ পৰা অপসাৰণৰ বাবে বিৰোধী সাংসদসকলে দাখিল কৰা জাননীখনত ‘ত্ৰুটি’ পোৱা গৈছে । সেয়ে ওম বিৰলাই লোকসভা সচিবালয়ক নিৰ্দেশ দিছে যে এই ‘ত্ৰুটিপূৰ্ণ’ জাননীখন সংশোধন কৰিব লাগে যাতে ইয়াক খাৰিজ হোৱাটো ৰোধ কৰিব পৰা যায় । লোকসভাৰ সূত্ৰই বুধবাৰে এই কথা প্ৰকাশ কৰিছে । মঙলবাৰে বিয়লি লোকসভাৰ মহাসচিব উৎপল কুমাৰ সিঙক দাখিল কৰা জাননীখনত ১১৮ গৰাকী বিৰোধী সাংসদে স্বাক্ষৰ কৰিছে । কিন্তু পিছত বিৰোধীয়ে উক্ত জাননীখন প্ৰত্যাহাৰ কৰি তাৰিখ শুধৰণি কৰি তাৰ ঠাইত আন এখন জাননী জমা দিয়ে ।

লোকসভাৰ সূত্ৰই জনোৱা মতে, ভুল তাৰিখ উল্লেখ কৰাৰ চাৰিটা দৃষ্টান্ত পোৱা গৈছে, যাৰ ফলত নিয়মৰ অধীনত জাননীখন খাৰিজ হ’ব পাৰিলেহেঁতেন । অৱশ্যে বিৰলাই লোকসভা সচিবালয়ক এই ত্ৰুটিপূৰ্ণ জাননীখন সংশোধন কৰি তাৰ ওপৰত ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে ।

এগৰাকী কাৰ্যকৰ্তাই কয়, “বিৰলাই নিয়ম অনুসৰি তৎকালীন ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল । বাজেট অধিবেশনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাৰ পিছত, ৯ মাৰ্চৰ পৰা এই জাননীখন তালিকাভুক্ত কৰা হ’ব ।

“সূত্ৰসমূহে জনোৱা মতে, সংশোধিত জাননী লাভ কৰাৰ লগে লগে নিয়ম অনুসৰি ক্ষিপ্ৰ পৰ্যালোচনা কৰা হ’ব । মঙলবাৰে বিৰোধী দলসমূহে বিৰলাক লোকসভাৰ অধ্যক্ষ পদৰ পৰা অপসাৰণ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰি সদনত তেওঁ ‘স্পষ্টভাৱে পক্ষপাতমূলক’ভাৱে কাম কৰা বুলি অভিযোগ উত্থাপন কৰে আৰু বিষয়টো নিষ্পত্তি নোহোৱালৈকে তেওঁক কাৰ্যবিধিৰ অধ্যক্ষতাৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়ে ।

লোকসভাত কংগ্ৰেছৰ উপ-দলপতি গৌৰৱ গগৈ, মুখ্য হুইপ কে সুৰেশ আৰু হুইপ মহম্মদ জাভেদে সংবিধানৰ ৯৪ চি অনুচ্ছেদৰ অধীনত কংগ্ৰেছ, সমাজবাদী পাৰ্টী, ডি এম কেকে ধৰি কেইবাটাও বিৰোধী দলৰ হৈ লোকসভাৰ সচিব প্ৰধান উৎপল কুমাৰ সিঙৰ হাতত এই জাননী দাখিল কৰে ।

লোকসভা সচিবালয়ৰ বিষয়াসকলে কয় যে নৈতিকতাৰ উচ্চতম মান ৰক্ষা কৰি বিৰলাই তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱ নিষ্পত্তি নোহোৱালৈকে অধ্যক্ষৰ চকীত নবহাৰ সিদ্ধান্ত লৈছে । ৯ মাৰ্চত অধ্যক্ষগৰাকীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ লোৱাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি বিষয়াসকলে কয় । বিৰতিৰ পিছত সেই সময়ত বাজেট প্ৰস্তাৱসমূহ পৰীক্ষাৰ বাবে সদন পুনৰ মিলিত হ’ব ।

উল্লেখ্য যে সংবিধানৰ ৯৪ গ অনুচ্ছেদত লোকসভাৰ অধ্যক্ষ বা উপাধ্যক্ষক অপসাৰণৰ বিধানৰ বিষয়ে উল্লেখ কৰা হৈছে । সংবিধানৰ ৯৬ নং অনুচ্ছেদত অধ্যক্ষক সদনত নিজৰ পক্ষ সুৰক্ষা কৰাৰ সুযোগ দিয়া হৈছে । তেওঁক অপসাৰণৰ প্ৰস্তাৱ সদনত উত্থাপন হ’লে অধ্যক্ষই ভোট দিব পাৰে । কিন্তু টাই হ’লে ভোট দিব নোৱাৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *