২০২৪ চনৰ গণ বিদ্ৰোহৰ পিছত অনুষ্ঠিত প্ৰথমটো নিৰ্বাচনত তাৰিক ৰহমান নেতৃত্বাধীন বাংলাদেশ নেচনেলিষ্ট পাৰ্টীয়ে বৃহৎ জয়ৰ দিশে আগবাঢ়িছে । শুকুৰবাৰে বাংলাদেশৰ টিভি চেনেলসমূহে এই প্ৰক্ষেপণ কৰিছে ।

বি এন পিৰ জ্যেষ্ঠ নেতা ৰুহুল কবীৰ ৰিজভিয়ে এক দলীয় বিবৃতিত পৰিসংখ্যা নিদিয়াকৈয়ে ইয়াক ‘বৃহৎ বিজয়’ বুলি দাবী কৰে । লগতে দলৰ অনুগামীসকলক ৰাজপথত উদযাপন কৰাৰ পৰিৱৰ্তে শুকুৰবাৰে নামাজ পঢ়ি ভগৱানক ধন্যবাদ জনাবলৈ আহ্বান জনায় ।

আনহাতে, বিবৃতিটোত উল্লেখ কৰা হৈছে, “বি এন পিৰ বৃহৎ জয়ৰ পিছতো কোনোধৰণৰ বিজয় সমদল উলিওৱা নহ’ব ।” লগতে কোৱা হৈছে, “দেশজুৰি জুম্মা (শুকুৰবাৰ) নামাজৰ পিছত আমি মছজিদসমূহত বিশেষ নামাজ অনুষ্ঠিত কৰিম।

“স্থানীয় সময় অনুসৰি পুৱা ৫.৩০ বজাত টেলিভিছন সম্প্ৰচাৰকসকলে প্ৰক্ষেপণ কৰে যে বি এন পিয়ে সংসদত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ আগবাঢ়িছে আৰু ১৫০ আসনৰ সীমা অতিক্ৰম কৰিছে । যমুনা আৰু সময় টেলিভিছন চেনেলৰ বাতৰি অনুসৰি, বি এন পিয়ে ১৯৭ খন আসন লাভ কৰিছে ।

আনহাতে, জামাত-ই-ইছলামীৰ নেতৃত্বত গঠিত ইছলামিক নেতৃত্বাধীন মিত্ৰজোঁটে ৬৩ খন আসন লাভ কৰা বুলি টিভি চেনেলসমূহে উল্লেখ কৰিছে । জামাতৰ বাবে এইটো বিগত নিৰ্বাচনৰ ফলাফলৰ তুলনাত এক বৃহৎ সফলতা । কিন্তু দলটোৱে চলোৱা সম্পূৰ্ণ জয়ৰ প্ৰচাৰ তুলনাত ই বহু কম । অৱশ্যে ফলাফল আনুষ্ঠানিক নহয় আৰু ভোটদান হোৱা ৩০০ সমষ্টিৰ মুঠ ২৯৯টা সমষ্টিৰ ভোট গণনা অব্যাহত আছে ।

মহিলাৰ বাবে সংৰক্ষিত সংসদত আৰু ৫০ খন আসনৰ নাম দলীয় তালিকাৰ পৰা ঘোষণা কৰা হ’ব । বৰ্তমান পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ’বলৈ সাজু হোৱা বি এন পিৰ ৬০ বছৰীয়া নেতা তাৰিক ৰহমানে ভোটদানৰ প্ৰাকক্ষণত সকলোকে ওলাই আহি ব্যাপক মাত্ৰাত ভোটদান কৰিবলৈ আহ্বান জনাইছিল ।

ভোটদানৰ দুদিন পূৰ্বে তেওঁ এ এফ পিক জনাইছিল যে তেওঁ ‘প্ৰবল আত্মবিশ্বাসী’ যে উচ্ছেদিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ ১৫ বছৰীয়া স্বৈৰাচাৰী শাসনৰ সময়ত একপ্ৰকাৰ চাপত ৰখা তেওঁলোকৰ দলটোৱে ১৭ কোটি জনসংখ্যাৰ দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰখনত পুনৰ ক্ষমতা লাভ কৰিব ।

ইফালে বি এন পিৰ কাৰ্যালয়ৰ সন্মুখত দলীয় কৰ্মীসকলে সমগ্ৰ নিশা কটায় । ৪৫ বছৰীয়া এগৰাকী দলীয়া কৰ্মকৰ্তা ফজলুৰ ৰহমানে এ এফ পিক কয়, “আমি তাৰিক ৰহমানৰ নেতৃত্বত ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰচেষ্টাত যোগদান কৰিম ।

“বিগত ১৭ বছৰত আমি বহুত ক্ষতিগ্ৰস্ত হৈছো, একাধিক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত গোচৰৰ সন্মুখীন হৈছো আৰু মোৰ মালিকানাধীন এটা কাৰখানা হেৰুৱাইছো ।”তেওঁ কয় ।

অৱশ্যে নিৰ্বাচন আয়োগে চূড়ান্ত ফলাফল এতিয়াও প্ৰকাশ কৰা নাই । কিন্তু এটা কথা অনুমান কৰিব পাৰি যে শুকুৰবাৰে পুৱাৰ ভাগতে ফলাফল সাজু হৈ উঠিব ।

নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দেশজুৰি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হয় আৰু ব্যাপক মাত্ৰাত নিৰাপত্তা বাহিনী গধুৰ নিয়োগ কৰা হয় । আনহাতে, ৰাষ্ট্ৰসংঘৰ বিশেষজ্ঞসকলে ভোটদানৰ পূৰ্বে ‘ক্ৰমবৰ্ধমান অসহিষ্ণুতা, ভাবুকি আৰু আক্ৰমণ’ আৰু ‘মিছা তথ্যৰ ছুনামী’ৰ সতৰ্কবাণী দিছিল । নিৰ্বাচনী প্ৰচাৰৰ সময়ত ৰাজনৈতিক সংঘৰ্ষত পাঁচজন লোকৰ মৃত্যু হোৱাৰ লগতে ৬০০ৰো অধিক লোক আহত হোৱা বুলি আৰক্ষীৰ তথ্যত প্ৰকাশ পাইছে । কিন্তু ভোটগ্ৰহণৰ দিনটো বহুলাংশে শান্তিপূৰ্ণ আছিল বুলি উল্লেখ কৰি নিৰ্বাচন আয়োগে মাত্ৰ ‘কেইটামান সৰু-সুৰা ঘটনা’ৰ কথাহে উল্লেখ কৰে ।

দুঃস্বপ্নৰ সমাপ্তি ঘটিল

নতুন চৰকাৰে ক্ষমতা দখল কৰাৰ পিছত পদত্যাগ কৰিবলগীয়া অন্তৰ্ৱৰ্তীকালীন নেতা মহম্মদ ইউনুছে সকলো পক্ষকে শান্ত হৈ থাকিবলৈ আহ্বান জনাইছে । “আমাৰ মত বিৰোধ হ’ব পাৰে, কিন্তু বৃহত্তৰ ৰাষ্টীয় স্বাৰ্থত আমি একত্ৰিত হৈ থাকিব লাগিব ।” তেওঁৰ আহ্বান । উল্লেখ্য যে, ২০২৪ চনৰ আগষ্ট মাহত শ্বেখ হাছিনাৰ শাসনৰ অন্ত পৰাৰ পিছৰে পৰা বাংলাদেশক নেতৃত্ব দি আহিছে ৮৫ বছৰীয়া শান্তিৰ নোবেল বঁটা বিজয়ীগৰাকীয়ে ।

ইফালে ইউনুছৰ প্ৰশাসনে হাছিনাৰ আৱামি লীগ দলটোক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত বাধা আৰোপ কৰিছিল । ইউনুছে ভোটদান কৰাৰ পিছত কয় যে দেশখনে “দুঃস্বপ্নৰ অন্ত পেলাই নতুন সপোন আৰম্ভণি কৰিছে” ।

উল্লেখ্য যে, মানৱতাৰ বিৰুদ্ধে অপৰাধৰ বাবে তেওঁৰ অনুপস্থিতিতে মৃত্যুদণ্ডৰ শাস্তি পোৱা ৭৮ বছৰীয়া হাছিনাই ভাৰতত আত্মগোপন কৰি থকা অৱস্থাৰ পৰাই এক বিবৃতি প্ৰকাশ কৰি এই নিৰ্বাচনক ‘অবৈধ আৰু অসাংবিধানিক নিৰ্বাচন’ বুলি অভিহিত কৰে । আনহাতে, ইউনুছে উল্লেখ কৰা অনুসৰি চৰকাৰৰ ‘সম্পূৰ্ণ ভাঙি যোৱা’ ব্যৱস্থাটোক পুনৰুদ্ধাৰ কৰাৰ বাবে আৰু একদলীয় শাসনলৈ ঘূৰি যোৱাত বাধা দিবলৈ এক ব্যাপক গণতান্ত্ৰিক সংস্কাৰ চনদৰ পোষকতা কৰিছে ।

চনদখন আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যকালৰ সময়সীমা, সংসদৰ নতুন উচ্চ সদন, ৰাষ্ট্ৰপতিৰ শক্তিশালী ক্ষমতা আৰু অধিক ন্যায়িক স্বাধীনতাৰ বাবে তেওঁৰ প্ৰস্তাৱক সমৰ্থন কৰিব নে নকৰে সেই সন্দৰ্ভত ভোটাৰসকলে গণভোটতো অংশগ্ৰহণ কৰে । টেলিভিছনৰ প্ৰক্ষেপণ অনুসৰি ভোটাৰসকলে এই চনদখনক সমৰ্থন কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *