কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে পৰীক্ষাৰ মূল্যায়ন ব্যৱস্থাত এক বৃহৎ পৰিৱৰ্তন সাধন কৰি ২০২৬ চনৰ পৰা দ্বাদশ শ্ৰেণীৰ উত্তৰবহীৰ বাবে অন-স্ক্ৰীন মাৰ্কিং(অ’ এছ এম) কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লৈছে। ব’ৰ্ডে কয় যে এই ডিজিটেল ব্যৱস্থাই মূল্যায়ন প্ৰক্ৰিয়াক অধিক স্বচ্ছ, দ্ৰুত আৰু আঁসোৱাহমুক্ত কৰি তুলিব।

সোমবাৰে চি বি এছ ইৰ সৈতে জড়িত প্ৰতিখন বিদ্যালয়ৰ অধ্যক্ষলৈ আনুষ্ঠানিক বিজ্ঞপ্তি জাৰি কৰি ২০২৬ চনত ব’ৰ্ড পৰীক্ষাৰ পৰা আৰম্ভ কৰি দ্বাদশ শ্ৰেণীৰ উত্তৰবহীৰ মূল্যায়ন অনলাইনযোগে কৰা হ’ব বুলি নিৰ্দেশ দিয়া হৈছে । এই ব্যৱস্থা ভাৰতকে ধৰি ২৬ খন দেশত কাৰ্যকৰী কৰা হ’ব, য’ত চি বি এছ ইৰ পৰীক্ষা অনুষ্ঠিত হয় ।

ব’ৰ্ডৰ মতে, প্ৰতি বছৰে প্ৰায় ৪৬ লাখ ছাত্ৰ-ছাত্ৰীয়ে চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হয় । মূল্যায়নত দক্ষতা আৰু স্বচ্ছতা বৃদ্ধিৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। অৱশ্যে দশম শ্ৰেণীৰ উত্তৰবহীৰ মূল্যায়ন শাৰীৰিক(অফলাইন) মাধ্যমেৰে চলি থাকিব।

অন-স্ক্ৰীন মাৰ্কিং(OSM)ৰ মূল সুবিধাসমূহ

চি বি এছ ইয়ে ডিজিটেল মূল্যায়ন ব্যৱস্থাৰ কেইবাটাও সুবিধাৰ তালিকা প্ৰস্তুত কৰিছে, য’ত আছে নম্বৰৰ যোগ-বিয়োগৰ ভুল সম্পূৰ্ণৰূপে নাইকীয়া কৰা, মেন্যুৱেল প্ৰক্ৰিয়া হ্ৰাস কৰা আৰু উন্নত সমন্বয়, মূল্যায়ন প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰা, শিক্ষকসকলে নিজৰ বিদ্যালয়ৰ পৰা মূল্যায়ন কৰিব পৰা, উত্তৰবহীৰ পৰিবহণত সময় আৰু খৰচৰ ৰাহি, ফলাফলৰ পিছত নম্বৰৰ পৰীক্ষণৰ প্ৰয়োজন নোহোৱা, পৰীক্ষাৰ বাবে অতিৰিক্ত কৰ্মচাৰীৰ প্ৰয়োজনীয়তা হ্ৰাস পোৱা, সকলো বিদ্যালয়ে অংশগ্ৰহণৰ সুযোগ মূল্যায়ন প্ৰক্ৰিয়াত, ভাৰত আৰু বিদেশৰ চি বি এছ ইৰ সৈতে জড়িত সকলো বিদ্যালয়ৰ শিক্ষকৰ অংশগ্ৰহণ আৰু পৰিৱেশ অনুকূল ডিজিটেল মূল্যায়ন ব্যৱস্থা আদি।

বিদ্যালয়সমূহে এই প্ৰস্তুতিসমূহ কৰিব লাগিব

চি বি এছ ইয়ে সকলো বিদ্যালয়কে অন স্ক্ৰীন মাৰ্কিঙৰ বাবে কাৰিকৰী প্ৰস্তুতি নিশ্চিত কৰিবলৈ কয় । ইয়াৰ ভিতৰত আছে এটা ৰাজহুৱা ষ্টেটিক আই পি ঠিকনা, উইণ্ড’জ ৮ বা তাৰ ওপৰৰ অ’ এছ, কমেও ৪ জি বি ৰেম আৰু ১ জিবি খালী স্থান, এটা আপডেট কৰা ইণ্টাৰনেট ব্ৰাউজাৰ, এড’ব ৰিডাৰ, কমেও ২ এম বি পি এছৰ সুস্থিৰ ইণ্টাৰনেট সংযোগ আৰু নিৰৱচ্ছিন্ন শক্তি যোগান।

শিক্ষকসকলে প্ৰশিক্ষণ লাভ কৰিবচি বি এছ ইয়ে কয় যে এই নতুন ব্যৱস্থাটোৰ মসৃণ ৰূপায়ণৰ বাবে অ’ এ এছ আই এছ আই ডি থকা সকলো শিক্ষকক ব্যৱস্থাটোত লগ ইন কৰি অনুশীলন কৰিবলৈ সময় দিয়া হ’ব ৷

Leave a Reply

Your email address will not be published. Required fields are marked *