ভাৰত-আমেৰিকাৰ অন্তৱৰ্তীকালীন বাণিজ্য চুক্তিক লৈ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰক সমালোচনা কৰে কংগ্ৰেছৰ জ্যেষ্ঠ সাংসদ তথা লোকসভাৰ বিৰোধী নেতা ৰাহুল গান্ধীয়ে ৷ তেওঁ কয় যে এই চুক্তিয়ে ১৪০ কোটি ভাৰতীয়ৰ ভৱিষ্যত বন্ধকত ৰাখিছে ।
কেন্দ্ৰীয় বাজেট সন্দৰ্ভত লোকসভাত ভাষণ দিয়াৰ পিছত গান্ধীয়ে কয় যে এই চুক্তিখন “সমতাৰ বাবে নহয়, ই এটা বাধ্যবাধকতা” । তেওঁ “এপষ্টেইন ফাইল আৰু আদানী গোচৰ”ৰ কথা উল্লেখ কৰি অভিযোগ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে “জাতীয় স্বাৰ্থৰ মূল্যত নিজৰ ক্ষমতা ৰক্ষা কৰিছে ৷”
এক্সৰ এটা পোষ্টত গান্ধীয়ে কয়, “ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তিয়ে ১৪০ কোটি ভাৰতীয়ৰ ভৱিষ্যত বন্ধকত ৰাখিছে । যুৱক-যুৱতীৰ চাকৰি বাজিত পৰিছে, কৃষকৰ শস্য আলোচনাৰ মেজত আছে আৰু শক্তিৰ সুৰক্ষা বিদেশী প্ৰভাৱৰ ওপৰত এৰি দিয়া হৈছে ! অপৰিসীম হেঁচা অবিহনে কোনো প্ৰধানমন্ত্ৰীয়ে এনেকৈ হাৰ নামানে । ভাৰতীয়ই বুজি পায় — এই চুক্তি সমতাৰ বাবে নহয়, ই এটা বাধ্যবাধকতাৰ । এপষ্টেইন ফাইলৰ পৰা হওক বা… আদানী গোচৰ-মোদী জীয়ে জাতীয় স্বাৰ্থৰ মূল্যত নিজৰ ক্ষমতা ৰক্ষা কৰিছে ।
কিছুদিনৰ পাছতে চৰকাৰে এক বৃহৎ AI সন্মিলন আয়োজন কৰিছে । ভাৰতৰ বাবে এয়া নেতৃত্ব দৃঢ় কৰাৰ সুযোগ হ’ব লাগিছিল – ১৪০ কোটি জনসংখ্যা থকা এখন দেশে আমাৰ তথ্য কেনেকৈ ব্যৱহাৰ কৰি বিশ্বৰ AI ভৱিষ্যত গঢ়ি তুলিব পাৰে, ON OUR OWN TERMS । তাৰ পৰিৱৰ্তে এজন অসহায় প্ৰধানমন্ত্ৰী মোদীয়ে, বাণিজ্যিক চুক্তিত আমেৰিকাৰ ‘চ’কহ’ল্ড’ৰ ওচৰত আত্মসমৰ্পণ কৰিছে । ডিজিটেল বাণিজ্যৰ বাধা আঁতৰোৱাৰ অজুহাতত আমাৰ তথ্য নিজৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰাৰ যিকোনো প্ৰচেষ্টাক প্ৰতিহত কৰা হ’ব ।
গান্ধীয়ে লগতে কয়, “ইতিমধ্যে বৃহৎ বিদেশী কোম্পানীসমূহে ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ, ইউটিউব, আমাজন, এণ্ড্ৰইড আদিৰ জৰিয়তে আমাৰ তথ্যৰ ওপৰত প্ৰায় একচেটিয়া অধিকাৰ লাভ কৰিছে । এই চুক্তিৰ জৰিয়তে ভাৰতে (i) ভাৰতত ১.৫ বিলিয়ন ভাৰতীয়ৰ তথ্য নিৰাপদে সংৰক্ষণ কৰিবলৈ সংগ্ৰাম কৰিব, (ii) তেওঁলোকৰ ছ’ৰ্চ ক’ড আৰু এলগৰিদমত স্বচ্ছতা লাভ কৰিব, (iii) আমাৰ ডাটা ব্যৱহাৰ কৰি তেওঁলোকে কৰা লাভৰ ওপৰত কৰ আৰোপ কৰিব । ই এটা লজ্জাজনক যে আমাৰ প্ৰধানমন্ত্ৰীক ভাৰতৰ প্ৰধান সম্পদ বিদেশী শক্তিক গতাই দিবলৈ হেঁচা দিয়া হৈছে ।
“আমেৰিকাৰ ন্যায় বিভাগৰ হাতত এপষ্টেইন সম্পৰ্কীয় ফাইল আছে, য’ত হৰদীপ পুৰী আৰু অনিল আম্বানীৰ নাম সন্নিবিষ্ট কৰা হৈছে । আদানীৰ গোচৰ চলি আছে, ইয়াত চমন জাৰি কৰা হৈছে । বিগত ১৮ মাহ ধৰি চৰকাৰে কোনো সঁহাৰি দিয়া নাই । প্ৰধানমন্ত্ৰীৰ ওপৰত প্ৰত্যক্ষ হেঁচা । তথ্য, শক্তি সুৰক্ষা, প্ৰতিৰক্ষা আৰু কৃষকৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে কি কৰিছে-কোনো প্ৰধানমন্ত্ৰীয়ে হেঁচা অবিহনে এনে কাম নকৰে ।” ৰাহুল গান্ধীয়ে কোৱাৰ দৰে প্ৰিয়ংকা গান্ধীয়েও এনেদৰে উল্লেখ কৰে ।
ইফালে, কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে “সদনক বিপথে পৰিচালিত কৰাৰ বাবে আৰু লগতে ভিত্তিহীন বক্তব্যও দিয়াৰ বাবে” লোকসভাত ভাৰতীয় জনতা পাৰ্টীৰ সদস্যসকলে ৰাহুল গান্ধীৰ বিৰুদ্ধে বিশেষাধিকাৰ জাননী দিব । তেওঁ কয় যে ৰাহুল গান্ধীয়ে চৰকাৰৰ বিৰুদ্ধে আৰু প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে ‘‘অদৰকাৰী আৰু মিছা অভিযোগ’’ উত্থাপন কৰিছে ।
