বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে ১৭ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় সংসদ কমপ্লেক্সৰ দক্ষিণ প্লাজাত বিএনপিৰ অধ্যক্ষ তাৰিক ৰহমানৰ নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ কৰিব । সংবাদ সংস্থা PTI-ত প্ৰকাশ কৰা মতে, এই তথ্য সদৰী কৰে বিভাগীয় বিষয়াসকলে ৷ বিষয়াসকলে এই কথাও উল্লেখ কৰে যে ১৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগা এই অনুষ্ঠানটো ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত কৰাৰ পৰম্পৰাতকৈ কিছু পৃথক হ’ব ৷
শনিবাৰে বঙাইভৱন (Bangabhaban, ৰাষ্ট্ৰপতি প্ৰাসাদ)ৰ এগৰাকী বিষয়াই নাম প্ৰকাশ নকৰাকৈয়ে কয়, ‘‘আমাক জনোৱা হৈছে যে ৰাষ্ট্ৰপতিয়ে মঙলবাৰে জাতীয় সংসদ কমপ্লেক্সত (নতুন মন্ত্ৰীসভা) শপত গ্ৰহণ কৰিব ।’’
ইতিমধ্যে সকলোৰে জ্ঞাত যে, বৃহস্পতিবাৰৰ ঐতিহাসিক সংসদীয় নিৰ্বাচনত শুকুৰবাৰে দুই তৃতীয়াংশতকৈ অধিক সংখ্যাগৰিষ্ঠতাৰে ৰহমানৰ বাংলাদেশ নেচনেলিষ্ট পাৰ্টীয়ে জয়লাভ কৰে।
প্ৰথম আলো (Prothom Alo) আৰু ইত্তেফাক (Ittefaq) কাকতৰ মতে, সংবিধানত উল্লেখ কৰা অনুসৰি এই অনুষ্ঠানৰ পিছতে অধ্যক্ষ শ্বিৰিন শৰ্মিন চৌধুৰীৰ পৰিৱৰ্তে নৱনিৰ্বাচিত সংসদ সদস্যসকলক মুখ্য নিৰ্বাচন আয়ুক্ত এ এম এম নাছিৰ উদ্দিনে শপত গ্ৰহণ কৰিব । সংবিধানৰ তৃতীয় অনুসূচী অনুসৰি বিদায়ী সংসদৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ অনুপস্থিতিত এই পদৰ বাবে CEC তৃতীয় পছন্দ ।
ইয়াৰ পূৰ্বে কেবিনেট সম্পাদক শ্বেখ আব্দুৰ ৰছিদে কয় যে সংবিধান অনুসৰি ৰাষ্ট্ৰপতিয়ে বঙাভাবনত নতুন মন্ত্ৰীসভাক শপত গ্ৰহণ কৰিব । তেওঁ অৱশ্যে এই অনুষ্ঠানৰ তাৰিখৰ কথা উল্লেখ নকৰিলে ৷শীৰ্ষ আমোলাগৰাকীয়ে কয়, ‘‘আমাক নিৰ্দেশ বা ইংগিত দিয়া হয় যে ই এটা নিৰ্দিষ্ট তাৰিখ আৰু নিৰ্দিষ্ট সময়ত অনুষ্ঠিত হ’ব, তেন্তে আমি সেই অনুসৰি কাম কৰিম । যদি অনুষ্ঠানটো কাইলৈ হয়, তেতিয়া আমি কাইলৈৰ বাবে প্ৰস্তুতি চলাব লাগিব ।’’ সংবিধান অনুসৰি কেবিনেটৰ মন্ত্ৰীসকলৰ শপত গ্ৰহণ অনুষ্ঠানৰ পিছত নতুন সংসদ সদস্যৰ শপত গ্ৰহণ কৰিব লাগিব ।
ইফালে শনিবাৰে ৰহমানৰ এজন মূল সহায়কে নিজৰ নাম প্ৰকাশ নকৰাকৈয়ে কয় যে বৰ্তমানৰ পৰিস্থিতিয়ে কথাবোৰ অলপ জটিল কৰি তুলিছে। “পূৰ্বৰ সংসদৰ অধ্যক্ষই সাংসদসকলক শপত গ্ৰহণ কৰোৱাৰ কথা আছিল যদিও তেওঁ পদত্যাগ কৰি বৰ্তমান এক অজ্ঞাত স্থানত বাস কৰি আছে, আনহাতে উপ অধ্যক্ষ জেলত আছে ।’’ তেওঁ কয় ৷
শীৰ্ষ আমোলাগৰাকীয়ে লগতে কয়, ‘‘এনে পৰিস্থিতিত ৰাষ্ট্ৰপতিয়ে শপত গ্ৰহণ কৰোৱাবলৈ সিদ্ধান্ত ল’ব পাৰে ৷ সংবিধানে ইয়াৰ বাবেও এক ব্যৱস্থা ৰাখিছে ৷’’আনহাতে, ৰাজহুৱা প্ৰশাসনে এক বিবৃতি প্ৰকাশ কৰি কয় যে মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰে কেবিনেট সচিব ৰছিদৰ চুক্তিবদ্ধ নিযুক্তি বাতিল কৰিছে ৷ তেওঁৰ ঠাইত চিৰাজ উদ্দিন মিয়াক নিযুক্তি দিছে, যি বৰ্তমান মুখ্য উপদেষ্টা ইউনুছৰ প্ৰধান সচিব হিচাপে কাম কৰি আছে । কিন্তু ৰছিদে সাংবাদিকৰ আগত কয় যে তেওঁ কিছুদিন পূৰ্বে পদত্যাগ কৰিছিল আৰু শনিবাৰে তেওঁৰ পদত্যাগৰ পত্ৰ গ্ৰহণ কৰা হৈছিল।
উল্লেখ্য যে, ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰে চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সচিব ৰছিদক ২০২৪ চনৰ ১৪ অক্টোবৰত দুবছৰৰ বাবে শীৰ্ষ আমোলা হিচাপে নিযুক্তি দিছিল ।
