ভূপেন বৰাৰ পিছতেই ৪৮ ঘণ্টাৰ ভিতৰত আন এগৰাকী কংগ্ৰেছ বিধায়কে যোগ দিব বিজেপিত। ৰাজনৈতিক মহলত ব্যাপক চৰ্চা চলিছে কোন কংগ্ৰেছ বিধায়কে যোগ দিব বিজেপিত । কংগ্ৰেছ বিধায়ক বিজেপিত যোগদান কৰিলে বাজপেয়ী ভৱনে আজিকালি তথ্য নিশ্চিত নকৰে বৰঞ্চ হিমন্ত বিশ্ব শৰ্মাৰ শিবিৰে নিশ্চিত কৰে । সূত্ৰ অনুসৰি অমিত শ্বাহৰ উপস্থিতত কংগ্ৰেছৰ এক বৃহৎ গোটে যোগদান কৰিব। ভূপেন বৰাৰ লগত কংগ্ৰেছৰ ১ গৰাকী বিধায়ক যোগদান কৰিব পাৰে বিজেপিত । সমষ্টি পুনঃ নিৰ্ধাৰণ হোৱাৰ পিছত ৰাজনৈতিক অস্তিত্ব সংকটত থকা বিধায়ক ক্ৰমে : দিগন্ত বৰ্মন, যাদৱ স্বৰ্গয়াৰী,প্ৰদীপ সৰকাৰ আৰু নন্দিতা দাস বৰ্তমান অস্তিত্বৰ সংকটত আছে । বিজেপিৰ এগৰাকী বিধায়কৰ মধ্যস্থতাত আজি দিশপুৰত নিজৰ চৰ্ত ৰাখিব আৰু গেৰুৱা হোৱাৰ দিনবাৰ তাৰিখ ফাইনেল কৰি আহিব । ৪ গৰাকী বিধায়কৰ ভিতৰত ১ গৰাকীয়ে যোগদানৰ সন্মতি দিছে । অসমৰ ৰাজনীতিত ৪৮ ঘণ্টাৰ ভিতৰত বৃহৎ পট পৰিৱৰ্তন ঘটিব।
