বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আন এক অভিলেখ গঢ়াৰ বাবে সাজু হৈছে ৷ অৱশ্যে এই অভিলেখ হ’ব একেদিনাই একে সময়ত বিশাল পৰিমাণৰ ৰাজকোষৰ ধন ডিবিডি যোগে বিতৰণৰ অভিলেখ ৷ ৰাজ্যৰ ৪০ লাখ অৰুণোদয় হিতাধিকাৰীক নগদ ধন প্ৰদানৰ যোগেদি অহা ১০ মাৰ্চত অসম চৰকাৰে একপ্ৰকাৰ অভিলেখ ৰচনা কৰিব ৷ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে পুৱা ফেচবুক লাইভযোগে এই কথা সদৰী কৰে৷
মুখ্যমন্ত্রীয়ে কয়, “অহা ১০ মাৰ্চৰ পুৱা ১০.৩০ বজাত অসমৰ ৪০ লাখ অৰুণোদয় পৰিয়াললৈ আমি ৯ হাজাৰ টকাকৈ আগবঢ়াম ৷ এই উপলক্ষ্যে অসমৰ প্ৰতিখন পঞ্চায়তত, কাৰ্বি আংলং আৰু ডিমা হাচাওৰ এম এ চি অঞ্চলত, বি টি চিৰ ভি চি ডি চি অঞ্চলত আৰু নগৰ সমূহৰ ৱাৰ্ডত আমি একোখনকৈ সভাৰ আয়োজন কৰা হৈছে ৷ পুৱা ১০.৩০ বজাত এই সভা অনুষ্ঠিত হ’ব আৰু সভা চলি থাকোতেই প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে ৯ হাজাৰ টকাকৈ লাভ কৰিব ৷ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আন এক অভিলেখ গঢ়াৰ বাবে সাজু হৈছে ৷ অৱশ্যে এই অভিলেখ হ’ব একেদিনাই একে সময়ত বিশাল পৰিমাণৰ ৰাজকোষৰ ধন ডিবিডি যোগে বিতৰণৰ অভিলেখ ৷ ৰাজ্যৰ ৪০ লাখ অৰুণোদয় হিতাধিকাৰীক নগদ ধন প্ৰদানৰ যোগেদি অহা ১০ মাৰ্চত অসম চৰকাৰে একপ্ৰকাৰ অভিলেখ ৰচনা কৰিব ৷ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে পুৱা ফেচবুক লাইভযোগে এই কথা সদৰী কৰে৷
মুখ্যমন্ত্রীয়ে কয়, “অহা ১০ মাৰ্চৰ পুৱা ১০.৩০ বজাত অসমৰ ৪০ লাখ অৰুণোদয় পৰিয়াললৈ আমি ৯ হাজাৰ টকাকৈ আগবঢ়াম ৷ এই উপলক্ষ্যে অসমৰ প্ৰতিখন পঞ্চায়তত, কাৰ্বি আংলং আৰু ডিমা হাচাওৰ এম এ চি অঞ্চলত, বি টি চিৰ ভি চি ডি চি অঞ্চলত আৰু নগৰ সমূহৰ ৱাৰ্ডত আমি একোখনকৈ সভাৰ আয়োজন কৰা হৈছে ৷ পুৱা ১০.৩০ বজাত এই সভা অনুষ্ঠিত হ’ব আৰু সভা চলি থাকোতেই প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে ৯ হাজাৰ টকাকৈ লাভ কৰিব৷
“মুখ্যমন্ত্ৰীয়ে লগতে কয়, “মই সকলো অৰুণোদয় হিতাধিকাৰী পৰিয়ালক সভাত উপস্থিত থকাৰ বাবে বিনম্ৰতাৰে নিমন্ত্রন জনাইছো ৷ অসমত মুঠ ৪০ লাখ অৰুণোদয় পৰিয়াল আছে ৷ আমি ৯ হাজাৰ টকা তেওঁলোকলৈ সন্মান হিচাপে আগবঢ়াম আৰু তাৰ বাবে ৩৬০০ কোটি টকা লাগিব ৷ একেদিনাই একেলগে ৩৬০০ কোটি টকা এনেদৰে হস্তান্তৰ কৰাটো একপ্ৰকাৰ অভিলেখত পৰিণত হ’ব ৷ আপোনালোকৰ সাহস আৰু প্ৰেৰণাৰ বাবে আমি এনেধৰণৰ সাহসী কাম কৰিবলৈ সক্ষম হৈছো৷
“তেওঁ আৰু কয়, “পুনৰ কৈছো অহা ১০ মাৰ্চৰ পুৱা ১০.৩০ বজাত আয়োজন কৰা সভাত উপস্থিত থাকি নিজৰ ৯ হাজাৰ টকা যেন লাভ কৰে ৷ এয়াই মোৰ বিনম্ৰ অনুৰোধ ৷” লক্ষণীয় বিষয় যে অৰুণোদয় হিতাধিকাৰীক ৰাজ্য চৰকাৰে প্ৰতি মাহে ১২৫০ টকাকৈ প্ৰদান কৰে ৷ কিন্তু নিৰ্বাচনৰ পূৰ্বে এইবাৰ চৰকাৰে চাৰি মাহৰ লগতে অতিৰিক্তভাৱে দি মুঠ ৯ হাজাৰ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিছে ৷ ১০ মাৰ্চত প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে ৯ হাজাৰ টকাকৈ লাভ কৰিব আৰু ইয়াৰ বাবে চৰকাৰৰ ব্যয় হ’ব ৩৬০০ কোটি টকা ৷
