ৰাজ্যত নিৰ্বাচনী বতাহ আৰম্ভ হৈছে যদিও বিজেপিৰ ভিতৰতে এটি খবৰে ধুমুহাৰ সৃষ্টি কৰিছে। ছাত্ৰ অৱস্থাৰ পৰা বিজেপিৰ বহুতো বেয়া দিনৰ সাক্ষী ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। বিজেপিৰ বেয়া দিনত নিজৰ ঘৰৰ পৰা চাহপাত, চেনী, বিস্কুটৰ পেকেট পৰ্যন্ত দলীয় বৈঠকত লৈ আনিছিল শইকীয়াই । ABVPৰ দায়িত্বৰ সময়ত সংঘ পৰিয়ালৰ সৈতে দিলীপ শইকীয়াৰ বৃদ্ধি পায় ঘনিষ্ঠতা । ভাৰতবৰ্ষৰ সংঘ পৰিয়ালৰ প্ৰতিগৰাকী শীৰ্ষ স্বয়ংসেৱকৰ সৈতে অতিকৈ মধুৰ ঘনিষ্ঠতা । ১৯৭৩ চনৰ ১ চেপ্টেম্বৰত জন্মগ্ৰহণ কৰা দিলীপ শইকীয়া আজি ভাৰতীয় ৰাজনীতিত এক চিনাকি মুখ হৈ পৰিছে । বিজেপিৰ ৰাষ্ট্রীয় সম্পাদকৰ দায়িত্বৰ,লোকসভাত সভাপতিৰ দায়িত্ব সুন্দৰকৈ পৰিচালনা কৰাৰ উপহাৰ হিচাপে ভৱেশ কলিতাক আউট কৰি ১ বছৰ পূৰ্বে ৰাজ্যিক সভাপতিৰ দৰে গুৰু দায়িত্ব অৰ্পণ কৰিছিল যদিও ইয়াৰ আঁৰত আছে এক শক্তিশালী ৰাজনীতি । বিজেপিয়ে সদায় প্ৰতিটো প্ৰদেশত উচ্চ ক্ষমতাৰ ব্যক্তিৰ সমানে সমানে দ্বিতীয়জন শীর্ষ নেতাৰ নিৰ্মান কৰে। ঠিক তেনেই অসমৰ অসমৰ ক্ষেত্ৰত দিলীপ শইকীয়া । উদাহৰণ হিচাপে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ ভাই পেটেলৰ সমানে হৰ্ষ সাংঘবি। উত্তৰ প্ৰদেশত যোগী আদিত্যনাথৰ সমানে কেশৱ প্ৰসাদ মৌৰ্য। অৰুণাচলত প্ৰেমা খান্দুৰ সমানে কিৰণ ৰিজেজু। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাৰ সমানে সুশান্ত চৌধুৰীৰ লগতে ভাৰতৰ বহু কেইখন ৰাজ্যত বিজেপি আৰু RSS ৰ আশীৰ্বাদ থকা প্ৰতিটো ৰাজ্যৰ দ্বিতীয়জন ব্যক্তিক শক্তিশালী নেতা নিৰ্মাণ কৰে । অসমৰ ক্ষেত্ৰত বিজেপিয়ে দিলীপ শইকীয়াক ঠিক অন্যতম দ্বিতীয়জন নেতা হিচাপে প্ৰস্তুত কৰি তুলিছে । লোকসভাত দ্বিতীয়বাৰৰ বাবে দৰং মঙলদৈ সমষ্টিৰ সাংসদ হৈ নিৰ্বাচিত হবলৈ সহজ নাছিল টিকটলাভৰ পথ । আনকি ৰাজনৈতিক মহলত ব্যাপক আলোচনা হয় যে দিলীপ শইকীয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ দিল্লীৰ বাসগৃহত হাতজোৰ কৰি মুখ্যমন্ত্ৰীক টিকট ভিক্ষা খুজিছিল আৰু মুখ্যমন্ত্ৰীয়ে ভৱেশ কলিতাক বুজাবলৈ কৈছিল । সেই সময়ত ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্বত আছিল ভৱেশ কলিতা । দিলীপ শইকীয়া এটা সময়ত তেওঁৰ টিকট নহব বুলি ভাবি গুজৰাটত সংঘ পৰিয়ালৰ প্ৰয়াত এগৰাকী নেতাৰ কাষ চাপিছিল আৰু টিকট লাভ কৰিছিল । ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ দিলীপ শইকীয়াই লৈছে দলৰ মজবুত স্থিতি । শইকীয়াক মঙলদৈ সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ ৰাজ্যত বিজেপি মিত্ৰজোঁট চৰকাৰৰ গঠন হলেই দ্বিতীয় শক্তিশালী পদত অধিষ্ঠিত কৰাবলৈ বিজেপিৰ আৰু RSS ৰ এক শক্তিশালী গোটে চেষ্টা অব্যাহত ৰাখিছে । নব নিযুক্ত বিজেপিৰ ৰাষ্ট্রীয় সভাপতি নীতিন নবীনৰ সৈতে আছে শইকীয়াৰ এক ঘনিষ্ঠ সম্পৰ্ক। আনফালে ২০২১ চনত মঙলদৈৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱা বসন্ত দাস বৰ্তমান অৰ্ধ বিজেপি হৈ বহু বছৰ পাৰ কৰিলে যদিও একমাত্ৰ দিলীপ শইকীয়াৰ বাবে তেওঁ বিজেপিত যোগদান কৰিব পৰা নাই । ৰাজনৈতিক ভাবে বসন্ত দাস বৰ্তমান অক্সিজেনৰ অভাৱত ভুগিছে । একেদৰে মঙলদৈৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসৰ পৰিয়ালৰ APSC কেলেংকাৰীত নাম থকাৰ বাবে তেওঁক টিকট প্ৰদান কৰি বিজেপিয়ে কথাটো সহজভাবে লব বিচৰা নাই। বিজেপিৰ এক উচ্চ সূত্ৰই দাবী কৰা মতে আজি ৭ দিন পূবে এই কথা চিন্তা চৰ্চা পৰ্যন্ত হোৱা নাছিল । ৰাজীৱ ভৱনত APCC সভাপতি গৌৰৱ গগৈ উজনিৰ ডিমৌ বিধানসভাৰ পৰা নিৰ্বাচন খেলিবলৈ কংগ্ৰেছ কৰ্মীয়ে আমন্ত্ৰণ জনোৱাৰ লগে লগে অধিক বিষয়টো আহিছে চিন্তাৰ মাজলৈ । কাৰণ কংগ্ৰেছৰ সভাপতি যদি যোৰহাট লোকসভাৰ অন্তৰ্গত বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰে তেন্তে ইয়াৰ প্ৰভাব যোৰহাট লোকসভাৰ প্ৰতিটো আসনত পৰাৰ লগতে উজনীতো ব্যাপক প্ৰভাৱ পৰিব। দিল্লীৰ শীর্ষ নেতৃত্বই ইয়াৰ বাবে আৰম্ভ কৰিছে এক বিশেষ ছাৰ্ভে । যদি সকলো ঠিকে থাকে তেন্তে দিলীপ শইকীয়া মঙলদৈ সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হব আৰু চৰকাৰ গঠন হলে এক শক্তিশালী ভূমিকা গ্ৰহণ কৰি ৰাজ্যৰ দ্বিতীয়জন শক্তিশালী ৰাজনীতিবিদ হৈ পৰিব । কেন্দ্ৰীয় নেতৃত্বৰ গুড বুকুৰ ৰাডাৰত এতিয়া দিলীপ শইকীয়া ।

Leave a Reply

Your email address will not be published. Required fields are marked *