শাসকীয় দল বিজেপিয়ে তৃতীয়বাৰৰ বাবে শাসনৰ বাঘজৰী নিজৰ অধীনত ৰখাৰ পূৰ্ণ প্ৰস্তুতিৰে নিৰ্বাচনী ৰণত নামিছে । বিপৰীতে বিজেপিৰ মিত্রদল অগপই কেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব তাৰ নিশ্চয়তা এতিয়াও কৰিব পৰা নাই ।
অৱশ্যে অগপয়ো নিজৰ পৰ্যায়ত তৎপৰতা অব্যাহত ৰাখিছে । বিগ ব্ৰাডাৰ বিজেপিয়ে কেইখন আসন দিব সেই সিদ্ধান্ত এতিয়াও চূড়ান্ত হোৱা নাই বাবে অগপৰ নেতৃত্বই কোনো কথা স্পষ্টভাৱে ক’ব পৰা নাই ।
বৃহস্পতিবাৰে আমবাৰীৰ মুখ্য কাৰ্যালয়ত অগপৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । য’ত আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি জিলা পৰ্যায়ৰ নেতৃত্বৰে কেন্দ্ৰীয় নেতৃত্বৰ গুৰুত্বপূৰ্ণ আলোচনা হয় । কোন কেইটা সমষ্টিত অগপৰ জিকাৰ সম্ভাৱনা আছে, সেই সন্দৰ্ভত বিশদ আলোচনা কৰা হয় ।
অৱশ্যে অগপৰ সভাপতি অতুল বৰাই জিকাৰ সম্ভাৱনা থকা সমষ্টি কেইটাৰ বিষয়ে স্পষ্ট কৰা নাই । এক কথাত কোনো কথাই স্পষ্টভাৱে ক’বলৈ সক্ষম হোৱা নাই অগপৰ সভাপতিগৰাকী । কেৱল এটাই কথা যে ফেব্ৰুৱাৰীত সকলো কথা স্পষ্ট হ’ব । এক কথাত কৌশলীপূৰ্ণ স্থিতি গ্ৰহণ কৰিছে অগপৰ শীৰ্ষ নেতৃত্বই ।
অসন্তুষ্টিয়ে গা কৰি উঠিছে অগপত :
অগপৰ শীৰ্ষ নেতৃত্বই মুখ বন্ধ ৰখাৰ বিপৰীতে কিন্তু তৃণমূলৰ একাংশ নেতা-কৰ্মী মনে মনে থকা নাই । কেৱল তৃণমূলৰ কৰ্মীয়েই নহয় দলটোৰ কেইবাগৰাকী জ্যেষ্ঠ নেতায়ো নিজৰ অভিমত প্ৰকাশ কৰিছে । তেওঁলোকে কেতবোৰ সমষ্টি কোনো কাৰণতে বিজেপিক এৰি দিব বিচৰা নাই lসভাপতি অতুল বৰাই সমষ্টিৰ সংখ্যাৰ প্ৰসংগত নিৰৱতা অৱলম্বন কৰিলেও কিন্তু কেইবাজনো নেতাই নিজৰ অভিমত ৰাজহুৱা কৰিছে । অগপৰ প্ৰাক্তন বিধায়ক তথা জ্যেষ্ঠ নেতা ডাঃ কমলা কলিতাই এই সন্দৰ্ভত কয়, “আজিৰ দিনটোত অসম গণ পৰিষদে শক্তিশালী ভেঁটি থকা ৫০ টা সমষ্টি নিৰ্বাচন কৰি তাৰ প্ৰস্তুতি অব্যাহত ৰাখিছে । তাৰ ভিতৰত পলাশবাৰী সমষ্টিও আছে । মই পলাশবাৰী সমষ্টিত নিৰ্বাচন খেলিবৰ বাবে সম্পূৰ্ণ সাজু আছো । সমষ্টিটোত মই কামকাজ চলাই আছো ।”
ইফালে আন এজন জ্যেষ্ঠ নেতা জয়নাথ শৰ্মা কয়, “বৰ্তমান সময়ত আমাৰ দলৰ বহু সমষ্টিত ভেঁটি শক্তিশালী হৈছে । ছিপাঝাৰত আমি তৃণমূলৰ পৰা সংগঠন কৰিছো । গতিকে আমি আমাৰ দাবী উত্থাপন কৰিম । মিত্রতা হ’লে সন্মানজনক হ’ব লাগিব ।”
আনহাতে বিভিন্ন জিলাৰ পৰা অহা অগপৰ কৰ্মকৰ্তা সকলৰো এটাই কথা যে আসন বুজাবুজিৰ ক্ষেত্রত আপোচ কৰিব নালাগে । সন্মানজনক মিত্রতা হ’ব লাগে। দলটোৰ নেতা-কৰ্মী সকলৰ এনে প্ৰতিক্ৰিয়া সন্দৰ্ভত অৱশ্যে সভাপতি অতুল বৰাই বিশেষ কোনো মন্তব্য কৰা নাই ।
অতুল বৰাৰ এটাই কথা, “মৰ্যদাপূৰ্ণ মিত্রতা আমি সকলোৱে বিচাৰো। অগপৰ স্বাভিমানী কৰ্মকৰ্তাই মৰ্যদাপূৰ্ণ মিত্রতা বিচৰাটো স্বাভাৱিক ।”
মুখ্যমন্ত্রীৰ বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা নিবিচাৰে অগপৰ সভাপতিয়ে :
ইফালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অগপই বেছি আসন বিচাৰিলে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে । অলপতে মুখ্যমন্ত্রীয়ে সংবাদ মাধ্যমৰ আগত অগপৰ টিকটৰ প্ৰসংগত কৈছিল, “দাবী কৰাত কোনো আপত্তি নাই । দাবী কৰিলে কেনেকৈ বাধা দিব । তেওঁলোকে উঠাতো আপত্তি নাই । আমি কোন কেইখন আসনত মিত্রতা কৰিম সেইটো ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত সিদ্ধান্ত ল’ম । অতিৰিক্ত যিকেইটা সমষ্টিত তেওঁলোকে উঠিব খোজে উঠিব পাৰে । আমি বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিম । আমি তেওঁলোকৰ ওপৰত কোনো হেঁচা প্ৰয়োগ নকৰো । কাৰো মনোনয়ন উঠাই ল’বলৈ নকওঁ । য’ত যিদৰে প্ৰাৰ্থী থিয় কৰাব বিচাৰে থিয় কৰাব পাৰিব । আমি কেইটাত নেখেলো সেইটো সিদ্ধান্ত ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত ল’ম ।কিন্তু মুখ্যমন্ত্রীৰ বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ অফাৰৰ প্ৰতি আগ্ৰহী নহয় অগপ সভাপতি অতুল বৰা । এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়াত অতুল বৰাই কয়, “বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাই কেতিয়াবা সুফল নিদিয়ে । বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাই কেতিয়াবা কেতিয়াবা বিৰোধীকহে ৰাস্তা দিয়াৰ দৰে হয় । ৰাজ্যখনৰ পৰিস্থিতি বৰ্তমান আমাৰ এন ডি এৰ পক্ষত আছে । আগন্তুক নিৰ্বাচন যথেষ্ট ভাল হ’ব । এইবাৰ এন ডি এই তৃতীয়বাৰৰ বাবে চৰকাৰ কৰিব ।”
ইয়াৰ অৰ্থ এইটোৱেই যে মুখ্যমন্ত্রীয়ে বিচাৰিলেও অগপৰ সভাপতিয়ে নিবিচাৰে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা । ২০২১ চনৰ নিৰ্বাচনতো অগপই ছটা সমষ্টিত বিজেপিৰে সৈতে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছিল । কিন্তু ফলাফল ভাল হোৱা নাছিল । যাৰ বাবে অতুল বৰা বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ পক্ষপাতি নহয় ।
অগপৰ ভাগত পৰিব নেকি সংখ্যালঘু অধ্যুষিত সমষ্টি :
মুখ্যমন্ত্রীয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে যে সকলো আসনত প্ৰতিদ্বন্দ্বিতা কৰিলেও ১০৩ খন আসনত জিকাৰ পূৰ্ণ সম্ভাৱনা আছে । বাকী ২৩ খন আসন মিঞাৰ বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে জয়ী হ’ব নোৱাৰে বুলি স্পষ্টকৈ কৈছে । তেনেস্থলত এইবাৰ বিজেপিয়ে সংখ্যলঘু অধ্যুষিত সমষ্টি অগপক বেছিকৈ দিয়াৰ সম্ভাৱনা আছে । যাৰ ফলত সংখ্যাটোও ডাঙৰ হ’ব ।
ইফালে সংখ্যালঘু সমষ্টিত নিৰ্বাচন খেলাৰ প্ৰসংগত অতুল বৰাই কয়, “বহু কেইগৰাকী সংখ্যালঘু বিধায়কে অগপ দলত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে । বিধায়ক হৈ থাকিলে স্বাভাৱিকতে নিজস্ব ভোটবেংক এটাও থাকে । আমি ভাবো যে সংখ্যালঘু সমষ্টিত আসন বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।
অৰ্থাৎ মুখ্যমন্ত্রীয়ে দিয়া ইংগিত আৰু অতুল বৰাৰ সন্মতিৰ দ্বাৰা এটা কথা স্পষ্ট যে অগপই এইবাৰ সংখ্যালঘু অধ্যুষিত বহু কেইটা সমষ্টিত নিৰ্বাচন খেলিব । ২০২১ ৰ নিৰ্বাচনত অগপ দলে ২৯খন আসনত প্রার্থিত্ব দিয়াৰ সুযোগ পাইছিল আৰু ইয়াৰে ৯খন আসনত জয়লাভ কৰিছিল ।
লক্ষণীয় বিষয় যে বিগত নিৰ্বাচনত বিজেপিয়ে নিজৰ বাবে অনুকূল নথকা আসন অগপক এৰি দিছিল । এইবাৰো বিজেপিয়ে তেনে আসনৰ লগতে জিকাৰ পূৰ্ণ সম্ভাৱনা থকা আসনহে অগপক এৰি দিয়াৰ সম্ভাৱনা আছে ।

