জনসভাত গগৈয়ে কয়, “আমি হিমন্ত বিশ্ব শৰ্মাৰ বাস্তৱস্থিতি অসমৰ মানুহক জনাব লাগিব ৷ বিজেপি দলৰ মাজত এটা প্ৰশ্নক লৈ ভূমিকম্প হৈছে ৷ সেই প্ৰশ্ন কংগ্ৰেছৰ সভাত উত্থাপিত হৈছে ৷ সেই প্ৰশ্ন হৈছে কোন হয় হিমন্ত বিশ্ব শৰ্মা ? এটা সময়ত মোৰ পিতৃ তৰুণ গগৈয়ে কৈছিল ‘হু ইজ আজমল’ ৷ আজি অসমৰ জনগণে ক’ব লাগিব কোন হয় হিমন্ত বিশ্ব শৰ্মা ৷গৌৰৱ গগৈয়ে লগত কয়, “মই আজিয়েই এই সভাৰ পৰা ঘোষণা কৰিছো যে চিৰকালৰ বাবে হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছ দলত নলওঁ ৷ আমাৰ দলৰ নেতা ৰাহুল গান্ধীয়ে কৈছে যে কংগ্ৰেছ চৰকাৰ আহিলেই হিমন্ত বিশ্ব শৰ্মা জেললৈ যাব লাগিব ৷ নিজৰ পাপৰ বাবে, অন্যায়ৰ বাবে, অহংকাৰ আৰু ভ্ৰষ্টাচাৰী শাসনৰ বাবে হিমন্ত বিশ্ব শৰ্মা জেললৈ যাব ৷ নিজক বচাবৰ বাবে আকৌ ৰাহুল গান্ধীৰ ওচৰলৈ যাব ৷ ৰাহুল গান্ধীৰ মনটো ভাল৷ ৰাহুল গান্ধীৰ ওচৰলৈ গৈ ক্ষমা বিচাৰিলেও আমি কংগ্ৰেছলৈ অহাৰ বাবে অনুমতি নিদিও ৷
হিমন্ত বিশ্বই গৰু চিণ্ডিকেট চলোৱা মানুহক মন্ত্ৰী পাতিছে :বিজেপি দল মিছলীয়া দল বুলি কটুক্তি কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাই ধৰ্মৰ নামত ৰাজনীতি কৰে ৷ “হিন্দু ধৰ্মৰ ৰাজনীতি কৰে আৰু গৰু চিণ্ডিকেট চলোৱা মানুহক মন্ত্ৰী পাতে । এতিয়া মাটি বচাও, জাতি বচাও আৰু গৰু বচাও ক’ব লাগিব ৷ উজনি অসমত খবৰ লওঁঁক গোহালিৰ পৰা গৰু উলিয়াই নি তেওঁলোকে বিক্ৰী কৰিছে আৰু তেওঁলোকে হিন্দু ধৰ্মৰ নামত ৰাজনীতি কৰিছে ৷ গীৰ গাই কেলেংকাৰী কৰিলে ৷ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক দলৰ পৰা আৰু কেবিনেটৰ পৰা উলিয়াই দিব লাগিছিল ৷ যিসকল গীৰ গাই কেলেংকাৰীত জড়িত তেওঁলোকক দলৰ পৰা উলিয়াই দিব লাগিছিল ৷ উলিয়াই নিদিয়ে কিয়নো গোটেই চিণ্ডিকেটৰ চাবি দিছপুৰত আৰু মুখ্যমন্ত্ৰীৰ ঘৰত ওলায় ৷” এই বুলি কয় মুখ্যমন্ত্ৰীয়ে ।
কাৰ বেছি মাটি আছে ? আশোক সিংঘলৰ নে, মামীৰ?
মানুহে বসুন্ধৰাৰ পৰা মাটিৰ বিচাৰি আবেদন কৰিলে৷ মানুহে মাটি নাপালে ৷ এই মন্তব্যৰে গৌৰৱ গগৈয়ে কয়, “এতিয়া প্ৰতিযোগিতা চলিছে ৷ কাৰ ওচৰত বেছি মাটি আছে আশোক সিংঘলৰ হাতত নে, মামীৰ ওচৰত বেছি মাটি আছে ৷”
এই প্ৰশ্ন সুধি গৌৰৱ গগৈয়ে কয়, “মোৰ সন্দেহ হৈছে যে অশোক সিংঘলৰ অলপ বেছি মাটি আছে ৷ অশোক সিংঘল অলপ আগবাঢ়ি আছে ৷ জয়ন্ত মল্লই অকণমান কথাবোৰ লুকাই ৰাখিছিল ৷ এতিয়া মামীয়ে তেওঁৰ কথা গম পাই গ’ল ৷
মাটি লোৱাত মামীতকৈ অশোক সিংঘল আগবাঢ়ি আছে :
গৌৰৱ গগৈয়ে লগতে কয়, “সৰ্বানন্দ সোণোৱালক প্ৰয়াত তৰুণ গগৈয়ে এটা কথা কৈছিল ৷ তুমি চাবা তুমি যিজন মানুহক লগত লৈছা সেইজন মানুহে মোক পিঠিত ডেগাৰ মাৰিলে, সেইজন মানুহে তোমাত বুকুত ডেগাৰ মাৰিব ৷ সেয়াই বাস্তৱ হ’ল ৷ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ভৰিত ধৰি বিজেপিত আহিছিল ৷ যিজন সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ভৰিত ধৰি আশীৰ্বাদ লৈ বিজেপিলৈ আহিছিল সেইজন সিদ্ধাৰ্থ ভট্টাচাৰ্যক বিজেপিত নোহোৱা কৰি পেলালে ৷

