অজিত পাৱাৰ: বাৰামতীত বুধবাৰে পুৱা সংঘটিত এক বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী তথা এন চি পিৰ নেতা অজিত পাৱাৰৰ মৃত্যু ঘটে । ৫ ফেব্ৰুৱাৰীত ৰাজ্যখনত অনুষ্ঠিত হ’বলগীয়া জিলা পৰিষদৰ নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে মুম্বাইৰ পৰা বাৰামতীলৈ গৈ ৰাজহুৱা সভাত ভাষণ দিয়াৰ কথা আছিল পাৱাৰৰ ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৬ বছৰ ৷ শৰদ পাৱাৰৰ জ্যেষ্ঠ ভাতৃ তথা অনন্তৰাও পাৱাৰৰ পুত্ৰ আছিল অজিত ৷ অজিতৰ ১৮ বছৰ বয়সতে পিতৃ বিয়োগ ঘটে ৷ ১৯৮২ চনত শৰদ পাৱাৰৰ পদাংক অনুসৰণ কৰিয়েই ৰাজনীতিত প্ৰৱেশ কৰিছিল অজিত পাৱাৰে ৷ সেই সময়ত তেওঁ এখন চেনি সমবায়ৰ ব’ৰ্ডলৈ নিৰ্বাচিত হৈছিল । ১৯৯১ চনৰ পৰা তেওঁ ধাৰাবাহিকভাৱে ১৬ বছৰ ধৰি পুনে জিলা সমবায় বেংকৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয় । তেওঁ প্ৰথমবাৰৰ বাবে নিৰ্বাচনী খেলপথাৰত প্ৰৱেশ কৰিছিল ১৯৯১ চনত ৷ সেই সময়ত তেওঁ বাৰামতীৰ পৰা লোকসভালৈ সংসদ হিচাপে নিৰ্বাচিত হৈছিল । শৰদ পাৱাৰ নৰসিংহ ৰাও চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছত তেওঁৰ আসনখন খালী হৈ পৰে ৷ সেই বছৰতে বাৰামতীৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱা অজিতে তেতিয়াৰ পৰাই উক্ত আসনখনক প্ৰতিনিধিত্ব কৰি আহিছে ।
বিজয় ৰূপানী: ২০২৫ চনৰ ১২ জুনত আহমেদাবাদ বিমানবন্দৰৰ সমীপত এয়াৰ ইণ্ডিয়াৰ এখন বিমান দুৰ্ঘটনাত পতিত হৈছিল ৷ সেই বিমানত যাত্ৰী হিচাপে থকা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ মৃত্যু ঘটে । লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়া বয়িং বিমানখন আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰা মৰাৰ কিছু মুহূৰ্তৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত হয় ।
জেনেৰেল বিপিন ৰাৱাট: ২০২১ চনৰ ৮ ডিচেম্বৰত তামিলনাডুৰ কুন্নুৰস্থিত ডিফেন্স চাৰ্ভিচেছ ষ্টাফ কলেজৰ সমীপত ভাৰতীয় সেনাৰ এখন হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যু ঘটিছিল ভাৰতৰ প্ৰথমজন চি ডি এছ জেনেৰেল বিপিন ৰাৱাটৰ লগতে আন ১২ জন লোকৰ ৷ চুলুৰস্থিত বায়ুসেনাৰ ছাউনীৰ পৰা ৱেলিংটনৰ ডিফেন্স চাৰ্ভিচ কলেজ অভিমুখে গৈ থকা সময়তে সংঘটিত হৈছিল এই ভয়ংকৰ দুৰ্ঘটনাটো ৷
দৰ্জী খাণ্ডু: ২০১১ চনৰ ৩০ এপ্ৰিলত টাৱাঙৰ পৰা ইটানগৰলৈ যোৱা এখন হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যু ঘটে অৰুণাচল প্ৰদেশৰ তদানীন্তন মুখ্যমন্ত্ৰী দৰ্জী খাণ্ডুৰ ৷ উৰণৰ প্ৰায় ২০ মিনিটৰ পিছতে হেলিকপ্টাৰখনে গ্ৰাউণ্ড কণ্ট্ৰ’লৰ সৈতে যোগাযোগ হেৰুৱাই পেলায় । চীনা সীমান্তৰ সমীপৰ চেলা পাছৰ সমীপত খাণ্ডুৰ মৃতদেহ পোৱা গৈছিল ।
ৱাই এছ ৰাজশেখৰ ৰেড্ডী: ২০০৯ চনৰ ৩ ছেপ্টেম্বৰত চিত্তোৰ জিলাৰ এখন গাঁৱলৈ গৈ থকা অৱস্থাত বেল ৪৩০ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু ঘটে অন্ধ্ৰপ্ৰদেশৰ তদানীন্তন মুখ্যমন্ত্ৰী ৱাই এছ ৰাজশেখৰ ৰেড্ডীৰ ৷ ঘন অৰণ্যত সংঘটিত হৈছিল এই দুৰ্ঘটনা ৷
অ’ পি জিন্দাল: ২০০৫ চনৰ ৩১ মাৰ্চত উত্তৰ প্ৰদেশৰ চাহাৰণপুৰৰ সমীপত হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু ঘটে হাৰিয়ানাৰ মন্ত্ৰী অ’ পি জিন্দালৰ ৷ জিন্দাল এজন সুপৰিচিত উদ্যোগপতিও আছিল ৷
চি চাংমা: ২০০৪ চনৰ ছেপ্টেম্বৰ মাহত সংঘটিত হেলিকপ্টাৰ দুৰ্ঘটনাত মেঘালয়ৰ তেতিয়াৰ সামূহিক উন্নয়ন মন্ত্ৰী চি চাংমা, তিনিজন বিধায়ক আৰু আন ছয়জন লোকৰ মৃত্যু ঘটে ।
জি এম চি বালাযোগী: তেতিয়াৰ লোকসভাৰ অধ্যক্ষ তথা তেলেগু দেশম পাৰ্টীৰ নেতা জি এম চি বালাযোগীৰ ২০০২ চনৰ ৩ মাৰ্চত অন্ধ্ৰপ্ৰদেশত হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু ঘটে ।
মাধৱৰাও সিন্ধিয়া: মধ্যপ্ৰদেশৰ ৰাজপৰিয়ালৰ বংশধৰ তথা কংগ্ৰেছৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী মাধৱৰাও সিন্ধিয়াৰ ২০০১ চনৰ ৩০ ছেপ্টেম্বৰত বিমান দুৰ্ঘটনাত মৃত্যু ঘটে ।
ডেৰা নাটুং: ২০০১ চনৰ মে’ মাহত টাৱাঙৰ সমীপত পৱনহংস হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাত তেতিয়াৰ অৰুণাচল প্ৰদেশৰ শিক্ষামন্ত্ৰী ডেৰা নাটুং আৰু আন পাঁচজন লোকৰ মৃত্যু ঘটে ।
এন ভি এন ছমু: ১৯৯৭ চনৰ ১৪ নৱেম্বৰত অৰুণাচল প্ৰদেশৰ টাৱাঙত হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু ঘটে কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী এন ভি এন ছ’মুৰ ।
সুৰেন্দ্ৰ নাথ: ১৯৯৪ চনৰ ৯ জুলাইত ৰাজ্য চৰকাৰৰ এখন বিমান উৰণৰ কিছুসময়ৰ পিছতে হিমাচল প্ৰদেশৰ পাহাৰত খুন্দা মাৰি দুৰ্ঘটনাত পতিত হৈছিল ৷ এই দুৰ্ঘটনাত তেতিয়াৰ পঞ্জাৱৰ ৰাজ্যপাল সুৰেন্দ্ৰ নাথৰ লগতে তেওঁৰ পৰিয়ালৰ ৯ জন সদস্যকে ধৰি মুঠ ১২ জন লোকৰ মৃত্যু ঘটে ।
সঞ্জয় গান্ধী: ১৯৮০ চনৰ ২৩ জুনত দিল্লীৰ ছফদৰজং বিমানবন্দৰৰ পৰা উৰণৰ কিছু সময়ৰ পিছতে যাত্ৰা কৰা গ্লাইডাৰখন দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু ঘটে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ কনিষ্ঠ পুত্ৰ সঞ্জয় গান্ধীৰ ।
মোহন কুমাৰমংগলম: ইন্দিৰা গান্ধী চৰকাৰৰ তীখা মন্ত্ৰী মোহন কুমাৰমংগলমৰ ১৯৭৩ চনৰ ৩০ মে’ত নতুন দিল্লীত ৫৬ বছৰ বয়সত বিমান দুৰ্ঘটনাত মৃত্যু ঘটে ।
