১ ফেব্ৰুৱাৰীত দাখিল হ’বলগীয়া কেন্দ্ৰীয় বাজেট ২০২৬-২৭ৰ পূৰ্বে আজি অৰ্থাৎ বৃহস্পতিবাৰে সংসদত দাখিল ২০২৬ চনৰ অৰ্থনৈতিক জৰীপ । কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰে অৰ্থনৈতিক জৰীপ ২০২৬ । সকলোৰে দৃষ্টি চলিত বিত্তীয় বৰ্ষৰ (২৬ বিত্তীয় বৰ্ষ) লগতে আগন্তুক বিত্তীয় বৰ্ষৰ (২৭ বিত্তীয় বৰ্ষ) ভাৰতৰ প্ৰকল্পিত জিডিপি বৃদ্ধিৰ অনুমানৰ ওপৰত থাকিব । এই মূল বাজেটৰ পূৰ্বৰ নথিখনে ভাৰতৰ বাৰ্ষিক অৰ্থনৈতিক বিকাশৰ সাৰাংশ আৰু অৰ্থনীতিৰ হ্ৰস্ব আৰু মধ্যমকালীন সম্ভাৱনাৰ ৰূপৰেখা দাঙি ধৰে । ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ অংশস্বৰূপ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ অৰ্থনীতি বিভাগে প্ৰতি বছৰে প্ৰস্তুত কৰে ভাৰতীয় অৰ্থনৈতিক জৰীপ । এই নথিখন ভাৰতৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা (চি ই এ)ৰ নিৰ্দেশনাত লিখা আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ অনুমোদনৰ পিছত প্ৰকাশ কৰা হয় । বৰ্তমানৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা হৈছে ভি অনন্ত নাগেশ্বৰন ।

Leave a Reply

Your email address will not be published. Required fields are marked *