ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা মনালিছা ভোছলে আৰু ফাৰমানৰ প্ৰেমৰ কাহিনী কোনো চিনেমাৰ কাহিনীতকৈ কম নহয় । প্ৰায় ছয় মাহ আগতে ছ’চিয়েল মিডিয়াৰ জৰিয়তে চিনাকি হৈছিল মধ্যপ্ৰদেশৰ ইন্দোৰৰ মনালিছা আৰু মহাৰাষ্ট্ৰৰ ফাৰমান খানৰ । লাহে লাহে তেওঁলোকৰ বন্ধুত্ব প্ৰেমলৈ ৰূপান্তৰিত হয়৷
পৰিয়ালৰ বাধামনালিছাৰ দেউতাক জয় সিং ভোছলে এই সম্পৰ্কৰ তীব্ৰ বিৰোধিতা কৰিছিল । ইয়াৰ মূল কাৰণ আছিল ফাৰমান বেলেগ ধৰ্মৰ । অভিযোগ অনুসৰি, মনালিছাক তেওঁৰ পৰিয়ালে এজন দূৰৈৰ আত্মীয়ৰ সৈতে জোৰ কৰি বিয়া দিবলৈও চেষ্টা কৰিছিল।
কুম্ভ মেলাৰ জৰিয়তে জনপ্ৰিয় হোৱা মনালিছা বৰ্তমান মডেলিং আৰু অভিনয়ৰ সৈতে জড়িত । শেহতীয়াকৈ তেওঁ কেৰালাত তেওঁৰ প্ৰথমখন মালয়ালম ছবি ‘নাগাম্মা’ৰ শ্বুটিং কৰি আছিল । সেই সময়তে মনালিছাৰ দেউতাকে তেওঁক জোৰকৈ ঘৰলৈ লৈ যাবলৈ চেষ্টা কৰে ।
আৰক্ষীৰ হস্তক্ষেপ আৰু বিয়ানিৰাপত্তাৰ অভাৱ অনুভৱ কৰি মনালিছা আৰু ফাৰমানে কেৰালাৰ ৰাজধানী তিৰুৱনন্তপুৰমৰ থাম্পানুৰ আৰক্ষী থানাৰ কাষ চাপে । আৰক্ষীয়ে মনালিছাৰ দেউতাকক থানালৈ মাতি পঠিয়াই আৰু স্পষ্টকৈ জনাই দিয়ে যে মনালিছা যিহেতু ১৮ বছৰীয়া এগৰাকী প্ৰাপ্তবয়স্ক যুৱতী, গতিকে তেওঁ কাৰ লগত থাকিব সেইটো সিদ্ধান্ত লোৱাৰ তেওঁৰ সম্পূৰ্ণ আইনী অধিকাৰ আছে । অৱশেষত আৰক্ষীৰ নিৰাপত্তাৰ মাজতেই মন্দিৰত মনালিছা আৰু ফাৰমানৰ বিবাহ সম্পন্ন হয় ।
ৰাজনৈতিক নেতাৰ উপস্থিতি আৰু আশীৰ্বাদকেৰালাৰ এক মন্দিৰত সম্পন্ন হোৱা এই বিবাহ অনুষ্ঠানত ৰাজ্যখনৰ কেইবাজনো বিশিষ্ট নেতা উপস্থিত থাকি নৱদম্পতীক আশীৰ্বাদ প্ৰদান কৰে । তেওঁলোকৰ ভিতৰত আছিল কেৰালাৰ শিক্ষামন্ত্ৰী ভি. শিৱানকুট্টি, চি.পি.আই.(এম)ৰ ৰাজ্যিক সম্পাদক এম.ভি. গোবিন্দন আৰু সাংসদ এ.এ. ৰহিম ।
বিয়াৰ দিনা মনালিছাক ৰঙা শাৰী আৰু কপালত সেন্দূৰৰ সৈতে দেখা গৈছিল । আনহাতে ফাৰমানে পৰম্পৰাগত বগা চাৰ্ট আৰু ধুতি পৰিধান কৰিছিল । এই বিবাহক লৈ ছ’চিয়েল মিডিয়াত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গৈছে । কিছুমান লোকে ইয়াক ‘প্ৰেমৰ জয়’ বুলি অভিহিত কৰিছে, আনহাতে একাংশই ইয়াৰ সৈতে ‘দ্য কেৰালা ষ্ট’ৰী’ চিনেমাখনৰ সৈতে তুলনা কৰিছে ।
