নিৰামিষ খাদ্য ভাল নে আমিষ খাদ্য ? এই বিষয়টোৰ ওপৰত প্ৰায়ে বিতৰ্ক হোৱা দেখা যায় ৷ এই বিষয়ত সকলোৰে যুক্তি আৰু মতামত বেলেগ বেলেগ ৷ বিশেষকৈ নিৰামিষ প্ৰ’টিন অৰ্থাৎ পশুৰ পৰা লাভ কৰা প্ৰ’টিন অধিক স্বাস্থ্যকৰ বুলি বিশ্বাস কৰা হয় ৷ এই কাৰণেই মানুহে শক্তি বৃদ্ধি বিশেষকৈ শৰীৰচৰ্চা কৰাসকলে শৰীৰক এটি আকাৰ দিবৰ বাবে প্ৰায়ে আমিষ খাদ্য পছন্দ কৰে ৷ কিন্তু এতিয়া প্ৰশ্ন হৈছে যে আমিষ খাদ্য সম্পৰ্কে এই যি ধাৰণা আছে সেয়া প্ৰকৃততে শুদ্ধ নে তথা বিশ্বৰ ভিন্ন প্ৰান্তৰ বিজ্ঞান আৰু গৱেষণাই এই সন্দৰ্ভত কি কয় ? নে কেৱল নিৰামিষ খাদ্যই আমাৰ বাবে উপকাৰী আজি এই বিষয়ে অন্বেষণ কৰোঁ আহক-
এই কাৰণেই প্ৰ’টিন শৰীৰৰ বাবে অপৰিহাৰ্য
আমাৰ খাদ্যই কেৱল আমাক পুষ্টি প্ৰদান কৰাই নহয়, ই আমাৰ বিপাকীয় ক্ৰিয়াও উন্নত কৰে ৷ ইয়াৰ ফলত বাৰ্ধক্যৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পৰে ৷ প্ৰ’টিন শৰীৰৰ বাবে এক অতি প্ৰয়োজনীয় পুষ্টিকৰ উপাদান ৷ হৰম’নৰ ভাৰসাম্য ৰক্ষাৰ পৰা আৰম্ভ কৰি শৰীৰ শক্তিশালী কৰা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰালৈকে প্ৰ’টিনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে যিসকল বয়স্ক লোক আছে তেওঁলোকে দৈনন্দিন খাদ্যত অধিক প্ৰ’টিন সেৱন কৰে তেওঁলোকৰ শাৰীৰিকভাৱে শক্তিশালী হয় আৰু তেওঁলোকৰ হাড় আৰু মাংসপেশীবোৰৰ ক্ষতি লাহে লাহে হয় ৷ অৰ্থাৎ বয়স্ক লোকসকলৰ মাংসপেশীবোৰৰ প্ৰ’টিনৰ ফলত দীৰ্ঘদিনলৈ সুস্থ হৈ থাকে ৷
মহিলাৰ বাবে উপকাৰী এই প্ৰ’টিন
বিশেষজ্ঞসকলৰ মতে, পশুৰ পৰা লাভ কৰা প্ৰ’টিনতকৈ উদ্ভিদ ভিত্তিক প্ৰ’টিনে আপোনাক বেছি দিনলৈ সুস্থ কৰি ৰাখে আৰু ৰোগৰ সম্ভাৱনা কম কৰে ৷ তদুপৰি প্ৰাকৃতিক উদ্ভিদ ভিত্তিক প্ৰ’টিন মহিলাৰ বাবে বিশেষভাৱে উপকাৰী ৷ ই কেৱল তেওঁলোকৰ শাৰীৰিক ক্ষমতা বৃদ্ধি কৰাই নহয় দীৰ্ঘায়ুও কৰে ৷ বিশেষজ্ঞসকলৰ মতে, মধ্যবয়স আৰু বৃদ্ধ বয়সত বেছিভাগ মহিলাৰ কৰ্মক্ষমতা লেহেমীয়া হয় ৷ নিয়মিতভাৱে উদ্ভিদ ভিত্তিক প্ৰ’টিন যেনে দালি, বীন, বাদাম, বীজ গ্ৰহণ কৰিলে ইয়াৰ পৰা শৰীৰে প্ৰচুৰ পুষ্টি আৰু শক্তি লাভ কৰে ৷ হাৰ্ভাৰ্ডৰ এটি গৱেষণাৰ পৰা দেখা গৈছে যে, উদ্ভিদৰ প্ৰ’টিনে ফাইটোইষ্ট্ৰজেন হিচাপে কাম কৰে, যিয়ে মহিলাৰ ইষ্ট্ৰজেনৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰে ৷
