মহাৰাষ্ট্ৰই নিজৰ ৰাজনৈতিক ইতিহাসত প্ৰথমবাৰৰ বাবে লাভ কৰিলে এগৰাকী মহিলা উপ-মুখ্যমন্ত্ৰী । এন চি পি নেতা তথা মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাত আকস্মিক মৃত্যুৰ পিছত তেওঁৰ স্থলাভিষিক্ত হৈছে পত্নী সুনেত্ৰা পাৱাৰ । পাৱাৰ বংশৰ ৰাজনৈতিক উত্তাৰাধিকাৰ অক্ষুণ্ণ ৰাখি এইবাৰ ৰাজ্যিক ৰাজনীতিত প্ৰথম খোজ অজিত-ভায্যা সুনেত্ৰাৰ । ৰাজ্যসভাৰ সাংসদ সুনেত্ৰা পাৱাৰে ৰাজ্যখনৰ প্ৰথমগৰাকী উপ-মুখ্যমন্ত্ৰী হিচাপে ইতিহাস ৰচনা কৰে ।

সুনেত্ৰা পাৱাৰৰ সামাজিক আৰু ৰাজনৈতিক যাত্ৰা

ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ আকস্মিক মৃত্যুৰ পিছতে সমগ্ৰ ৰাজ্যখনৰ সন্মুখত তেওঁৰ ৰাজনৈতিক উত্তৰাধিকাৰ কোনে আগবঢ়াই নিব তাক লৈ প্ৰশ্ন উত্থাপন হৈছিল । সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত সেই প্ৰশ্নৰ উত্তৰ ওলায় শুকুৰবাৰে । আনহাতে, তাৰ আনুষ্ঠানিক মোহৰ লাগে শনিবাৰে পুৱা ।

অৱশেষত শনিবাৰে বিয়লি সুনেত্ৰা পাৱাৰে মুম্বাইত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব । এই শপতগ্ৰহণৰ লগে লগে সুনেত্ৰা পাৱাৰ মহাৰাষ্ট্ৰৰ প্ৰথমগৰাকী মহিলা উপ-মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হ’ব, যিটো ৰাজ্যৰ ৰাজনীতিত এক ঐতিহাসিক মাইলৰ খুঁটি ।

১৯৬৩ চনৰ ১৮ অক্টোবৰত ধৰাশিৱত জন্ম সুনেত্ৰা পাৱাৰৰ । তেৱোঁ এক ৰাজনৈতিক পটভূমিৰ পৰিয়াল এটাৰ পৰা আহিছে । তেওঁৰ ভাতৃ পদ্মসিং পাটিল এগৰাকী প্ৰাক্তন মন্ত্ৰী আছিল । এই পটভূমিৰ বাবেই সুনেত্ৰা পাৱাৰে জন্মৰে পৰাই উত্তৰাধিকাৰী সূত্ৰে এক ৰাজনৈতিক বাতাৱৰণ লাভ কৰিছিল ।

১৯৮৫ চনত অজিত পাৱাৰৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত সুনেত্ৰা পাৱাৰে নিজকে সামাজিক কামত সমৰ্পিত কৰে । তেওঁ কাটেৱাড়ী গাঁৱত অনাময় আন্দোলনৰ নেতৃত্ব দিছিল । তেওঁৰ নেতৃত্বত সমগ্ৰ গাঁওখনে এই অভিযানত অংশগ্ৰহণ কৰিছিল । তেওঁৰ নেতৃত্বতে কাটেৱাড়ী গাঁওখনে ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান দখল কৰে । এই কামৰ জৰিয়তে তেওঁ দেশ-বিদেশৰ বিশিষ্ট ব্যক্তিসকলক গাঁওখন ভ্ৰমণ কৰিবলৈ আকৰ্ষণ কৰিছিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *