ভাৰতৰ নিৰ্বাচন আয়োগৰ এখন পূৰ্ণ বিচাৰপীঠে ১৫ ফেব্ৰুৱাৰীৰ পিছত অসমকে ধৰি বিভিন্ন নিৰ্বাচনমুখী ৰাজ্য ভ্ৰমণ আৰম্ভ কৰাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে অসমৰ উপৰি চলিত বৰ্ষৰ আৰম্ভণিতে কেৰালা, তামিলনাডু, পশ্চিমবংগ আৰু পুডুচেৰীত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা ।

নিৰ্বাচনমুখী ৰাজ্যকেইখন ভ্ৰমণৰ সময়ত নিৰ্বাচন আয়োগৰ পূৰ্ণ বিচাৰপীঠৰ নেতৃত্ব প্ৰদান কৰিব মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে ।

নিৰ্বাচন আয়োগৰ সূত্ৰই ইটিভি ভাৰতক জনোৱা মতে, “১৫ ফেব্ৰুৱাৰীৰ পিছত ভাৰতীয় নিৰ্বাচন আয়োগৰ সম্পূৰ্ণ বিচাৰপীঠে বিভিন্ন নিৰ্বাচনমুখী ৰাজ্য ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে । নিৰ্বাচন আয়ুক্তসকলৰ সৈতে ইয়াৰ নেতৃত্ব দিব মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে ।”

সূত্ৰটোৱে কয় যে নিৰ্বাচন আয়োগৰ পূৰ্ণ বিচাৰপীঠে প্ৰথমে অসম আৰু তাৰ পিছত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া আন ৰাজ্যসমূহ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে ।

নিৰ্বাচন আয়োগৰ সূত্ৰই জনোৱা মতে, এই ৰাজ্যকেইখনত সম্ভৱতঃ মাৰ্চ মাহত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হ’ব ।

উল্লেখ্য যে যিকোনো ৰাজ্য বা কেন্দ্ৰীয়শাসিত অঞ্চলত বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগৰ এক সম্পূৰ্ণ বিচাৰপীঠে ইয়াৰ শীৰ্ষ নেতৃত্বত উক্ত ৰাজ্য বা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ ভ্ৰমণ কৰে । সূত্ৰই জনোৱা মতে, এই ভ্ৰমণৰ সময়ত শীৰ্ষ বিষয়াসকলে সংশ্লিষ্ট ৰাজ্যবোৰত নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰিব । ইয়াৰ উপৰি মুক্ত আৰু নিকা নিৰ্বাচন নিশ্চিত কৰাৰ বাবে তেওঁলোকে নিৰ্বাচন প্ৰক্ৰিয়াৰ সৈতে জড়িত সংশ্লিষ্ট বিষয়াসকলৰ সৈতে মত বিনিময় কৰিব ভাৰতৰ নিৰ্বাচন আয়োগৰ এখন পূৰ্ণ বিচাৰপীঠে ১৫ ফেব্ৰুৱাৰীৰ পিছত অসমকে ধৰি বিভিন্ন নিৰ্বাচনমুখী ৰাজ্য ভ্ৰমণ আৰম্ভ কৰাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে অসমৰ উপৰি চলিত বৰ্ষৰ আৰম্ভণিতে কেৰালা, তামিলনাডু, পশ্চিমবংগ আৰু পুডুচেৰীত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা ।

নিৰ্বাচনমুখী ৰাজ্যকেইখন ভ্ৰমণৰ সময়ত নিৰ্বাচন আয়োগৰ পূৰ্ণ বিচাৰপীঠৰ নেতৃত্ব প্ৰদান কৰিব মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে ।

নিৰ্বাচন আয়োগৰ সূত্ৰই ইটিভি ভাৰতক জনোৱা মতে, “১৫ ফেব্ৰুৱাৰীৰ পিছত ভাৰতীয় নিৰ্বাচন আয়োগৰ সম্পূৰ্ণ বিচাৰপীঠে বিভিন্ন নিৰ্বাচনমুখী ৰাজ্য ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে । নিৰ্বাচন আয়ুক্তসকলৰ সৈতে ইয়াৰ নেতৃত্ব দিব মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে ।”

সূত্ৰটোৱে কয় যে নিৰ্বাচন আয়োগৰ পূৰ্ণ বিচাৰপীঠে প্ৰথমে অসম আৰু তাৰ পিছত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া আন ৰাজ্যসমূহ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে ।

নিৰ্বাচন আয়োগৰ সূত্ৰই জনোৱা মতে, এই ৰাজ্যকেইখনত সম্ভৱতঃ মাৰ্চ মাহত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হ’ব ।

উল্লেখ্য যে যিকোনো ৰাজ্য বা কেন্দ্ৰীয়শাসিত অঞ্চলত বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগৰ এক সম্পূৰ্ণ বিচাৰপীঠে ইয়াৰ শীৰ্ষ নেতৃত্বত উক্ত ৰাজ্য বা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ ভ্ৰমণ কৰে ।

সূত্ৰই জনোৱা মতে, এই ভ্ৰমণৰ সময়ত শীৰ্ষ বিষয়াসকলে সংশ্লিষ্ট ৰাজ্যবোৰত নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰিব । ইয়াৰ উপৰি মুক্ত আৰু নিকা নিৰ্বাচন নিশ্চিত কৰাৰ বাবে তেওঁলোকে নিৰ্বাচন প্ৰক্ৰিয়াৰ সৈতে জড়িত সংশ্লিষ্ট বিষয়াসকলৰ সৈতে মত বিনিময় কৰিব ।

ইয়াৰ উপৰি তেওঁলোকে বিভিন্ন ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলৰ প্ৰতিনিধিক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে । এই সময়ছোৱাত যদি তেওঁলোকৰ কিবা সমস্যা থাকে তেন্তে সেইবোৰ সমাধান কৰিব ।

উক্ত ৰাজ্যকেইখনত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বিষয়ে উল্লেখ কৰি ই চি আইৰ সূত্ৰই কয়, “বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে এই ৰাজ্যসমূহৰ মুখ্য নিৰ্বাচনী বিষয়াসকলৰ সৈতে উপ-নিৰ্বাচন আয়ুক্ত পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰা হ’ব ।”

আগন্তুক বিধানসভা নির্বাচনৰ প্রস্তুতিৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে এই নির্বাচনমুখী অঞ্চলসমূহত প্রথম পর্যায়ৰ পৰীক্ষণ (এফ এল চি) কর্মশালা আৰম্ভ কৰিছে ৷ নির্বাচন প্রক্রিয়াত অধিক স্বচ্ছতা বৃদ্ধিৰ বাবে আৰু মুক্ত আৰু নিকা নির্বাচন অনুষ্ঠিত কৰাত সুবিধাৰ বাবে এই কর্মশালাসমূহ অনুষ্ঠিত কৰা হৈছে ৷

ইয়াৰ পূৰ্বে নিৰ্বাচন আয়োগৰ সূত্ৰই ইটিভি ভাৰতক জনায়, “বিধানসভা নিৰ্বাচনৰ বাবে ভ্ৰমণ কৰিবলগীয়া সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত এফ এল চি কৰ্মশালা আৰম্ভ হৈছে । তাত তিনিটা পৰ্যায়ৰ বিস্তৃত পৰীক্ষা কৰা হৈছে । এইটো অতি প্ৰাৰম্ভিক প্ৰক্ৰিয়া, যিটো নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে চলোৱা হৈছে ।”

ই চি আইৰ সূত্ৰই লগতে কয়, “ই ভি এমৰ সংখ্যা অধিক । গতিকে, এফ এল চি চলোৱা হৈছে । প্ৰতিটো পদক্ষেপতে ৰাজনৈতিক দলৰ প্ৰতিনিধি/এজেণ্ট জড়িত হৈ আছে । ইয়াৰ লক্ষ্য হৈছে নিৰ্বাচনী প্ৰক্ৰিয়াত স্বচ্ছতা নিশ্চিত কৰা ।”

উল্লেখ্য যে বৰ্তমান অসমক বাদ দি বাকী ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত নিৰ্বাচনী তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণৰ (এছ আই আৰ) কাম চলি আছে । এই কাৰ্যৰ লক্ষ্য হৈছে ভোটাৰ তালিকা বিশুদ্ধ কৰা । ইয়াৰ দ্বাৰা যোগ্য ভোটাৰসকলক অন্তৰ্ভুক্ত কৰা আৰু অযোগ্য ভোটাৰক বাদ দিয়াটো নিশ্চিত কৰা হ’ব ।

Leave a Reply

Your email address will not be published. Required fields are marked *