সোমবাৰে নিশা গুৱাহাটীৰ মাজমজিয়াত সংঘটিত ৰহস্যজনক পথ দুৰ্ঘটনা। সময় পাৰ হোৱাৰ লগে-লগে পোহৰলৈ আহিছে গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ সমীপত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ বহু আঁৰৰ কথা। সোমবাৰে নিশা প্ৰায় ৯.৩০ বজাত সংঘটিত হৈছিল ভয়ংকৰ পথ দুৰ্ঘটনাটো।শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি দুৰ্ঘটনাগ্ৰস্ত অল্ট’ বাহনখনত দুজন বন্ধু নহয়, মৃত নিহা দাসৰ সৈতে আছিল ৪জনকৈ যুৱক। আৰু ভাড়া গাড়ীত নহয়, বন্ধুৰ গাড়ীত টিউচনৰ পিছত ফুৰিবলৈ ওলাই গৈছিল নিহা দাস। দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ চালকৰ আসনত আছিল কায়ুম চৈয়দ নামৰ এজন যুৱক।আনফালে বাহনখনত আছিল মৃত নিহা দাসৰ সৈতে আছিল প্ৰবীণ চনী, অক্ষয় জালান আৰু ওমৰ চৈয়দ নামৰো ৩ যুৱক। সন্ধিয়া প্ৰায় ৮:৩০ বজাত কুমাৰপাৰাৰ পাঁচআলিৰ পৰা উজান বজাৰৰ বেলিভিউ অভিমুখে ফুৰিবলৈ আহিছিল আটাইকেইজন। সেই সময়ত কুমাৰপাৰা পাঁচআলিস্থিত ‘চায় চুত্তা’ নামৰ এখন চাহৰ বিপণিত লুডু খেলি আছিল নিহা দাস, প্ৰবীণ চনী, অক্ষয় জালান আৰু ওমৰ চৈয়দে।লুডু খেলি থকা অৱস্থাত অ’ল্ট বাহনখন লৈ সেই চাহ বিপণিখনলৈ আহিছিল কায়ুম চৈয়দ নামৰ যুৱকজন। চাহ বিপণিখনতে উপস্থিত হৈ আন ৪ বন্ধুক বেলিভিউ অভিমুখে ফুৰিবলৈ যোৱাৰ প্ৰস্তাৱ আগবঢ়াইছিল কায়ুম চৈয়দে। তাৰ পাছতেই আটাইকেইজনে বেলিভিউলৈ গৈছিল। কিন্তু বেলিভিউ পোৱাৰ পূৰ্বে সংঘটিত হৈছিল সেই ভয়ংকৰ দুৰ্ঘটনা।জানিব পৰা অনুসৰি এখন ৰিক্সাক বচাবলৈ গৈ নিয়ন্ত্ৰণহীন হৈ পথৰ দাঁতিৰ ৰেলিঙ আৰু বৈদ্যুতিক খুটাত প্ৰচণ্ড জোৰে খুন্দা মাৰিছিল দুৰ্ঘটনাগ্ৰস্ত অল্ট’ বাহনখনে। বাহনখনৰ বাওঁফালৰ পাছৰ আসনত বহি থকা নিহা দাসে গুৰুতৰভাৱে আঘাত পাইছিল মূৰ আৰু মুখমণ্ডলত।ঘটনাস্থলীৰ পৰা পাণবজাৰ যানবাহন আৰক্ষীয়ে মৃত নিহা দাসক উদ্ধাৰ কৰাৰ লগতে জব্দ কৰিছিল দুৰ্ঘটনাগ্ৰস্ত বাহনখনত আৰু আটক কৰিছিল কায়ূম চৈয়দক। পৰৱৰ্তী সময়ত প্ৰবীণ চনী নামৰ আনজন যুৱকক আটক কৰে আৰক্ষীয়ে।
