বিধানসভা নির্বাচনৰ পূর্বে মঙলবাৰে কংগ্রেছে অসমত প্রদেশ নির্বাচন সমিতি গঠন কৰে ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈক অধ্যক্ষ হিচাপে লৈ ৩৫ জনীয়া কমিটীখন গঠন কৰা হয় ৷

কংগ্ৰেছ সাংসদ কে চি বেণুগোপালৰ স্বাক্ষৰ সম্বলিত পত্ৰখনত উল্লেখ কৰা হয় যে, “অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ৰাজ্যিক নিৰ্বাচন সমিতিখন তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ গঠন কৰাৰ প্ৰস্তাৱত কংগ্ৰেছ সভাপতিয়ে অনুমোদন জনাইছে।পত্ৰখনত উল্লেখ কৰা অনুসৰি গৌৰৱ গগৈক অধ্যক্ষ হিচাপে লৈ গঠন কৰা সমিতিখনত থকা আন সদস্যসকল হৈছে ক্ৰমে, দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ, ভূপেন কুমাৰ বৰা, ৰিপুণ বৰা, পৱন সিং ঘাটোৱাৰ, ৱাজিদ আলী চৌধুৰী, ৰ’জলিনা তিৰ্কী, জাকিৰ হুছেইন শিকদাৰ, প্ৰদীপ সৰকাৰ, অৰুণ দত্ত মজুমদাৰ, প্ৰণতি ফুকন, ৰাণী নৰহ, আব্দুল খালেক।সমিতিত থকা আন সদস্যসকল হ’ল ক্ৰমে, দুৰ্গা ভূমিজ, অজিত সিং, নন্দিতা দাস, শিৱামণি বৰা, প্ৰদ্যুত ভূঞা, এ কে ৰছিদ আলম, যাদৱ স্বৰ্গীয়াৰী, পৃথ্বী মাঝি, টংক বাহাদুৰ ৰায়, প্ৰাণেশ্বৰ বসুমতাৰী, আৰ পি শৰ্মা, ঘন বুঢ়াগোহাঁই, অগাষ্টিন আংহি, মেঘনাথ ছেত্ৰী, বলীন কুলি, হাফিজ ৰছিদ চৌধুৰী, মেদিআলম বৰা, শোভমন আলী সৰকাৰ, গংগাজ্যোতি তায়গম আৰু মৌসম বৰুৱা ৷”

ইফালে বিশেষ আমন্ত্ৰিতসকলৰ ভিতৰত আছে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক (সংগঠন), অসম প্ৰদেশ কংগ্ৰেছৰ সকলো ফ্ৰন্টৰ সংগঠনৰ মুৰব্বী, এছ চি, অ’ বি চি, সংখ্যালঘু, জনজাতি, কংগ্ৰেছ বিভাগৰ অধ্যক্ষ আৰু চাহ-বাগিচা কোষৰ অধ্যক্ষ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *