মেঘালয়ৰ কয়লাখনিত ভয়ংকৰ বিস্ফোৰণ ৷ পূব জয়ন্তীয়া পাহাৰ জিলাৰ টাসখাই অঞ্চলৰ এটা কয়লাখনিত বৃহস্পতিবাৰে সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ ৷প্ৰাপ্ত খবৰ অনুসৰি এতিয়ালৈকে ১৮ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ ইয়াৰে ৯ জন লোক অসমৰ কাছাৰ জিলাৰ কাটিগড়া অঞ্চলৰ ৷ বৰ্তমানলৈকে ৪ জনক চিনাক্ত কৰা গৈছে ৷ তেওঁলোক হৈছে ক্ৰমে কাটিগড়াৰ বিহাড়া অঞ্চলৰ ফাৰুক আহমেদ, সৰিষাকুড়িৰ দিলদাৰ হুছেইন আৰু আনোৱাৰ হুছেইন আৰু ৰাজপুৰৰ নিমান উদ্দিন ৷প্ৰশাসনে ক্ষিপ্ততাৰে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান ৷ নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ বিকাশ শাণ্ডিল্যই জনোৱা মতে দুৰ্ঘটনা সংঘটিত হোৱা মেঘালয়ৰ কয়লাখনিৰ পৰা ৫ টা অগ্নিদগ্ধ মৃতদেহ শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনা হৈছে ৷ আটাইকেইজন সম্প্ৰতি জীৱিত অৱস্থাত আছে ৷সামাজিক মাধ্যম এক্সত শোকপ্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে লিখিছে, ‘‘পূব জয়ন্তীয়া পাহাৰৰ কয়লাখনিৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোকপ্ৰকাশ কৰিছো । এই শোকৰ সময়ত ভুক্তভোগী পৰিয়াললৈ মোৰ আন্তৰিক সমবেদনা । আমি মেঘালয় চৰকাৰ আৰু পূব জয়ন্তীয়া পাহাৰ জিলা প্ৰশাসনৰ সৈতে অহৰহ কাম কৰি আছো । ইয়াৰে কিছুসংখ্যক অসমৰ হ’ব পাৰে বুলি আমি খবৰ লাভ কৰিছো যদিও সেয়া নিশ্চিত নহয় ৷ এই শোকৰ সময়ত আমাৰ চিন্তা আৰু প্ৰাৰ্থনা এই দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত সকলোৰে লগত আছে । যদি এই কথা সত্য, তেন্তে অসমৰ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক আমি সকলো ধৰণৰ সহায় আগবঢ়াম ।আনহাতে, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমায়ো এক্সৰ জৰিয়তে শোকপ্ৰকাশ কৰে ৷ চাংমাৰ প্ৰকাশিত পোষ্টটো এনেধৰণৰ, ‘‘পূব জয়ন্তীয়া পাহাৰৰ কয়লাখনিৰ দুৰ্ঘটনাটোত মই গভীৰ শোকপ্ৰকাশ কৰিছো । এই দুৰ্ভাগ্যজনক ঘটনাত আপোনজনক হেৰুওৱা পৰিয়ালসমূহলৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ ৷ এই ঘটনাৰ পুংখানুপুংখ তদন্তৰ নিৰ্দেশ দিছে মেঘালয় চৰকাৰে । দোষীক শাস্তি দিয়াৰ লগতে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব । জনসাধাৰণৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো আপোচ নহ’ব । এই শোকৰ সময়ত ৰাজ্যখনে ক্ষতিগ্ৰস্ত সকলোৰে সৈতে একেলগে থিয় দিছে ।
