আঞ্চলিকতাবাদৰ দুৰ্গ হিচাপে পৰিচিত নগাঁৱৰ অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি বঢ়মপুৰৰ পৰা বিগত বিধানসভা নিৰ্বাচনত বিজেপি দলৰ বিধায়ক হিচাপে জয়ী হৈছিল যদিও এইবাৰ পুনৰ সমষ্টিটোক কেন্দ্ৰ কৰি দুই মিত্ৰদলৰ মাজত সৃষ্টি হোৱা সংঘাত ক্ৰমাৎ স্পষ্ট হ’বলৈ ধৰিছে । বিগত ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি দলক এৰি দিয়া বঢ়মপুৰ সমষ্টি ওভতাই বিচাৰি ব্যাপক কুচকাৱাজ আৰম্ভ কৰিছে অগপ দলে ।দলটোৰ নগাঁও জিলা সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ মণিমাধৱ মহন্তই কিছুদিন ধৰি বঢ়মপুৰ সমষ্টিত আৰম্ভ কৰিছে ব্যাপক তৎপৰতা । সমষ্টিটোৰ অগপৰ প্ৰবীণ কৰ্মীসকলক লগত লৈ মণিমাধৱ মহন্তই তৎপৰতা অব্যাহত ৰখাৰ লগতে মুকলিকৈয়ে মিত্ৰদল বিজেপিৰ বিধায়কৰ বিৰুদ্ধেও কিছু মন্তব্য কৰিছে ।এফালে বিজেপি বিধায়কৰ বিৰুদ্ধে মিত্ৰদল অগপই অভিযোগ উত্থাপন কৰাৰ বিপৰীতে অগপৰ বিৰুদ্ধেও সৰৱ হৈ পৰিছে বঢ়মপুৰ সমষ্টিৰ বিজেপি কৰ্মীসকল । বঢ়মপুৰ বিধানসভা সমষ্টিত ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰা অগপ নেতা মণিমাধৱ মহন্তই সমষ্টিটোৰ বিজেপি বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ থকা বুলি মন্তব্য কৰাৰ পাছতেই অগপ নেতাগৰাকীক উভতি ধৰিছে সমষ্টিটোৰ বিজেপি কৰ্মীয়ে ।বঢ়মপুৰ সমষ্টিত আজিও অগপৰ শক্তিশালী ভেটি থকা বুলি দাবী কৰি অগপ নেতা মণিমাধৱ মহন্তই কয়, “বঢ়মপুৰ সমষ্টি আজিও অগপৰ দুৰ্গ হৈ আছে । অগপ দল জন্ম হোৱাৰ পৰাই একেৰাহে ৩৫ বছৰ অগপৰ দখলত থকা বঢ়মপুৰ সমষ্টিৰ পৰাই দুবাৰকৈ অসমৰ মুখ্যমন্ত্ৰী হৈছিল প্ৰফুল্ল কুমাৰ মহন্ত । বিগত নিৰ্বাচনত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত অসুস্থতাৰ বাবে আসনখন বিজেপিক এৰি দিয়া হৈছিল ।”দুই মিত্ৰদল অগপ আৰু বিজেপিৰ নেতা-কৰ্মীসকলৰ মাজত আৰম্ভ হোৱা এনে বাকযুদ্ধই একপ্ৰকাৰ স্পষ্ট কৰিছে দুই মিত্ৰদলৰ মাজৰ সংঘাত । ইফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা অগপৰ কেন্দ্ৰীয় নেতৃত্বও দুই দলৰ মাজত প্ৰাৰ্থিত্বক লৈ কোনো সংঘাত নহয় বুলি দাবী কৰি আহিলেও বঢ়মপুৰ সমষ্টিক লৈ দুই দলৰ মাজত সৃষ্টি হোৱা সংঘাত ক্রমাৎ পোহৰলৈ আহিব ধৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *