১৪ ফেব্ৰুৱাৰীত মুকলি হ’ব বহু প্ৰত্যাশিত বায়ুসেনাৰ জৰুৰী অৱতৰণ সেৱা । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব এই জৰুৰী অৱতৰণ সেৱা চমুকৈ ই এল এফ । প্ৰধানমন্ত্ৰীৰ আগমনক লৈ তৎপৰ হৈ পৰিছে ডিব্ৰুগড় জিলা প্ৰশাসন, ই এল এফ নিৰ্মাণৰ লগত জড়িত প্ৰতিষ্ঠান আৰু ভাৰতৰ বায়ুসেনা ৷ইতিমধ্যে সম্পূৰ্ণ হৈছে মৰাণৰ চাৰিলেনযুক্ত পথত নিৰ্মাণ কৰা বায়ুসেনাৰ জৰুৰী অৱতৰণ সেৱা । ডিব্ৰুগড় জিলাৰ মৰাণ বাইপাছৰ জঁটিয়নীত চাৰিলেনযুক্ত পথৰ ৪.২ কিলোমিটাৰ অংশত নিৰ্মাণ কৰা হৈছে ই এল এফ ৷ ভাৰতীয় বায়ুসেনাৰ তত্বাৱধানত পশ্চিমবংগৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানে এই ই এল এফ নিৰ্মাণ কৰিছে । উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথম এই জৰুৰী অৱতৰণ সেৱাই মৰাণত যাতায়তৰ ক্ষেত্ৰত ব্যাপক পৰিৱৰ্তন আনিছে ।দেশৰ জৰুৰী পৰিস্থিতিত মৰাণৰ ৰাজপথত যিকোনো সময়তে অৱতৰণ কৰিব পাৰিব ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমান ৷ প্ৰধানমন্ত্ৰীৰ উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি এক এয়াৰ শ্ব’ অনুষ্ঠিত কৰাৰ সম্ভাৱনাও ইতিমধ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ব্যক্ত কৰিছে ৷ যাৰ বাবে প্ৰাৰম্ভিক প্ৰস্তুতি আৰম্ভ হৈছে ।প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী সন্দৰ্ভত পৰ্যালোচনা কৰিবলৈ বৃহস্পতিবাৰে মৰাণৰ জঁটিয়নীত ই এল এফৰ কাষতে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত এখন উচ্চস্তৰীয় বৈঠক অনুস্থিত হয় । বৈঠকত ১৪ ফেব্ৰুৱাৰীৰ কাৰ্যসূচী সন্দৰ্ভত প্ৰাৰম্ভিক আলোচনা হয় । সভাত অসম চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কোটা, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমীত সিং, ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ উপৰিও ভাৰতীয় বায়ুসেনাৰ শীৰ্ষ বিষয়া আৰু বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ।জঁটিয়নীত ই এল এফৰ কাষতে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে উচ্চস্তৰীয় বৈঠকত অংশ লৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমীত সিঙে কয়, “ইয়াত এটা ই এল এফ নিৰ্মাণ কৰাটো অসমৰ বাবে সন্মানৰ কথা । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিবলৈ আহিব, ৰাইজে চাব পাৰিব । প্ৰধানমন্ত্ৰীৰ আগমনক লৈ যি নিৰাপত্তা ব্যৱস্থা কৰিব লাগে সকলো কৰা হ’ব । ৰাইজে নিৰ্দিষ্ট স্থানৰ পৰা যুদ্ধ বিমান চাব পৰাকৈ স্থান নিৰ্মাণ কৰা হ’ব ।”

Leave a Reply

Your email address will not be published. Required fields are marked *