আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যত প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা । চূড়ান্ত ভোটাৰ তালিকা অনুসৰি ৰাজ্যত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,৪৯,৫৮,১৩৯ গৰাকী । ২৭ ডিচেম্বৰত প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকাত এই সংখ্যা আছিল ২,৫২,০১,৬২৪ গৰাকী । খচৰা ভোটাৰ তালিকাৰ তুলনাত চূড়ান্ত ভোটাৰ তালিকাত ভোটাৰৰ সংখ্যা ০.৯৭ শতাংশ হ্ৰাস পালে ।

বুধবাৰে দিছপুৰৰ জনতা ভৱনত সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে । বিশেষ সংশোধনীৰ (এছ আৰ-২০২৬) চূড়ান্ত ভোটাৰ তালিকা প্রকাশ সন্দৰ্ভত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে কয়,”অসমৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া ২২ নবেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈ ৰাজ্যজুৰি ঘৰে ঘৰে গৈ পুনৰীক্ষণ অভিযান সফলভাৱে অনুষ্ঠিত কৰা হৈছিল । ২৭ ডিচেম্বৰত এছ আৰৰ সংহত ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছিল । দাবী আৰু আপত্তি দাখিলৰ সময়সীমা আছিল ২৭ ডিচেম্বৰৰ পৰা ২২ জানুৱাৰীলৈ ।

তেওঁ পুনৰ কয়,”১০ ফেব্ৰুৱাৰীত বিশেষ সংশোধনী ২০২৬ৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে । বি এল অ’ সকলে এশ শতাংশ ভোটাৰক সামৰি ৬১,০৩,১০৩ টা পৰিয়ালৰ গৃহ পৰিদৰ্শন কৰিছিল । এই পুনৰীক্ষণ অভিযানত মৃত ভোটাৰ ৪,৭৮,৯৯২ গৰাকী, স্থানান্তৰিত ভোটাৰ ৫,২৩,৬৮০ গৰ‍াকী আৰু একাধিক নাম থকা ৫৩,৬১৯ গৰ‍াকী ভোটাৰ চিনাক্ত কৰিছিল । সেইদৰে ১৮ বছৰতকৈ অধিক বয়সৰ ভোটাৰ তালিকাত পঞ্জীয়ন হৈ নথকা ৬,২৭,৬৯৬ গৰাকী লোক আৰু ১৭ বছৰতকৈ অধিক বয়সৰ সাম্ভাব্য ভোটাৰ ১,৪৬,৩৪২ গৰাকী চিনাক্ত কৰা হৈছিল ।

“দাবী আৰু নিস্পত্তিকৰণৰ স্থিতি সন্দৰ্ভত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে কয়,”প্ৰ-পত্র ৬ নং যোগে লাভ কৰা মুঠ ৭,৬০,৫১৩ খন আবেদনৰ ভিতৰত ৫,৮৬,১৪৬ খন আবেদন গ্ৰহণ কৰা হৈছে । ইয়াৰ বিপৰীতে ১,৪০,৯০৮ খন আৱেদন খাৰিজ কৰা হৈছে আৰু ৩৩,৪৫৯ খন আবেদন নিষ্পত্তি কৰিবলৈ বাকী আছে । ইয়াৰ নিষ্পত্তিৰ কাম আজিৰে পৰা আৰম্ভ হৈছে । প্ৰ-পত্র ৭ নং যোগে লাভ কৰা মুঠ ১২,৯৭,৭৯৬ খন আৱেদনৰ ভিতৰত ১০,৬৩,৬৪৭ খন গ্ৰহণ আৰু ১,৯০,৬১৩ খন খাৰিজ কৰা হৈছে। নিষ্পত্তি হ’বলৈ বাকী আছে ৪৩,৫৩৬ খন আৱেদন। প্ৰ পত্র ৮ নং যোগে লাভ কৰা ১৫,৩৬,৬৭৪ খন আৱেদনৰ ভিতৰত ১৩,৪৬,৭২৬ খন গ্ৰহণ আৰু ১,৩২,১৬৭ খন খাৰিজ কৰা হৈছে। নিষ্পত্তি হ’বলৈ বাকী আছে ৫৭,৭৮১ খন আৱেদন ।

“মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে কয়,”চুড়ান্ত ভোটাৰ তালিকাৰ মুঠ ২,৪৯,৫৮,১৩৯ গৰাকী ভোটাৰৰ ভিতৰত ১,২৪,৮২,২১৩ জন পুৰুষ, ১,২৪,৭৫,৫৮৩ গৰাকী মহিলা আৰু ৩৪৩ গৰাকী তৃতীয় লিংগৰ ভোটাৰ । সেইদৰে ছাৰ্ভিচ ভোটাৰ আছে ৬৩,২৬৯ গৰাকী, দিব্যাংগ ভোটাৰ আছে ২,০৩,৭০৯ গৰাকী, ১৮-১৯ বছৰ বয়সৰ ভোটাৰ আছে ৫,৭৫,২৫৮ গৰাকী আৰু ৮৫ বছৰৰ উৰ্দ্ধৰ ভোটাৰ আছে ১,০৪,২৩৮ গৰাকী । আনহাতে সৰ্বাধিক ভোটাৰ থকা সমষ্টি হৈছে ৫১ নং দলগাঁও সমষ্টি । সমষ্টিটোত আছে ৩,১৫,২৮৪ গৰাকী ভোটাৰ ।”তেওঁ কয়,”সেইদৰে সৰ্বনিম্ন ভোটাৰ থকা সমষ্টিটো হৈছে ১১২ নং আমৰি সমষ্টি । সমষ্টিটোৰ ভোটাৰৰ সংখ্যা হৈছে ১,০০,০৯৭ গৰাকী । সৰ্বাধিক ৪০২ টা ভোটকেন্দ্ৰ থকা সমষ্টিটো হৈছে ১১ নং মানকাচৰ আৰু সৰ্বনিম্ন ১৪৬ টা ভোটকেন্দ্ৰ থকা সমষ্টিটো হৈছে ২ নং দতমা সমষ্টি । কাৰোবাৰ কিবা আপত্তি থাকিলে ১৫ দিনৰ ভিতৰত জিলা দণ্ডাধীশৰ ওচৰত আপীল কৰিব পাৰিব । অন্যথা ৩০ দিনৰ ভিতৰত মুখ্য নিৰ্বাচনী বিষয়াৰ ওচৰত দ্বিতীয় আপীল কৰিব পাৰিব । আনহাতে উচ্ছেদিত হৈ স্থানান্তৰিত হোৱা লোকে আবেদন কৰিব পাৰিব । পুৰণা এপিক নম্বৰ দি আৱেদন কৰিব পাৰিব । ভোটাৰ তালিকাত ৯২,০৮৭ গৰাকী ‘ডি’ ভোটাৰ পূৰ্বৰ দৰেই আছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *