অসমৰ বিধানসভা নিৰ্বাচন সমাগত । তাৰ প্ৰাকক্ষণত কেন্দ্ৰীয় চৰকাৰৰ বিশেষ নিৰ্বাচনী টোপ ! নিৰ্বাচনৰ আগে আগে কেন্দ্ৰই ৰাজ্যখনৰ বাবে ঘোষণা কৰিলে প্ৰায় ৭৪৮ কোটি টকাৰ পুঁজি । এই পুঁজিৰে ৰাজ্যখনত নিৰ্মাণ কৰা হ’ব পথ আৰু দলং । কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে শুকুৰবাৰে ঘোষণা কৰে যে কেন্দ্ৰীয় পথ আন্তঃগাঁথনি পুঁজি (চি আৰ আই এফ) আঁচনিৰ অধীনত অসমৰ ১০ টা পথৰ উন্নয়ন প্ৰকল্পৰ বাবে ৬১৭.৯৮ কোটি টকাৰ অনুমোদন দিয়াৰ লগতে চি আৰ আই এফ সেতু বন্ধন আঁচনিৰ অধীনত ১৬ খন দলং প্ৰকল্পৰ বাবে ১২৯.৭৪ কোটি টকা অনুমোদন জনোৱা হৈছে ।
মন্ত্ৰীগৰাকীৰ মতে মুঠ ৭৪৭.৭২ কোটি টকাৰ সংযুক্ত আবণ্টনৰ লক্ষ্য হৈছে আঞ্চলিক সংযোগ শক্তিশালী কৰা, পৰিবহণৰ দক্ষতা বৃদ্ধি কৰা, ভ্ৰমণৰ সময় হ্ৰাস কৰা আৰু সমগ্ৰ ৰাজ্যতে আৰ্থ-সামাজিক বিকাশ বৃদ্ধি কৰা ।
গাডকাৰীয়ে এক্সৰ এটা পোষ্টত লিখিছে, “অসমত কেন্দ্ৰীয় পথ আন্তঃগাঁথনি পুঁজি (চি আৰ আই এফ) আঁচনিৰ অধীনত ১০ টা পথ উন্নয়ন প্ৰকল্পৰ বাবে ৬১৭.৯৮ কোটি টকা অনুমোদন কৰা হৈছে । ইয়াৰ উপৰিও চি আৰ আই এফ সেতু বন্ধন আঁচনিৰ অধীনত ১৬ খন দলং প্ৰকল্পৰ বাবে ১২৯.৭৪ কোটি টকা অনুমোদন কৰা হৈছে । যোগাযোগ, পৰিবহণৰ কাৰ্যক্ষমতা উন্নত কৰা আৰু ভ্ৰমণৰ সময় হ্ৰাস কৰাৰ দৰে এই পদক্ষেপসমূহে আঞ্চলিকভাৱে যথেষ্ট উন্নতি সাধন কৰিব ।
’’গাডকাৰীয়ে লগতে গুৰুত্ব আৰোপ কৰিছে যে ইয়াৰ উপৰিও স্থানীয় বাণিজ্য বৃদ্ধি পাব, সামগ্ৰী আৰু মানুহৰ মসৃণ চলাচলৰ সুবিধা হ’ব, ৰাজ্যৰ আৰ্থ-সামাজিক বিকাশত অৰিহণা যোগাব ।
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সত্ৰনগৰী মাজুলীৰ উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্যৰে মাজুলী-যোৰহাট দলং আৰু ইয়াৰ সংযোগী ঘাইপথ নিৰ্মাণ প্ৰকল্পৰ শুভাৰম্ভ কৰে । মাজুলীৰ গড়মূৰত অনুষ্ঠিত হৈছিল উদ্বোধনী অনুষ্ঠানৰ।
উল্লেখ্য যে, মাজুলী জিলাৰ দিনজোৰা ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীয়ে ২,২১৮ কোটি টকাৰ কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে আৰু মহিলা উদ্যমিতা আঁচনিৰ অধীনত ৩১,৯৫২ গৰাকী হিতাধিকাৰীক চেক প্ৰদান কৰে ।
তাৰ পাছতে মুখ্যমন্ত্রীয়ে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ একাডেমিক ভৱন আৰু ছাত্ৰী নিৱাস, সংহত জিলা আয়ুক্তৰ কার্যালয়, জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কার্যালয়, জিলা পৰিবহণ বিষয়াৰ কার্যালয়, এখন চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয়, দক্ষিণপাট সত্র সংগ্ৰহালয়, জ্যোতি বিষ্ণু সাংস্কৃতিক কমপ্লেক্স আৰু চেলেকঘাটত এখন দলং উদ্বোধন কৰে । মুঠতে নিৰ্বাচনৰ প্ৰাকক্ষণত ভোটাৰক আকৰ্ষণৰ উদ্দেশ্যে এতিয়া ৰাজ্যত ইটোৰ পিছত সিটো উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ হৈছে ।
