মাছ চুৰিৰ অভিযোগত পৌৰসভাৰ চাফাই কৰ্মীক নিৰ্মমভাৱে প্ৰহাৰ একাংশ লোকৰ । ডিগবৈ সামূহিক স্বাস্থ্য কেন্দ্ৰত কৰুণ মৃত্যুক আঁকোৱালি লয় লোকজনে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । ৫ অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে । এই ঘটনাই ৰাজ্য কঁপাই গৈছে ।

জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱাই এই ঘটনা সংঘটিত হয় । ঘটনা অনুসৰি ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত চাৰিআলি বজাৰত এদল লোকৰ বৰ্বৰ আক্ৰমণত চহৰখনৰ পৌৰসভাৰ এজন চাফাই কৰ্মীজনৰ মৃত্যু হয় । লোকজন হৈছে বুদ্ধেশ্বৰ গঢ় । ডিগবৈ পৌৰসভাৰ অস্থায়ী চাফাই কৰ্মী তথা বগাপানী চাহ বাগিচাৰ বাসিন্দা আছিল বুদ্ধেশ্বৰ গঢ় ।

আন দিনাৰ দৰে বৃহস্পতিবাৰেও বজাৰখনত উপস্থিত হৈ নিজ কৰ্ম সম্পাদন কৰিছিল বুদ্ধেশ্বৰে । সেই অনুসৰি বজাৰখনৰ এটা পৰিত্যক্ত বাকচৰ পৰা মাছ চুৰি কৰাৰ অভিযোগ তুলি বজাৰৰে একাংশ মাছ ব্যৱসায়ীয়ে প্ৰথমে বাকবিতণ্ডা আৰু পাছলৈ খেদি খেদি অতি নিৰ্মমভাৱে প্ৰহাৰ কৰে বুদ্ধেশ্বৰক ।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি চাফাই কৰ্মী বুদ্ধেশ্বৰে প্ৰহাৰ নকৰিবলৈ অনুৰোধ কৰিছিল । কিন্তু তেওঁৰ অনুৰোধ নুশুনি ব্যৱসায়ীসকলে তেওঁক নিৰ্মমভালে প্ৰহাৰ কৰে আৰু পিছত আৰক্ষীক চমজাই দিয়ে । ইফালে দলবদ্ধ প্ৰহাৰত মুমূৰ্ষু অৱস্থাত থকা চাফাই কৰ্মীজনক ততাতৈয়াকৈ ডিগবৈ সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় । কিন্তু স্বাস্থ্য কেন্দ্ৰতে তেওঁৰ মৃত্যু হয় ।

চাফাই কৰ্মীজনৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে চহৰখনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ঘটনাটোৰ পিছতে ডিগবৈ অসামৰিক চিকিৎসালয়ত বগাপানী চাহ বাগিচাৰ বহু লোক উপস্থিত হৈ বুদ্ধেশ্বৰ গঢ়ক ন্যায় প্ৰদানৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।পৰৱৰ্তী সময়ত প্ৰতিবাদস্থলীত ডিগবৈ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই যদিও পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰাত আৰক্ষীয়ে এই ঘটনাৰে জড়িত থকাৰ অভিযোগত ক্ৰমে ব্যৱসায়ী চেৰু খান, ৰমজান খান, অজিত আলী, বিক্ৰম চাহানী আৰু চনু ভট্টাচাৰ্যক আটক কৰি নিৰাপত্তাজনিত কাৰণত তিনিচুকীয়া সদৰ থানালৈ প্ৰেৰণ কৰে ।

এই ঘটনাৰ লগত জড়িত দোষীক কঠোৰ শাস্তিৰ দাবীত আছা, আটছাৰ লগতে স্থানীয় ৰাইজে মৃতদেহ লৈ বজাৰখনৰ সমীপতে ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে । ৰাইজে বুদ্ধেশ্বৰ গঢ়ৰ পৰিয়ালক চৰকাৰী ক্ষতিপূৰণ, হত্যাৰ বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰি তোলাৰ দাবীত প্ৰায় ২ ঘণ্টা সময় ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *