বৰ্তমানৰ বিধায়ক ভৱেশ কলিতাৰ সমষ্টিটোৰ বৃহত্তৰ তুলসীবাৰীৰ বহু অঞ্চল এতিয়াও যথেষ্ট ভিতৰুৱা আৰু তুলনামূলকভাৱে অনুন্নত । ঠায়ে ঠায়ে পকী ৰাস্তাৰ সলনি এতিয়াও কেঁচা ৰাস্তা দেখিবলৈ পোৱা যায় । বাৰিষা কালত বোকা-পানীৰে ভৰি থকাৰ বিপৰীতে খৰালি কালত ধূলি-বালিৰে মৰুভূমি সদৃশ পৰিৱেশৰ সৃষ্টি হয় । বাৰিষাৰ সময়ত যাতায়তৰ বাবে যথেষ্ট অসুবিধা হয় । তুলসীবাৰীৰ পৰা হাচানটুক হৈ যোৱা মূল পথটো আজিও ভঙা-ছিঙা অৱস্থাত আছে । বছৰ বছৰ ধৰি জৰাজীৰ্ণ হৈ থকা পথটোৰ মেৰামতি কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ সদিচ্ছাৰ অভাৱ যেন অনুভৱ হয় । ইফালে হাচানটুকত বছৰ বছৰ ধৰি ৰাইজে ভুগি আহিছে বিভিন্ন ধৰণৰ সমস্যা । অঞ্চলটোৰ কাষেৰে বৈ যোৱা বৰলীয়া নৈয়ে সৃষ্টি কৰা খহনীয়াই ইতিমধ্যে অঞ্চলটোৰ বৃহৎ খেতিপথাৰ নষ্ট কৰাৰ লগতে নৈপৰীয়া ৰাইজক নিজৰ বাসগৃহ এৰি অইন ঠাইলৈ একেবাৰে আঁতৰি যাবলৈ বাধ্য কৰিছে । খহনীয়াৰ ফলত ইতিমধ্যে অৰ্ধশতাধিক পৰিয়াল উক্ত স্থানৰ পৰা স্থানান্তৰিত হৈছে । চৰকাৰী সাহাৰ্য লাভ কৰাৰ বিষয়ে জানিবলৈ বিচৰাত দেখা গ’ল যে বেছিভাগ সময়তেই চৰকাৰী বিষয়া তথা কৰ্মচাৰীয়ে তথ্য সংগ্ৰহ কৰিয়েই নিজৰ দায়িত্ব সামৰিছে আনহাতে তুলসীবাৰী-হাচানটুক-ৰঙিয়া পথটো কিছু বছৰ পূৰ্বে বৰলীয়া নৈৰ বানত ছিঙি গৈছিল । পথটোৰ প্ৰায় ৫০ ফুট দৈৰ্ঘ্য পথ বৰলীয়া নৈৰ বানে উটুৱাই নিছিল । ফলত সম্পূৰ্ণৰূপে যাতায়ত বন্ধ হৈ ব্যাপক সমস্যাৰ সৃষ্টি হৈছিল বন্যাৰ্তৰ । বানপানী শুকাই যোৱাৰ কেইবা বছৰ পিছত বৰ্তমানেও পথৰ দাঁতিত আৰু মাজভাগত বৃহৎ গাঁত থকা বাবে দিনৰ লগতে নিশাৰ ভাগত পথটোৰে যাতায়ত যথেষ্ট বিপদজনক হৈ পৰিছে । পথটোৰ কিছু অংশ সম্পূৰ্ণ ছিগি যোৱাৰ ফলত গাড়ী পাৰ নহয় বাবে দৈনিক যাতায়ত কৰা বহু লোকে নিজৰ বাহন পথৰ সিটো পাৰে থৈ খোজকাঢ়ি যাতায়ত কৰিবলৈ বাধ্য হৈছে । আনহাতে জৰুৰীকালীন সেৱাৰ গাড়ীসমূহো পথৰ দুৰৱস্থাৰ বাবে অঞ্চলটোৰ ভিতৰলৈ যাব নোৱাৰে । দৈনিক কুৰিখনতকৈ অধিক গাঁৱৰ দুই সহস্ৰাধিক ৰাইজে যাতায়ত কৰা পথটোৰে প্ৰায়েই সংকটজনক অৱস্থাত থকা ৰোগীসকলক চিকিৎসালয়লৈ কান্ধত ভাৰ বান্ধি নিব লগা পৰিস্থিতিৰ সৃষ্টি হয় । বানাক্ৰান্ত‌ ৰাইজে চৰকাৰ তথা প্ৰশাসনক সহায় বিচাৰি কেইবাবাৰো দাবী জনাইছে যদিও সকলো চেষ্টা অসাৰ প্ৰতিপন্ন হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে স্থানীয় লোকসকলে ।

Leave a Reply

Your email address will not be published. Required fields are marked *