ৰাজনৈতিক আক্রমনৰ বলি হৈ জেল খালে দুই নেতা ২০২১–২২ চনৰ দিল্লী এক্সাইজ নীতি সম্পৰ্কে উত্থাপিত অভিযোগক কেন্দ্ৰ কৰি গঢ় লৈ উঠা দিল্লীৰ সুৰা নীতি কেলেংকাৰীত লাইচেন্স প্ৰদানত অনিয়ম আৰু কিছুমান ব্যক্তিগত সুৰা ব্যৱসায়ীক বিশেষ সুবিধা দিয়াৰ অভিযোগ উত্থাপিত হৈছিল। সুৰাৰ পাইকাৰী, খুচুৰা বিক্ৰীৰ সংস্কাৰৰ বাবে আপ চৰকাৰে প্ৰৱৰ্তন কৰাইছিল এই নীতি। পিছে, ২০২২ চনক ৮ জুলাইত নতুন সুৰা নীতিত কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ তুলি মুখ্য সচিবে উপ ৰাজ্যপালক দাখিল কৰিছিল প্ৰতিবেদন। ইয়াৰ পাছতে দিল্লীৰ উপ-ৰাজ্যপাল ভি কে শ্বক্সেনাই চিবিআই তদন্তৰ পৰামৰ্শ আগবঢ়াইছিল। ২০২২ চনত CBIএ এই কেলেংকাৰী সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছিল।
এই তদন্তত তেতিয়াৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াকে ধৰি কেইবাজনো ৰাজনৈতিক নেতা আৰু ব্যৱসায়ীৰ নাম উত্থাপন হৈছিল। অভিযোগ আছিল যে, এই সুৰা নীতি কিছুমান নিৰ্দিষ্ট গোটৰ অনুকূলে সিদ্ধান্ত লোৱা হৈছিল। অনুজ্ঞাপত্ৰৰ মাচুল আৰু লাভালাভ ব্য়ক্তিগতখণ্ড আৰু কিছু বিশেষ ব্যক্তিৰ সুবিধা হোৱাকৈ থিৰাং কৰা হৈছিল বুলি অভিযোগ উত্থাপন হৈছিল।
ইয়াৰ পাছত ২০২২ৰ ১৯ আগষ্টত মনীষ ছিছ’দিয়াৰ বাসগৃহত চিবিআই অভিযান চলাইছিল। ২০২৩ চনৰ ১৮ ফ্ৰেব্ৰুৱাৰীত নেতাগৰাকীক চিবিআইয়ে দিছিল চমন। আনহাতে, ২৬ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰা হৈছিল ছিছ’দিয়াক। উল্লেখযোগ্য যে, ছিছ’দিয়াৰ বিৰুদ্ধে আছিল ইডিৰো আন এটা গোচৰ।
ইফালে, ২০২৩ চনৰ অক্টোবৰ মাহত অৰবিন্দ কেজৰিৱাললৈও চিবিআইয়ে জাৰি কৰিছিল একাধিক চমন। এই চমনক কোনো গুৰুত্ব দিয়া নাছিল দিল্লীৰ তদানিন্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। পিছে ২০২৪ চনৰ ২১ মাৰ্চত দিল্লীৰ উচ্চ ন্যায়ালয়ে নেতাগৰাকীক গ্ৰেপ্তাৰৰ পৰা ৰেহাই দিবলৈ অমান্তি হয়। তাৰ পাছতে গ্ৰেপ্তাৰ কৰা হয় কেজৰিৱালক।
পৰৱৰ্তী সময়ত কেইবাজনো নেতাক এই গোচৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু বিষয়টো আদালতৰ মজিয়া পাইছিল। উল্লেখযোগ্য যে, বিতৰ্কৰ মাজতে দিল্লী চৰকাৰে ২০২২ চনৰ ৩১ জুলাইত এই সুৰা নীতি প্ৰত্যাহাৰ কৰিছিল।আনহাতে, দিল্লী চৰকাৰৰ নতুন সুৰা নীতিত সংঘটিত হোৱা কেলেংকাৰী সন্দৰ্ভত ইডি আৰু চিবিআইয়ে পৃথক পৃথক তদন্ত চলাই আছে। নীতি প্ৰণয়ন আৰু কাৰ্যকৰীকৰণত ধন সৰবৰাহৰ অভিযোগৰ তদন্ত অব্যাহত ৰাখিছিল ইডিয়ে।
আনহাতে চিবিআইৰ তদন্তত এই নীতি প্ৰণয়নত হোৱা অনিয়মৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।
অৱশ্যে, এই সময়ছোৱাত দেশবাসীয়ে প্ৰত্যক্ষ কৰিছিল কেইবাটাও অভূতপূৰ্ব ঘটনা। প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত থকা এগৰাকী ব্যক্তিৰ কাৰাগাৰ যাত্ৰা হৈছিল। জে’লৰ পৰাই কেজৰিৱালে কিছুদিন চলাইছিল প্ৰশাসন।দিল্লীৰ ৰাউছ এভিনিউ আদালতে প্ৰদান কৰিলে ৰায়। বিশেষ ন্যায়াধীশ জিতেন্দ্ৰ সিঙে প্ৰায় ৬০০ পৃষ্ঠাৰ নিৰ্দেশত উল্লেখ কৰে যে, গোচৰীয়া পক্ষই অভিযোগসমূহ দৃঢ় প্ৰমাণেৰে প্ৰতিষ্ঠা কৰিব নোৱাৰিলে। আদালতৰ মতে, আবকাৰী নীতি প্ৰস্তুত আৰু কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত লোৱা সিদ্ধান্তসমূহ প্ৰশাসনিক প্ৰক্ৰিয়াৰ অংশ বুলিয়েই প্ৰতীয়মান হয়, ইয়াত কোনো অপৰাধমূলক মানসিকতা বা ডাঙৰ ষড়যন্ত্ৰৰ তথ্য উন্মোচিত হোৱা নাই। আদালতে CBI-ৰ যুক্তি আৰু উপস্থাপিত প্ৰমাণৰ মানদণ্ডক লৈও প্ৰশ্ন উত্থাপন কৰে।
আদালতে স্পষ্ট কৰে যে, উন্নয়নশীল অৰ্থনীতিৰ ক্ষেত্ৰত ৰাজহ বৃদ্ধি বা নীতিগত সংস্কাৰৰ বাবে নীতি সলনি সাধাৰণ বিষয়। কোনো নীতি আশানুৰূপ ফল নিদিলে বা ব্যক্তিগত অংশীদাৰে লাভ অৰ্জন কৰিলে, তাৰ ভিত্তিতেই ফৌজদাৰী গোচৰ চলাব নোৱাৰি। অসৎ উদ্দেশ্য বা ক্ষমতাৰ অপব্যৱহাৰৰ প্ৰাথমিক প্ৰমাণ অবিহনে এনে ব্যৱস্থা গ্ৰহণ কৰাটো আইন বিৰুদ্ধ বুলিও আদালতে মন্তব্য কৰে। আনহাতে, ছিছ’দিয়াৰ ক্ষেত্ৰতো আদালতে অবৈধ ধনৰ দাবী বা গ্ৰহণৰ কোনো প্ৰমাণ দাখিল কৰা হোৱা নাই বুলি উল্লেখ কৰে।
