আমাৰ দেশত সকলোৰে বাবে আইন সমান। কিন্তু কিছু কিছু ক্ষেত্ৰত ক্ষমতাশালী লোকে কেতিয়াবা উলংঘা কৰে আইনৰ। ঠিক তেনেকৈয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰি যান বাহন আইন উলংঘা কৰিলে মন্ত্ৰী অশোক সিংহলে। বহু সময়ত বিৰ্তকৰ মাজত সোমাই থকা মন্ত্ৰীগৰাকীয়ে মূৰ হেলমেট পৰিধান নকৰাকৈয়ে চলাই ফুৰিছে দুচকীয়া বাহন। ঢেকিয়াজুলিত বিজেপিৰ কাৰ্যসূচীত হেলমেট পৰিধান নকৰাকৈ AS-12AB-2454 নম্বৰৰ বুলেট বাহন ৰাজপথত চলাই যানবাহন আইন উলংঘা মন্ত্ৰী অশোক সিংহলৰ। মন্ত্ৰীক অনুসৰণ কৰিয়েই নিৰ্বাচনী প্ৰচাৰত অংশ লোৱা গৰিষ্ঠ সংখ্যাক নেতাকৰ্মী আনকি মন্ত্ৰীৰ দেহৰক্ষীয়েও পৰিধান কৰা নাই হেলমেট। সাধাৰণ নাগৰিকে এনে নিয়ম উলংঘা কৰিলে ততাতৈয়াকৈ জৰিমনা বিহা যান-বাহন আৰক্ষীও নিমাত এইসকলোবোৰ দেখি। শোণিতপুৰৰ যানবাহন আৰক্ষী আৰু জিলা পৰিবহন বিভাগে এই ক্ষেত্ৰত নীৰৱ ভূমিকা পালন কৰাক লৈ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
