বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত পশ্চিমবংগৰ ৰাজ্যপাল চি ভি আনন্দ বসুৱে পদত্যাগ কৰে । বৃহস্পতিবাৰে সন্ধিয়া নতুন দিল্লীত ৰাজ্যপালগৰাকীয়ে পদত্যাগৰ কথা ঘোষণা কৰে। ২০২২ চনৰ ১৭ নৱেম্বৰৰ পৰা চি ভি আনন্দ বসুৱে পশ্চিমবংগৰ ৰাজ্যপাল হিচাপে দায়িত্ব পালন কৰি আহিছিল।

পদত্যাগৰ কথা স্বীকাৰ কৰি চি ভি আনন্দ বসুৱে সংবাদ মাধ্যমক কয়, “হয় মই পদত্যাগ কৰিছোঁ । মই ৩ বছৰৰো অধিক সময় পশ্চিমবংগৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ; মোৰ বাবে ই যথেষ্ট ।” তেওঁ অৱশ্যে হঠাতে পদত্যাগ কৰাৰ কাৰণ বাখ্যা কৰা নাই । তেওঁ সিদ্ধান্তৰ কাৰণ কোনো ৰাজনৈতিক হেঁচা আছিল নেকি সেই কথাও তেওঁ প্ৰকাশ কৰা নাই ।

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিশ্চিত কৰিছে যে বসুৰ পদত্যাগৰ পিছত তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবিয়ে পশ্চিমবংগৰ অতিৰিক্ত দায়িত্ব গ্ৰহণ কৰিব । পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সামাজিক মাধ্যমৰ পোষ্টত লিখিছে, “কেন্দ্ৰীয় গৃহ মন্ত্ৰী (অমিত শ্বাহ)ৰ পৰা জানিব পাৰিছোঁ যে চি ভি আনন্দ বসুৰ স্থানত আৰ এন ৰবিয়ে পশ্চিমবংগৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰিব ।” উল্লেখ্য যে নিৰ্বাচন আয়োগে কিছুদিনৰ ভিতৰতে পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে । তাৰ প্ৰাকমুহূৰ্তত এনেদৰে ৰাজ্যপালৰ পদত্যাগে ৰাজ্যবাসীৰ মনত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিছে । বহুতে সন্দেহ কৰিছে ৰাজনৈতিক হেঁচাৰ বাবে ৰাজ্যপালগৰাকীয়ে ল’লে নেকি এই সিদ্ধান্ত ।

Leave a Reply

Your email address will not be published. Required fields are marked *