ৰাজ্য চৰকাৰৰ যৌন নিৰ্যাতনে জোকাৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়। অধ্যক্ষ অচ্যুত বৈশ্যৰ বিৰুদ্ধে আৰম্ভ হল তদন্ত । সতীৰ্থ মহিলা চিকিৎসকক মোবাইলৰ মেছেজ আৰু অকলে সাক্ষাৎ কৰিবলৈ বাৰে বাৰে হেঁচা প্ৰদান কৰি আহিছিল অচ্যুত বৈশ্য নামৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষজনে । ৰাজনৈতিকভাবে প্ৰভাৱশালী অচ্যুৎ বৈশ্যৰ বিৰুদ্ধে এয়া কোনো নতুন অভিযোগ নহয় যদিও এনে অভিযোগ উথাপন হোৱাৰ পিছত তেওঁৰ পদোন্নতি হয় বুলি স্বাস্থ্য বিভাগত ব্যাপক আলোচনা । সমগ্ৰ ঘটনা ৰাজহুৱা হৈছিল ফেব্ৰুৱাৰী মাহত যদিও চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰাৰ হোৱা নাছিল যদিও ভুক্তিভোগীৰ অভিযোগ আৰু তথ্য প্ৰমাণ সঠিক হোৱাৰ বাবে শলঠেকত পৰিছে খোদ চৰকাৰ । ৰাজ্য চৰকাৰে এক পত্ৰ যোগে উক্ত ঘটনাৰ তদন্তৰ বাবে ২ জনীয়া কমিটি গঠন কৰিছে । মেডিকেল শিক্ষা বিভাগৰ সচিবক অধ্যক্ষ আৰু মেডিকেল শিক্ষা বিভাগৰ সঞ্চালকক সদস্য হিচাপে কমিটি গঠন কৰি দিয়ে ৰাজ্য চৰকাৰে । ২ সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব উক্ত কমিটিয়ে । কিন্তু অতি পৰিতাপৰ কথা যে যিগৰাকী ব্যক্তিৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ আহিছে উত্থাপন হৈছে তেওঁ আজিও GMCH ৰ সৰ্বোচ্চ আসনত অধিষ্ঠিত হৈ আছে । ৰাজ্য চৰকাৰৰ তদন্ত প্ৰক্ৰিয়াত প্ৰভাবিত নকৰিব নে অচ্যুত বৈশ্যই ?
