শুকুৰবাৰৰ মাজনিশা সামাজিক মাধ্যমযোগে অখিল গগৈৰ ঘোষণা — ‘শেষ চেষ্টাও ব্যৰ্থ’ ৷ ৰাজ্যৰ বিৰোধী মিত্ৰজোঁটৰ পৰা অৱশেষত একাশৰীয়া হ’ল অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দল ৷ কংগ্ৰেছৰ পিছুৱাই নি থকা মিত্ৰতাৰ নীতিৰ জালত পৰি ধৰাশায়ী হ’ল অখিল গগৈ৷

শুকুৰবাৰে দিনৰ ভাগত অখিল গগৈ বা ৰাইজৰ দলৰ কোনো প্ৰতিনিধিৰ উপস্থিতি অবিহনেই ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যত বিজেপি বিৰোধী ঐক্যৰ উমৈহতীয়া যাত্ৰা ঘোষণা গৌৰৱ গগৈসহ অসম জাতীয় পৰিষদ, চি পি আই এম, এ পি এইছ এল চি নেতৃত্বৰ ৷ গৌৰৱ গগৈয়ে শুকুৰবাৰে সন্ধিয়া ঘোষণা কৰিছিল যে ৰাইজৰ দলৰ সৈতেও আলোচনা চলি আছে ৷

গৌৰৱ গগৈয়ে ৰাইজৰ দলৰ সৈতে আলোচনা চলি আছে বুলি কৰা কৌশলী মন্তব্যৰ কেইঘণ্টামানৰ পিছতেই শুকুৰবাৰৰ মাজনিশা সামাজিক মাধ্যমযোগে অখিল গগৈয়ে সদৰী কৰে— ‘শেষ চেষ্টাও ব্যৰ্থ ৷’ এক কথাত কংগ্ৰেছৰ সৈতে মিত্ৰতা তথা আসন বুজাবুজিৰ শেষ চেষ্টাও ব্যৰ্থ হৈছে ৰাইজৰ দলৰ ৷ সামাজিক মাধ্যমৰ বাদে অৱশ্যে এতিয়ালৈ আন কোনো মন্তব্য কৰা নাই অখিল গগৈয়ে ৷

বিগত কেইবামাহো ধৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মিত্ৰতাৰ বাবে কংগ্ৰেছ দলক আহ্বান জনাই সংবাদ মাধ্যমৰ ওচৰত মন্তব্য আগবঢ়াই আহিছিল ৷ আনকি, মিত্ৰতা নহ’বগৈ নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত অখিল গগৈয়ে কৈছিল, “এইবাৰ নিৰ্বাচনত কংগ্ৰেছৰ ষ্টাৰ কেম্পেনাৰ হ’ম মই ৷

পিছে বিৰোধী ঐক্য মঞ্চৰ পৰা যে এইবাৰ অখিল গগৈয়ে প্ৰচাৰ চলাব নাপাব, সেয়া যে বাস্তৱ নহ’ব সেই কথা প্ৰায় স্পষ্ট হৈ পৰিছে ৷

ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰতিনিধিৰ অখিল গগৈক সাক্ষাৎ :

ইফালে, শুকুৰবাৰে নিশা ঝাৰখণ্ড চৰকাৰৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ প্ৰতিনিধিৰূপে কেবিনেট মন্ত্ৰী চামৰা লিণ্ডা আৰু বিশ্বনাথ তিৰ্কীয়ে (সমন্বয়ক, সৰ্বভাৰতীয় আদিবাসী সম্বন্বয় সমিতি) অখিল গগৈক গুৱাহাটীত সাক্ষাৎ কৰি ২০২৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনৰ বিষয়ে আলোচনা কৰে ৷ উল্লেখ্য যে প্ৰায় ২ ঘণ্টা সময় ঝাৰখণ্ড মুক্তি মৰ্চাৰ দলটোৰ সৈতে আলোচনাত মিলিত হয় অখিল গগৈ ৷

মন কৰিবলগীয়া যে ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অহা ১০ মাৰ্চত অসম ভ্ৰমণলৈ আহিব ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণ৷ সেই ভ্ৰমণৰ দিনা ভাৰতবৰ্ষৰ এক শক্তিশালী আঞ্চলিক দল ‘ঝাৰখণ্ড মুক্তি মৰ্চা’ৰ সৰ্বোচ্চ নেতা, আদিবাসী সম্প্ৰদায়ৰ পৰা জননেতাগৰাকীৰ সৈতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ মিলিত হ’ব বুলিও গগৈয়ে সদৰী কৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *