জনজাতি বিধায়কে বিজেপি এৰিবলৈ সাজু । উজনিৰ ৰাজনীতিত বিজেপিৰ বিপক্ষে এজাক ধুমুহা।
নাৰী নিৰ্যাতনৰ গোচৰত ন্যায়ালয়ৰ জামিন লাভ কৰা আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক মুখ্যমন্ত্ৰীয়ে চিনাকি কৰাই দিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীক । হাতযোৰ কৰি গৃহমন্ত্ৰীক সেৱা কৰিলে শংকৰজ্যোতি এই দৃশ্য বিজেপিৰ পুৰণি কৰ্মী আৰু বছৰ বছৰ ধৰি জাতীয়তাবাদৰ বিপক্ষে সংগ্ৰাম কৰা বিজেপিৰ পুৰণি কাৰ্যকৰ্তাই সহজভাবে লব পৰা নাই । ৭ দিন পূৰ্বে যোগদান কৰে নেতা কিদৰে গৃহমন্ত্ৰীৰ কাষত পালেগৈ ইয়াকে লৈ উজনিৰ ৰাজনীতিত ব্যাপক আলোচনাৰ সৃষ্টি হৈছে। শংকৰজ্যোতিক চিনাকি পৰ্ব কৰাই দিয়াৰ সময়ত কাষতে আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল । ৰাজনীতি বুজি পোৱা সকলে সেই সময়ৰ দৃশ্যটো দেখিলে অনুমান কৰিব পাৰিব যে নিকা ভাবমূৰ্তিৰ সোণোৱাল কিমান অস্বস্তিত পৰিছিল কিছু সময়ৰ বাবে। ইয়াৰ মূল কাৰণটো হল আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা বিজেপিত যোগদান সৰ্বানন্দ সোনোৱালৰ জৰিয়তে কৰিব বিচাৰিছিল আৰু সেই সময়ত হিমন্ত বিশ্ব শৰ্মা শিবিৰৰ একাংশ নেতাৰ বাবে তেওঁ যোগদান কৰিব পৰা নাছিল। শংকৰজ্যোতিক নাৰী কেলেংকাৰীত জড়িত নেতা বুলি হিমন্ত বিশ্ব গোটে বাৰে বাৰে বুজাব বিচাৰিলে আৰু পৰৱৰ্তী সময়ত শংকৰজ্যোতি বিজেপি যোগদানৰ আশা বাদ দি কংগ্ৰেছত যোগদানৰ বাবে গৌৰৱ গগৈক অনুৰোধ কৰিছিল আৰু টিকট প্ৰদান কৰিব লাগিব বুলি এক চৰ্ত বান্ধি দিছিল । গৌৰৱ গগৈ আৰু শংকৰজ্যোতি বৰুৱাৰ এই খবৰে দুলিয়াজানত ব্যাপক প্ৰভাব পেলাইছিল কংগ্ৰেছী শিবিৰত লগতে একাংশ নেতা দল ত্যাগৰ হুংকাৰ দিছিল । ধ্ৰুৱ গগৈ কংগ্ৰেছৰ এগৰাকী শক্তিশালী নেতা দুলীয়াজান বিধানসভাৰ গতিকে শংকৰৰ বিজেপি যোগদান কোনো পধ্যে মানি লোৱা নাছিল । ৰাজনীতি সংকটত দেখি শংকৰ পুনৰ কাষ চাপিল হিমন্ত বিশ্ব শৰ্মা শিবিৰৰ ঘনিষ্ঠ নেতাৰ আৰু বান্ধি দিলে যোগদানৰ চৰ্ত । সোণোৱাল শিবিৰৰ বিধায়ক তথা চাহ জনজাতি বিধায়ক টেৰছ গোৱালাক লক্ষ্য কৰি বিকল্প নেতা হিচাপে শংকৰজ্যোতিক বিজেপিক যোগদান কৰালে হিমন্ত বিশ্ব শৰ্মা শিবিৰে ।
উজনি অসমত সোণোৱাল শিবিৰৰ বিজেপি বিধায়কক টিকট কৰ্তন কৰাৰ প্ৰবল সম্ভাৱনা আছে । কাৰণ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ পুনৰ মুখ্যমন্ত্ৰী হব লাগিলে তেওঁ নিজৰ মানুহ বিধায়ক হিচাপে জয়ী কৰাই আনিব লাগিব । সোণোৱাল শিবিৰৰ ঘনিষ্ঠ কোনো বিধায়ক যেন জয়ী হৈ আহিব নোৱাৰে ইয়াৰ প্ৰস্তুতি ব্যপক কৰি তুলিছে হিমন্ত বিশ্ব শৰ্মা লৱীয়ে। বিজেপিৰ ৰাজনীতিত কোনো লবী ৰাজনীতি নাথাকে বুলি কোৱা হয় কিন্তু অসম বিজেপিত বৰ্তমান ৩ টা ভাগত লবী ৰাজনীতি স্পট হৈ পৰিছে । সোণোৱাল শিবিৰৰ নেতাই টিকট কৰ্তনৰ শংকা ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত অনুমান কৰিব পাৰিব আৰু ১৬ ফেব্ৰুৱাৰীৰ পৰা দল ত্যাগ আৰম্ভ কৰিব বিজেপিৰ বিধায়কে। প্ৰাথমিক পৰ্যায়ত টিকট বঞ্চিত প্ৰায় ৩ বিধায়কে দল এৰিবলৈ সাজু হব । দলত্যাগী বিধায়কৰ প্ৰথম পছন্দ বিজেপি বিৰোধী আঞ্চলিক দল। সকলো ঠিকে থাকিলে কম দিনৰ ভিতৰতে উজনিৰ ৰাজনীতিত নিৰ্বাচনৰ পূবে বিজেপি ব্যাপক প্ৰত্যাহ্বানৰ সন্মুখীন হব। এফালে একাংশ বিধায়কৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ আনফালে জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত জনগণৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া ।
