টাই পণ্ডিতে উপৰিপুৰুষক স্মৰণ কৰিবৰ কাৰণে ১০ জন দেৱতাক বান-ফী পৰম্পৰাৰে পূজা-পাতল কৰি বিশ্বশান্তিৰ বাবে কামনা কৰে । মে-ডাম-মে-ফীৰ অৰ্থ হ’ল- ‘মে’ মানে প্রার্থনা, উপাসনা বা পূজা কৰা, ‘ডাম’ মানে মৃতক আৰু ‘ফী’ মানে হ’ল দেও বা দেৱতা ।

টাই আহোমসকলৰ এই ধৰ্মীয় সামাজিক উৎসৱৰ যোগেদি উপৰিপুৰুষ সন্তুষ্ট হৈ স্বৰ্গৰ পৰাই আশীৰ্বাদ প্ৰদান কৰে বুলি বিশ্বাস আছে ।

মে-ডাম-মে-ফীৰ পূজা বিধি

মে-ডাম-মে-ফী ধর্মীয় অনুষ্ঠানতে চাওফী (পূৰ্বপুৰুষসকল) আৰু ‘ডাম চাও-ফী’সকলক পূজা কৰা হয় । টাই পণ্ডিতে দহখনকৈ মেহেঙা পাতি ধূপ-দীপ-নৈৱদ্য, বৰা চাউল, কুকুৰা, কুকুৰা কণী, লোকলাওকে ধৰি অন্যান্য নৈবদ্য অৰ্পণ কৰি দহজনকৈ দেৱতাক পূজা আগবঢ়ায় । এই দহজন দেৱতা হ’ল খাও খাম, আই লেংদিন, জা চিং ফা, জান-চাই-হাং, লেংদন, চিট-লাম-চাম, মুট-কাম টাই-কুম, ডাম চাও ফী, ৰা-খিন, বা-খিন।

স্বদেশ-স্বজাতিৰ মংগল কামনা

টাই এই পৰম্পৰাৰ জৰিয়তে উপৰিপুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্র স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে জন-মিং বা আশীৰ্বাদ বিচৰা হয় ।

মে-ডাম-মে-ফীৰ ইতিহাস

ত্রয়োদশ শতিকাত দক্ষিণ-পূব এছিয়াৰ বৃহৎ টাই জাতিৰ এটা ঠাল টাই আহোমসকল চাওলুং চ্যুকাফাৰ নেতৃত্বত পাটকাই পাৰ হৈ সৌমাৰপীঠত ভৰি দি পিতৃ পূজা অথবা মে-ডাম-মে-ফী পূজা অনুষ্ঠিত কৰিছিল । মে-ডাম-মে-ফী হ’ল উপৰিপুৰুষ মৃতক দেৱতাসকলৰ উদ্দেশ্যে কৰা এক তর্পণ অনুষ্ঠান । মে মানে তর্পণ কৰা, ডাম মানে মৃতকৰ আত্মা আৰু ফী মানে হ’ল মৃতকৰ পৰমাত্মা । এই পৰম্পৰাৰ জৰিয়তে উপৰিপুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্র স্থাপন কৰি নিজৰ আৰু সমাজৰ, দেশৰ মংগলৰ বাবে আশীৰ্বাদ (জন-মিং) কামনা কৰা হয় ।

মে-ডাম-মে-ফীৰ উৎস

মে-ডাম-মে-ফী উৎসৱৰ মূল উৎস প্রাচীন চীনৰ কনফুচিয়াছ ধৰ্মৰ পূৰ্বপুৰুষৰ উপাসনাতত্ত্ব । পিছলৈ টাই জাতিৰ ডাম-ফী পৰম্পৰা হিচাপে পৰিগণিত হয় । বর্তমান সময়ত ৩১ জানুৱাৰীত মে-ডাম-মে-ফী উদযাপন কৰা হয় যদিও অতীতত লাক-নি টাই মাহ ডুন হা (মার্চ-এপ্রিল) ত উদযাপন কৰা হৈছিল । মে-ডাম-মে-ফী টাই আহোম ভাষাৰ শব্দ ।

দহজন দেৱতাৰ পূজা

মে-ডাম-মে-ফীত প্রথম উপৰিপুৰুষ লেংডনক মাজত লৈ মুঠ দহজন (ইয়াৰে দুজন অপদেৱতা) দেৱ-দেৱীক পূজা-অর্চনা কৰা হয় । লেংডন হ’ল আহোমসকলৰ আদি পুৰুষ বা পূর্বপুৰুষ । তেওঁ চাং বংশৰ সম্রাট আছিল আৰু প্রাচীন চীন দেশৰ শাসক আছিল । লেংডনৰ সম্পূৰ্ণ নাম ‘চাই ৰে ফা চাং জম ঙি ৰিং লেংডন’ । তেওঁৰ পিতৃৰ নাম সম্রাট চেং নুঙ । চেং নুঙৰ পুত্ৰৰ নাম হাং-টি আৰু এই হাং-টিয়ে পিছলৈ মৌঙ ফীৰ শাসনভাৰ লাভ কৰি লেংডন নামেৰে পৰিচিত হয় ।

এই লেংডনে তেওঁৰ দুই নাতি- খুন-লুং আৰু খুন-লাইক মুং ৰি মুং ৰামলৈ শাসন কৰিবলৈ পঠোৱাৰ সময়ত য়াচিংফাই (সাহিত্যিক) উপদেশ দিছিল-
“তোমালোকৰ ককা, লেংডনে

মুং ৰি মুং ৰামলৈ শাসন কৰিবলৈ পঠাইছে

যেতিয়া ‘ফিন হা’ মাহ আহিব

পৱিত্ৰ চিনকৰা ফুলবোৰ ফুলিব

তেতিয়া তোমালোকে সেইটো মাহত

দিন এটা ঠিক কৰি তেওঁ আৰু অন্যান্য পূর্বপুৰুষসকলৰ নামত

জীৱ-জন্তু আৰু আন ভাল ভাল বস্তু উছৰ্গা কৰি উপাসনা কৰিবা ।

তেতিয়া লেংডন আৰু অন্যান্য আঠ হাজাৰ

দেউ লগত নামনিলৈ নামি আহি

তোমালোকক আর্শীবাদ কৰিব ।”

অর্থাৎ য়াচিংফাই উপৰিপুৰুষক সন্তুষ্ট কৰিবলৈ বাধা-বিঘিনি, অপায়-অমংগল নাইকিয়া কৰিবলৈ মে-ডাম-মে-ফী, ক্ষ্যেক ফুৰালুং আৰু ৰিক খ্বন পালন কৰিবলৈ উপদেশ দিছিল ।

কি কি আগবঢ়োৱা হয় দেৱতাৰ নামত

এই দহজন দেৱতালৈ বাঁহ আৰু কলথৰুৱাৰে আসন সাজি কেঁচা চাউল, কুকুৰা, মুৰ্গীৰ কণী, সাজপানী, মাকমু (তামোল), ক্রু (নিমখ), কুই (কল), অই (চেনি), নুম চে (গাখীৰ), নাম অই (গুৰ), নাম খুম (দৈ), খাই নুকপেট (হাঁহৰ কণী), চিংকৰা (এবিধ পবিত্র ফুল), চুপ টাও (মুখ ধুবলৈ পানীৰ পাত্র), মাইহাং (বাঁহৰ পাঙ) আদি প্রয়োজন হয় ।

খাও খাম : জলৰ অধিপতিক খাও খাম বুলি কোৱা হয় । মে-ডাম-মে-ফীত এইজন দেৱতাক আগলি কলপাতত প্রসাদ, দুখন থুৰিওৱা তামোল, ১ যোৰ আগগুৰি কটা তামোল-পাণ, হাঁহৰ কণী এটা, লাও দুই ঠোলা, মিঠাতেলৰ চাকি আৰু ধূপ জ্বলাই সেৱা আগবঢ়োৱা হয় ।
আই-লেঙ-দান : পৃথিৱীৰ অধিপতি অথবা বসুমতীক মাইহাং বা মেহেঙা পাতি তিনিভাগ প্রসাদ, তিনিখন থুৰিওৱা তামোল, তিনিটা কুকুৰা কণী, তিনি ঠোলা লাও, এক ঠোলা পানী, দুখন মিঠাতেলৰ চাকি আৰু ধূপ জ্বলাই নৈবদ্য আগবঢ়োৱা হয় । মেহেঙাৰ তলত মাটিত কলপাত পাৰি প্ৰসাদ এভাগ, এখন থুৰিওৱা তামোল, এটা কুকুৰা কণী, লাও এক ঠোলা আগবঢ়াব লাগে ।
ফানুৰু লেংডন : স্বৰ্গৰ অধিপতি বুলি কোৱা হয় । পূজাত মাইহাঙত তিনিভাগ প্রসাদ, দুটা কুকুৰা কণী, তিনিখন থুৰিওৱা তামোল, তিনি ঠোলা লাও, এক ঠোলা পানী, দুখন চাকি জ্বলাব লাগে । আনহাতে, মেহেঙাৰ তলত এভাগ প্রসাদ, এযোৰ তামোল-পাণ, এক ঠোলা লাও, এটা কুকুৰা কণী আগবঢ়াব লাগে ।
খুন খাও লাংকুৰি : ত্রৈলোক্যৰ সৰ্বাধিকৰ্তাৰ কাৰণে মেহেঙাত তিনিভাগ প্রসাদ, তিনিটা কুকুৰা কণী, তিনিখন থুৰিওৱা তামোল, তিনি ঠোলা লাও, তিনি ঠোলা পানী, তিনিখন চাকি জ্বলোৱা হয় । মেহেঙাৰ তলত কলপাতত প্রসাদ এভাগ, এটা কুকুৰা কণী, তামেল-পাণ আগবঢ়োৱা হয় ।
জান-চাই হুং : ত্রৈলোক্যৰ সৰ্বাধিকর্তা বা আদিগুৰু হিচাপে পৰিচিত । পূজাৰ স্থলীত ফানুৰু লেংডনৰ দৰে সামগ্ৰীৰ প্ৰয়োজন হয় ।
তেনেদৰে সপ্তলোকৰ অধিপতিক চিত-লাম-চাম, চন্দ্র-সূৰ্যৰ অধিপতিক মুত্-কুম-ডাই-কুম, বিদ্যাৰ অধিষ্ঠাত্রী দেৱীক জাছিংফা, ৰা-খিন আৰু বা-খিনক বিপদ-বিঘিনি নাশিনী (অপদেৱতা) হিচাপে পূজা-অর্চনা কৰা হয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *